উপকৰণ তিনি-চাৰি টুকুৰা ৰৌমাছ (পেটৰ ফালৰ), ৰোকি লোৱা পিঁয়াজ এচামুচ, দুই-তিনিটা ডাঙৰ পিঁয়াজ, গৰম মছলা অলপ, নিমখ জালুক জোখমতে, ময়দা দুই চামুচ। প্ৰণালী প্ৰথমে মাছখিনি পানীত সিজাই ল’ব আৰু কাঁইট গুচাই ল’ব। এতিয়া মাছখিনিত ৰোকা পিঁয়াজ, গৰম মছলা আৰু নিমখ সানি ল’ব। ডাঙৰ পিঁয়াজকেইটা বাকলি গুচাই গোল গোলকৈ কাটি লৈ ৰিং-ৰিং কৰি ল’ব। এতিয়া সানি লোৱা মাছখিনি সেই ৰিঙত লগাই লৈ আধা ঘণ্টামান ফ্ৰীজত থৈ দিব। ভাজিবলৈ লোৱাৰ আগেয়ে অলপ ময়দা ছটিয়াই লৈ ডীপ ফ্ৰাই কৰিব। উৎস: অসম বাণী।