উপকৰণ জাতিলাউ-এফাল নহৰু-৪-৫ ফোটা বগা বা ক’লা সৰিয়হ- ১ টেবুল চামুচ মিঠাতেল- ২ চামুচ, নিমখ, হালধি। কেঁচা জলকীয়া- ৩ টা প্ৰস্তুত প্ৰণালী জাতিলাউ টুকুৰা পিহনাত পিহি ল’ব। নহৰু কেইফোটা থেতেলিয়াই বা মিহিকৈ কুটি ল’ব। কেৰাহীত তেল গৰম কৰি সৰিয়হকেইটা ফুটিবলৈ দিব। সৰিয়হ ফুটিবলৈ ধৰিলেই নহৰুখিনি দি দিব। সৰিয়হ ফুটি শেষ হওঁতেই পিহি থোৱা জাতিলাউখিনি দি লৰাই ল’ব। জোখমতে নিমখ-হালধি দি লৰাই ঢাকোন লগাই দিব। মাজে মাজে লৰাই থাকিব। খুব কম সময়তে জাতিলাউ সিজি আহিব। তেতিয়া কেঁচা জলকীয়াকেইটা মাজেৰে ফালি ওপৰত দি ঢাকোন লগাই দিব। জলকীয়াৰ সুন্দৰ গোন্ধ ওলাই আহিলে জুই বন্ধ কৰিব। অলপ বুঢ়া হৈ যোৱা জাতিলাউটোও এনেদৰে ৰান্ধি খাব পাৰি। সকলো অৱস্থাতে খাব পৰা জাতিলাউৰ এই ভাজিখন ৰান্ধিবলৈ সময়ো খুব কম লাগে। উৎস: সম্ভাৰ।