আচাৰ আৰু মুখৰোচক খাদ্য : বিভিন্ন ঋতুকালীন সামগ্ৰীক বছৰ বছৰৰ বাবে সংৰক্ষণ কৰি ৰাখিব পৰা আন এক পদ্ধতি হৈছে আচাৰ৷ আচাৰ ৰাসায়নিক আৰু প্ৰাকৃতিক দুই ধৰণেৰে প্ৰস্তুত কৰিব পাৰি৷ অসমীয়া মহিলাসকলে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে আচাৰ প্ৰস্তুত কৰে৷ আম, কঁঠাল, বগৰী, কৰদৈ, নেমু, জলকীয়া, জলফাই, অমৰা, আমলখিৰ আচাৰ খাবলৈ বৰ সোৱাদ৷ এই আটাইবোৰ আচাৰৰ প্ৰস্তুত প্ৰণালী সুকীয়া সুকীয়া৷ থলুৱাভাৱে প্ৰস্তুত কৰা আচাৰ ভালে ৰাখিবলৈ কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয়৷ নিমখ, মিঠাতেল, চেনি এইবোৰ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ খাদ্য সংৰক্ষক৷ নিমখ আৰু মিঠাতেল এই দুবিধ বস্তু ব্যৱহাৰ কৰি আচাৰ প্ৰস্তুত কৰা হয়৷ চেনি বা গুৰ ব্যৱহাৰ কৰি জলফাই, বগৰী, টেঙামৰাৰ গুটি আদিৰ মিঠা আচাৰ প্ৰস্তুত কৰা হয়৷ এনেদৰে প্ৰস্তুত কৰা আচাৰ মাজে মাজে ৰ’দত দিব লাগে৷ আচাৰে খোৱা খাদ্য সাজ সুস্বাদু কৰি তোলে৷ প্ৰতি ঘৰ অসমীয়া মানুহৰ বাৰীত শিলিখা, অমৰা, আমলখি পোৱা যায়৷ এই কেইবিধ মুখৰোচক খাদ্যও ৰ’দত শুকুৱাই সংৰণক্ষ কৰা হয়৷ কেইবাদিনো নিমখত তিয়াই ৰাখি বা নিমখ দি জুইত সিজাই ৰ’দত দি শুকুৱাই ৰাখিলে বহু দিনলৈকে ভালে থাকে৷ শিলিখাৰ খাদ্য গুণ- শুকান শিলিখা শিলিখাৰ বহুতো ঔষধি গুণ আছে৷ শিলিখাই বিভিন্ন ৰোগ নিৰাময়ত সহায় কৰে৷ ক) এলাৰ্জীৰ বাবে শিলিখা অতি উপকাৰী৷ খ) দাঁতৰ বিষ হ’লে শিলিখাৰ গুডি. লগালে ভাল হয়৷ গ) শিলিখাই কৌষ্ঠকাঠিন্য দূৰ কৰে৷ ঘ) শৰীৰৰ অপ্ৰয়োজনীয় আৰু বজ্য পদাৰ্থবোৰ শৰীৰৰ পৰা নিষ্কাষণ কৰি শৰীৰটোক প্ৰাকৃতিকভাৱে সুস্থ কৰি ৰাখে৷ ঙ) ডিঙিৰ তনচিল আদি ৰোগ নিৰাময়তো সহায় কৰে৷ চ) নিয়মীয়াকৈ শিলিখা খালে কফ নহয়৷ আমলখিৰ খাদ্যগুণ : কেঁচা আমলখি আমলখি এবিধ কেহা ফল৷ আমলখিৰ ঔষধি গুণ সম্পৰ্কে কম-বেছি পৰিমাণে আমি সকলো জ্ঞাত৷ আমলখিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ আমলখি আঁহযুক্ত৷ পেটৰ সমস্যাজনিত ৰোগ নিৰাময় কৰাত আমলখি অতি গুৰুত্বপূৰ্ণ৷ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে৷ দুই/চাৰিটা আমলখিৰ ৰসৰ লগত মৌ মিহলাই খালে ফল পোৱা যায়৷ চুলিৰ বাবেও আমলখিৰ ৰস অতি উত্তম৷ চুলি সৰাৰ পৰা উপশম পাবলৈ হ’লে আমলখিৰ ৰস উলিয়াই দুই-তিনি ঘণ্টা চুলিত লগাই ৰাখিব লাগে৷ দিনে চাৰি-পাঁচটা আমলখি খালে শৰীৰৰ অতিৰিক্ত চবী কমে৷