উপকৰণ ৰৌ মাছ ৬/৭ টুকুৰামান। নাৰিকল ৰোকা আধা কাপ, পদিনা শাক এমুঠি, কেঁচা জলকীয়া ২/৩ টা মান, নেমু এফাল, পিয়াঁজ এটা, নহৰু ৩/৪ ফুটামান, নিমখ আন্দাজমতে। প্ৰণালী মাছখিনি নেমুৰ ৰস সানি এঘন্টামান থৈ দিয়ক, বাকী পদিনা, পিঁয়াজ, নহৰু, কেঁচা জলকীয়া আৰু নাৰিকলখিনি মিহিকৈ বটি লওক। এই গোটেই মিশ্ৰণখিনিত নিমখ মিহলাই মাছত সানি লওক। এতিয়া কলপাত সেকি লৈ তাত মাছখিনি ভালদৰে এপিচ এপিচকৈ মেৰিয়াই টেৱা এখন গৰম কৰি তাতে ঢাকোন দি সেকিব। মাজে মাজে লুটিয়াই মাছ সিজিলে নমাই থ’ব। মীনা বৰুৱা।