উপকৰণ ৰৌ মাছ আধা কিলো জহা চাউল আধা কিলো কণী চাৰিটা আলু চাৰিটা, বিলাহী তিনিটা জীৰা এচামুচ কেঁচা জলকীয়া চাৰিটা পিঁয়াজ দুটা নহৰু ৪/৫ ফুটামান ঘিউ দুচামুচ নিমখ আন্দাজমতে প্ৰণালী মাছখিনি সিজাই কাঁইটখিনি উলিয়াই ল’ব। কণী, আলু সিজাই লৈ টুকুৰাকৈ কাটি ল’ব। বিলাহী সিজই ৰস উলিয়াই ল’ব। জীৰা, জলকীয়া, নহৰু আৰু এটা পিয়াজ বটি ল’ব। এতিয়া চচপেনত ঘিউ গৰম কৰি এটা পিয়াজ মিহিকৈ কাটি ৰঙচুৱাকৈ ভাজি ল’ব। তাতে চাউলখিনি ঢালি দিব। ৰঙচুৱা হ’লে পানী দিব। চাউল সিজিলে বটি থোৱা মছলা, বিলাহীৰ ৰস, নিমখ আৰু মাছখিনি দি জুই কমাই লাহে লাহে ভাজিব। চচপেনত ঢাকনি দি অভেনত ভাতখিনি শুকান নোহোৱালৈকে বেক কৰক। বিৰিয়ানী হ’লে কণী আৰু আলু দি ওপৰত সজাই দি পৰিৱেশন কৰিব। মীনা বৰুৱা।