৪ জনৰ বাবে বা ৪টা মজলীয়া আকাৰৰ পাইৰ বাবে

সামগ্ৰী

পাইৰ বাহিৰৰ অংশৰ বাবে

১) ময়দা- ৩০০ গ্ৰাম

২) মাখন বা ঘিঁ-১৫০গ্ৰাম

৩) ফ্ৰীজৰ ঠাণ্ডা পানী- ময়দা সানিবৰ জোখাৰে

৪) নিমখ- এচিকুট

পাইৰ ভিতৰৰ অংশৰ বাবে

১) গাজৰ(সৰু সৰু টুকুৰাকৈ কটা)- আধা কাপ

২) মটৰ- আধা কাপ

৩) ফুলকবি (সৰু টুকুৰাকৈ কটা)- আধা কাপ

৪) ফ্ৰেঞ্চ বিন(সৰু টুকুৰাকৈ কটা)- আধা কাপ

৫) পিয়াজ পাত (সৰু টুকুৰাকৈ কটা)- আধা কাপ

৬) পিয়াজ (সৰু টুকুৰাকৈ কটা)- আধা কাপ

৭) ময়দা- ২ টেবুল চামুচ

৮) জালুক-২ চামুচ

৯) গাখীৰ- আধা কাপ

১০) নিমখ- সোৱাদ অনুযায়ী

১১) মাখন- ১ টেবুল চামুচ

১২) কণী- এটা

প্ৰস্তুত প্ৰণালী:

১) প্ৰথমে ময়দাখিনিত নিমখ আৰু মাখনখিনি ভালদৰে মিহলাই লওক। বৰফৰ দৰে ঠাণ্ডা পানীৰে এতিয়া ৰুটি মৰাৰ দৰে মাৰি লওক। কিন্তু ইয়াক খুব বেছিকৈ নমথিব। বেলিব পৰাকৈ সানি ললেই হ’ব। মৰা ময়দাখিনিৰ লডাটো ফ্ৰীজত অলপ সময় ভৰাই থওক।

২) সেইখিনি সময়তে পাইৰ ভিতৰৰ ভাজিখিনি তৈয়াৰ কৰি লওক। প্ৰথমে কেৰাহীত অকণমান মাখন দি ময়দা আধাকাপ শুকানকৈ ভাজক। অকণমান সময় ভাজি তাত নিমখ আৰু জালুক আৰু গাখীৰ আধাকাপ দি ভালদৰে লৰাওক যাতে লডা নাবান্ধে।

৩) ওপৰৰ ময়দাৰ পনীয়া লুথুৰীখিনি বা হোৱাইট চচখিনি বেলেগে ৰাখক।

৪) এইবাৰ আন এখন কেৰাহীত ১ টেবুল চামোচ মাখন দি পিয়াজখিনি ভাজি লওক। তাৰ পাছত সকলোখিনি পাচলি আৰু নিমখ দি মাজে মাজে লৰাই ভাজি থাকক। ভাজিখিনি আধাসিজা হ’লে তাত ময়দাৰ লুথুৰীখিনি আৰু লগতে অলপ জালুক দি আৰু অলপ পৰ ভাজক। ভাজিখন ভালদৰে ডাঠ হ’লে নমাই থওক।

৫) এতিয়া ময়দাৰ লাডুটো উলিয়াই এটা পাইৰ বাবে দুখনকৈ মুঠ আঁঠখন ৰুটি বেলক।

৬) বেক কৰিব পৰা বাতি এটাত প্ৰথমে তলত এখন ৰুটি ভালদৰে ভাজে ভাজে ৰাখক। তাৰ ভিতৰত ভাজিখিনি দি আনখন ৰুটিৰে ঢাকি চাৰিওকাষে ভালদৰে দুয়োখন ৰুটি আঙুলিৰে টেপা মাৰি মাৰি জোৰা লগাওক।

৭) বেক কৰোঁতে ওপৰেদি জলীয় বাষ্প ওলাবৰ বাবে কটাৰীৰ আগটোৰে অকণ অকণ ফুটা কৰি দিয়ক। কাষৰ পৰা টানোতে ৰৈ যোৱা ৰুটিৰ টুকুৰাৰে ওপৰত নিজৰ ইচ্ছাৰে কিবা ডিজাইনো দিব পাৰে।

৮) এনেকৈ আটাইকেইটা পাই সাজি লওক।

৯) বাতি এটাত এটা কণী অলপ ফেটি লওক।

১০) এতিয়া পাইকেইটাৰ ওপৰত ব্ৰাচেৰে ভালদৰে কণী অলপ অলপ সানি লওক।

১১) ২০০ ডিগ্ৰী চেন্টিগ্ৰেডত ১০-১৫ মিনিট অভেনত বেক কৰক।

১২) গৰমে গৰমে পৰিৱেশন কৰক।

লেখিকা: বৰ্ণালী বৰুৱা