উপকৰণ ঘৰুৱা কুকুৰা-১ কেজি, মঙহাল লাইপাত-১০ খিলা, আলু-২ টা, পিয়াঁজ-৩ টা, আদা কুটা-৪ চামুচ, নহৰু-২ টা, কেঁচা জলকীয়া-২ টা, ধনিয়া গুড়ি- ২ চামুচ, জিৰা- ২ চামুচ, বগা সৰিয়হ- ১ চামুচ, গুৱামৰি- ১ চামুচ, জালুকৰ গুড়ি- ২ চামুচ, মিঠাতেল, হালধি, নিমখ- প্ৰয়োজন অনুসৰি, মিহিকৈ কুটা ধনিয়া পাত-এমুঠি। প্ৰস্তুত প্ৰণালী কেৰাহীত তেল গৰম হবলৈ দিয়ক। পিয়াঁজকেইটা মিহিকৈ কুটি গৰম তেলত সামান্য ভাজক। কুকুৰাৰ মাংস আৰু আলুকেইটা সৰু সৰু টুকুৰা কৰি কেৰাহীত দিয়ক। আদা কুটাখিনি দিয়ক। নহৰু থেতেলাই দিয়ক। ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ আৰু হালধি দিয়ক। কেঁচা জলকীয়াকেইটাও কুটি দিয়ক। কেঁচা জলকীয়াকেইটাও কুটি দিয়ক। সৰিয়হ আৰু গুৱামৰিখিনিও মিক্সি কৰি মাংসত দিয়ক। সকলোখিনি সামগ্ৰী ভালদৰে মিহলি কৰি পাঁচ মিনিট লৰাই ভাজক। ঢাকোন দি জুই কমাই ৰাখক। মাংস যেতিয়া কেৰাহীত লাগি লাগি ধৰা যেন হ’ব, সামান্য পানী ছটিয়াই পুনৰ ভাজক। মাংস সম্পূৰ্ণ সিজিলে লাইপাত খিনি এক আঙুল জোখত হাতেৰে ছিঙি ছিঙি দিয়ক। জালুকৰ গুড়ি ছটিয়াই কিছু সময় ঢাকোন দিয়ক। লাইপাত সিজিলে কুটা ধনিয়া দি গৰম জহা চাউলৰ ভাতৰ লগত পৰিৱেশন কৰক। লেখিকা: কৰবী গগৈ শৰ্মা, সম্ভাৰ।