উপকৰণ মাছ ৫০০ গ্ৰাম। পালেং শাক পাঁচ মুঠি। পিয়াজ ১ টা। বিলাহী ২ টা। কেঁচা জলকীয়া নিমখ-হালধি প্ৰণালী ৰৌমাছ কেইটুকুৰামান ভালকৈ ধুই লৈ তাত হালধি আৰু নিমখ সানি ৰাখক৷ পালেং শাকখিনি ভালকৈ ধুই মিহি মিহিকৈ কাটি লওক৷ ২ টা বিলাহী সৰু সৰুকৈ কাটি লওক৷ পিয়াঁজ এটা কুটি লওক৷ কেচা জলকীয়া দুটা দীঘলে দীঘলে ফালি ৰাখক৷ মাছখিনি গৰম তেলত ৰঙচুৱাকৈ ভাজক৷ এতিয়া মাছখিনি কাঢ়ি থৈ সেই তেলতে পিয়াঁজখিনি দি অলপ সময় ভাজক৷ এতিয়া কাটি থোৱা শাকখিনি তাত দি অলপ সময় লৰাই কম জুইত ঢাকোন মাৰি ৰাখক৷ তাৰ পিছত পালেং শাকখিনিৰ পৰা পানী ওলালে তাত কাটি থোৱা বিলাহী আৰু জলকীয়াৰ লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দিয়ক৷ ২-৩ মিনিটমান কম জুইত ৰখাৰ পিছত পালেংৰ পানীৰ অনুপাত চাই তাৰ লগতে আপোনাৰ প্ৰয়োজন হোৱা গৰম পানীখিনি দিয়াৰ পিছত ভাজি ৰখা মাছ কেইটুকুৰা দি দিয়ক৷ এবাৰ ঢাকোনখন মাৰি উতল আহিলেই নমাই দিয়ক৷ তাৰ পাছত ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰক। গীতাশ্ৰী