উপকৰণ কাৱৈ মাছ আঠটা (মজলীয়া আকৃতিৰ) সৰিয়হৰ তেল আধা কাপ হালধি পাউদাৰ আধা চাহ চামুচ আদা, নহৰু পিয়াঁজ একাপ (মিহিকৈ পিচি ল’ব) কেঁচা জলকীয়া ছয়-সাতটা সৰিয়হ এক টেবুল চামুচ (মিহিকৈ পিচি ল’ব) নিমখ সোৱাদ অনুযায়ী। প্ৰণালী এটা পাত্ৰত মাছকেইটাৰ সৈতে সৰিয়হ তেল, আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, নিমখ হালধি, গোটেইখিনি সানি লৈ আধা কাপ পানীৰে সৈতে প্ৰেচাৰ কুকাৰত বহাই দিয়ক। পাত্ৰটো প্ৰেচাৰ কুকাৰৰ ভিতৰত বহাই দিওঁতে মন কৰিব যাতে পাত্ৰটোৰ তলত জোখমতে পানী থাকে। প্ৰেচাৰৰ হুইচেল দুটামান অহাৰ পিছত গেছৰ পৰা নমাই গৰমে গৰমে ভাতৰ সৈতে পৰিৱেশ কৰক। লেখিকা: মধুস্মিতা চক্ৰৱৰ্ত্তী।