মাছবোৰ যিমানেই কাইঁটীয়া হয় খাবলৈ হেনো সিমানেই মিঠা হয়। তাতে চিটলৰ কথাই নাই। ইয়াৰ কোলঠিৰ দীঘল দীঘল কাঁইটবোৰৰ মাজে মাজে সোমাই থকা মচলা বা টেঙা জাতীয় জোলকণ চুপি চুপি খোৱাৰ মজাই বেলেগ। এবিধ তেনেই সহজ চিটলৰ ৰেচিপি আপোনালোকলৈ মাছৰ কোলঠি : দুচকল সৰিয়হ : আধাকাপ (পটাত বটি লব) ডাঙৰ পিঁয়াজ : দুটা (মিহি কৈ কাটি লব ) নহৰু বটা : আধা চামুচ কেঁচা জলকীয়া : ৪-৫ টা (ফালি লব ) নিমখ -হালধী : সোৱাদ অনুসৰি মিঠাতেল : ৬০মি. লি . ধনিয়া /মানধনিয়া : কেইখিলামান (মিহিকৈ কাটি লব ) পানী : দুকাপ মাছখিনি ভালদৰে ধুই নিমখ হালধী সানি লব। এতিয়া এটা কেৰাহীত তেলখিনি গৰম হবলৈ দিয়ক। গৰম হলে মাছখিনি দি ৰঙচুৱাকৈ ভাজি লব। বাকী থকা তেলখিনিতে পিঁয়াজখিনি দি বাদামী হোৱাকৈ ভাজক। তাৰপাছত ক্ৰমে সৰিয়হ বটা, নহৰু বটা আৰু জলকীয়া কেইটা দি কমজুইত অলপ সময় ভাজক। এতিয়া পানী খিনি দি জুইকুৰা বঢ়াই দিয়ক আৰু নিমখ হালধী দি উতলিবলৈ দিয়ক। উতল আহিলে মাছ দুচকল দিয়ক। সদৌশেষত ধনিয়াখিনি দিব আৰু পাগ আহিলে নমাই থব। লেখিকা: ৰুবী বৰদলৈ।