উপকৰণ মিহিকৈ কটা শুকলতি, একাপ ভাত বা খুদ চাউল, খাৰ আন্দাজমতে, মিঠাতেল ২ টেবুল চামুচ, নিমখ আন্দাজমতে, কেঁচা জলকীয়া ২টা মান। শাকখিনি মিহিকৈ কাটি অকণমান মিঠাতেল গৰম কৰি নিমখ, হালধি অকণমান দি ভাজিলেই হ’ল। গৰমে গৰমে তপত ভাতৰ লগত খালে শুকনিৰ কাম কৰে বুলি আইতা সকলে আগতে প্ৰসূতিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰণালী কেৰাহীখন তপতাই এচামুচ সৰিয়হ তেল দি শাকখিনি বহাই দিয়ক। অলপ লৰাই ভাতত খুদ চাউলখিনি দি নিমখ আৰু মাৰপানী দি ঢাকি দিব লাগে। সিজা যেন হ’লে, কেঁচা জলকীয়া আৰু কেঁচা তেল দি গৰম ভাতৰ লগত পৰিবেশন কৰক। এইদৰে খালে অৰুচি দূৰ হয়, ভোক বাঢ়ে। উৎস: বিকাশপেডিয়া।