উপকৰণ আধা কেজি ভেণ্ডি এচামুচ জিৰা দুচামুচ জিৰাগুৰি আধা চামুচ জলকীয়া গুৰি তেল, নিমখ, হালধি জোখমতে। পদ্ধতি ভেণ্ডিখিনি ভালকৈ ধুই পানী মচি দুই ইঞ্চি জোখত গোটে গোটে কাটি লওক। জিৰাগুৰি, নিমখ, হালধি আৰু জলকীয়া গুৰিখিনি কটা ভেণ্ডিৰ সৈতে ভালদৰে সানি লওক। কেৰাহীত তেল দি গৰম হ’লে জুই কমাই গোটা জিৰা কেইটা ফোৰণ দি ভেণ্ডিখিনি ঢালি দিয়ক। ভালদৰে লৰাই সামান্য পানী ছটিয়াই ঢাকোন মাৰি দিয়ক। মাজে মাজে লৰাই থাকক। পানী একেবাৰে শুকাই গ’লে যদিহে ভেণ্ডিখিনি নিসিজে তেন্তে পুনৰ সামান্য পানী দি ঢাকোন মাৰি থওক। চাব যাতে পাচলিখিনি কেৰাহীত লাগি নধৰে। ঢাকোন গুচাই ভালদৰে লৰাই নমাই থওক। লেখিকা: ধনদা বৰুৱা।