উপকৰণ পুৰা কল-মজলীয়া ৪ টা। বেচন- আধা কাপ। পিঁয়াজ-দুটা। আদা কুটা অলপমান। কেঁচা জলকীয়া-দুটা। নিমখ, হালধি, মিঠাতেল আন্দাজমতে। প্ৰস্তুত প্ৰণালী পুৰাকলকেইটা কুকাৰত বইল কৰি বাকলি গুচাই পিটিকি ল’ব। বেচন আধা কাপ লৈ তাত পানী অলপ ঢালি কলৰ লগত মিহলাই ঘোল তৈয়াৰ কৰিব। পিঁয়াজ কুটা, আদা কুটা, জলকীয়া কুটা, হালধি আৰু নিমখ (আন্দাজমতে) ঘোলত মিহলাই দিব। কেৰাহী এখনত মিঠাতেল দি সৰু চামুচেৰে এচামুচকৈ ফুলৰিবোৰ অলপ সময় ৰঙচুৱা হোৱাকৈ ভাজিব। সন্ধিয়া ফিকা চাহৰ লগত পৰিৱেশন কৰিব। লেখিকা: শিল্পীকা ৰাজগুৰু।