উপকৰণ বন্ধাকবি – ১ টা ডাঙৰ মাছৰ মূৰ – ১ টা হালধি, জিৰা বটা, জলকীয়া, পিঁয়াজ বটা, নিমখ, চেনি, তেল আৰু গৰম মছলা প্ৰয়োজন মতে। প্ৰস্তুতি বন্ধাকবিটো ধুই সৰু সৰু কৰি কাটি অলপ সিজাই ল’ব। মাছৰ মূৰটো সৰু সৰু কৰি কাটি ভালদৰে ধুই নিমখ-হালধি সানি তেলত ভাজি ল’ব। কেৰাহিত তেল গৰম কৰি আটাইখিনি মছলা দি বন্ধাকবিখিনি দি দিব। মাছৰ ভজা মূৰখিনিও তাতে দি ভালদৰে লৰাই ঢাকি দিব। যেতিয়া ডাঠ হৈ আহিব তেতিয়া গৰম মছলা দি নমাই থ’ব। প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী