উপকৰণ ডেৰ কাপ ৰাজমাহ চাৰি-পাঁচটা মান মজলীয়া জোখৰ বিলাহী ৩ টা মজলীয়া পিয়াজ দুচামুচ আদা-নহৰু বটা আধা চামুচ ৰঙা জলকীয়া গুৰি দুচামুচ জিৰাগুৰি এচামুচ জিৰা অলপমান ধনিয়াপাত তেল, নিমখ, হালধি জোখমতে। পদ্ধতি ৰাজমাহখিনি আগদিনা ৰাতি তিয়াই থওক নহ’লে কেইঘন্টামান পানীত তিয়াই কোমল কৰি লওক। বিলাহী, পিয়াজ, ধনিয়াপাত থৈ দিয়ক। প্ৰেছাৰ কুকাৰত পানী আৰু ৰাজমাহখিনি দি দহ পোন্ধৰ মিনিটমান সিজাই নমাই থওক। কুকাৰটো ঠাণ্ডা হ’লে ঢাকনি গুচাই চাওক পানী কিমান আছে। বেছি থাকিলে পুনৰ জুইত বহুৱাই পানীখিনি শুকুৱাই পেলাওক। এতিয়া বিলাহীৰ গ্ৰেভী তৈয়াৰ কৰক। ইয়াৰ বাবে জুইত কেৰাহী এখন বহাই তেল দিয়ক। তেল গৰম হ’লে জুই কমাই গোটা জিৰা কেইটা ফোৰণ দিয়ক। গোন্ধ ওলোৱাৰ পিছত কটা পিয়াজখিনি দি মজলীয়া ভাপত ভাজক। পিয়াজখিনি ৰঙচুৱা হ’লে জিৰাগুৰি, জলকীয়াগুৰি, আদা-নহৰু বটাখিনি দি কম জুইত অলপ সময় ভাজি লওক। এতিয়া কটা বিলাহীখিনি ঢালি দি নিমখ-হালধি দি পেলাই ভালদৰে লৰাই কম জুইত ঢাকোন মাৰি থওক। মাজে মাজে ঢাকোন খুলি লৰাই থাকক, যেতিয়ালৈকে বিলাহীখিনি সম্পূৰ্ণ গলি নাযায়। বিলাহী আৰু মছলাৰ পৰা তেল পৃথক হৈ পৰিলে ৰাজমাহখিনি তাত ঢালি দিয়ক। সঘনে লৰাওক। গোটেইখিনি উপকৰণ সমানে মিহলি হৈ পৰিলে নমাই থৈ ধনিয়াপাত ছটিয়াই খাবলৈ দিয়ক। লেখিকা: ধনদা বৰুৱা।