উপকৰণ ডাঙৰ ভাঙোন মাছ ছয়টা, মগজ ডাঙৰ চামুচেৰে দুই চামুচ, ডাঙৰ পিঁয়াজ দুটা, নহৰু এটা, আদা সৰু এটুকুৰা, নিমখ ৰুচি মতে, চেনি সামান্য, হালধি অলপ, গৰম মছলা এক চাহ চামুচ, তেল জোখ মতে। প্ৰণালী মাছ পৰিষ্কাৰ কৰি ধুই নিমখ হালধি সানি ল’ব। পিঁয়াজ-নহৰু-আদা-জলকীয়া বটি ল’ব। কেৰাহীত তেল গৰম কৰি মাছ ভাজি উঠাই ৰাখিব। সেই তেলতে মছলাখিনি ভাজি মগজ বটা দি ভাজিব। কেঁচা জলকীয়া বটা দুই চামুচ চ’চ দি ভাজিব, জুই কমাই মছলাৰ গোন্ধ ওলালে ডেৰ কাপ পানী দি উতলিব দিব। নিমখ আৰু চেনি দি ভালকৈ উতলিলে মাছ দিব। মাছত মছলা লাগি ধৰিলে গৰম মছলা ধনিয়া পাত কুটা দি নমাই থ’ব। উৎস: অসম বাণী।