উপকৰণ ১) বৰাচাউল একাপ, ২) গাখীৰ আধা লিটাৰ, ৩) গুৰ আধা কাপ, ৪) ইলাচিগুৰি আধা চামুচ। প্ৰণালী বৰাচাউলখিনি দুই/তিনি ঘন্টামান পানীত তিয়াই থ’ব। পিছত পানীৰ পৰা টুকি এটা পাত্ৰত বৰাচাউলখিনিৰ লগত গুৰখিনি মিহিকৈ কাটি ভালদৰে মিলাব, এতিয়া ইয়াৰ ওপৰত গৰম কৰি লোৱা গাখীৰখিনি অলপ অলপকৈ দি মিলাব। চাব লাগে যাতে চাউলখিনি গাখীৰত ডুব গৈ থাকে। এতিয়া ওপৰত ইলাচি গুড়ি ছটিয়াই অ’ভেনত ৩০ মিনিট বেক্ কৰিব। পিছত অ’ভেনৰ পৰা নমাই ক্ৰীম দি এই বেক্ জলপান খাব পাৰি। লেখিকা: মীনা বৰুৱা।