উপকৰণ ডাঙৰ মাছ ১০ টুকুৰা, তেল তিনি কাপ, কাজু আধা কাপ (মিহিকৈ পিচি ল’ব) আফুগুটি আধা টেবুল চামুচ (মিহিকৈ পিচি ল’ব) জীৰা আৰু ধনিয়া বটা দুই চাহ চামুচ গৰম মচলা এক চাহ চামুচ, টমেট’চচ আধা কাপ, চয়া চচ আধা টেবুল চামুচ, জলকীয়া বটা আধা টেবুল চামুচ, আদা আৰু নহৰু বটা আধা কাপ, পিয়াঁজ একাপ (মিহিকৈ কুটি ল’ব) গাখীৰ দুকাপ, নিমখ আৰু হালধি প্ৰয়োজন অনুসৰি প্ৰণালী নিমখ আৰু হালধি সানি মাছ কেইটুকুৰা প্ৰথমতে ভালদৰে ভাজি লওক। ভজা হৈ যোৱাৰ পিছত ৰৈ যোৱা তেলখিনিত প্ৰথমতে অকণমান হালধি দিয়ক। এতিয়া পিঁয়াজখিনি কিছু ৰঙচুৱা হোৱাকৈ ভাজি লওক। কাজু বটা, মগজ বটা, আফুগুটি বটা, জীৰা-ধনিয়া বটা, জলকীয়া বটা, আদা-নহৰু বটাখিনি অকণমান পানী ছটিয়াই ৰঙচুৱা হোৱাকৈ ভাজি লওক। ভাজি থাকোতে আধা চামুচ চেনি দিয়ক। বাদামী বৰণ ল’বলৈ ধৰিলে টমেট’ চচ আৰু আৰু চয়াচচখিনিও দি লৰাই থাকক। কিছু সময় পিছত গাখীৰখিনি ঢালি দিয়ক। উতলি অহা যেন হ’লে দুই মিনিট পিছত মাছকেইটুকুৰা তাত পেলাই দি জোখমতে পানী দি ঢাকনি মাৰি গেছটো চিমত থৈ দিয়ক। যেতিয়া লাহে লাহে মাছৰ জোলখন ঘন হৈ আহিব তেতিয়া গৰম মচলাৰ গুড়িখিনি দি দিয়ক। আধা কাপ পানী দি পুনৰ মাছৰ জোলখন উতলিবলৈ দিয়ক। উতল আহিলে গৰমে গৰমে সোৱাদ লওক। লেখিকা: মধুস্মিতা চক্ৰৱৰ্ত্তী, দৈনিক অসম।