কোমল চাউল অসমীয়া মানুহে খোৱা এবিধ লঘু আহাৰ হৈছে— জলপান। জলপান কেইবাবিধো আছে। যেনে- কোমল চাউল, বৰা চাউল, সান্দহ গুৰি, পিঠাগুৰি, চিৰা-মুৰি, আখৈ, হুৰুম, ভজা চাউল আদি। ইয়াৰ ভিতৰত এবিধ অতি সোৱাদ লগা জলপান হৈছে কোমল চাউল। অসমীয়া সমাজৰ সামাজিক অনুষ্ঠান বিয়া-বাৰু, সকাম-শ্ৰাদ্ধ আদিত কোমল চাউল জলপানৰ এক সুকীয়া মৰ্যাদা আছে। বিহু সংক্ৰান্তি বা এনেও ঘৰত পূৱাৰ আহাৰ হিচাপে কোমল চাউল খোৱা হয়। প্ৰস্তুত প্ৰণালী ১. কোমল চাউল প্রস্তুত কৰিবলৈ বৰা আৰু চকোৱা দুয়োবিধ চাউলেই ব্যৱহাৰ কৰা হয়। এই দুইবিধৰ ভিতৰত চকোৱা ধানৰ কোমল চাউল খাবলৈ ভাল। ২. পতান নথকা ধান পানীত তলযোৱাকৈ আগদিনাই কেৰাহী বা থালীত তিয়াই থোৱা হয়। ৩. পিছদিনা সেই ধানখিনি ফাট মেলাকৈ দপদপীয়া জুইত উখাব লাগে। ৪. আৰৈমুৰীয়া নহ'বলৈ সিজাই থকা ধানখিনি মাজে সময়ে লৰাই থকা ভাল। ৫. ধান ফটাৰ পিছত থালীৰপৰা ধানবোৰ কাঠৰ হেঁতাৰে পাচিত কাঢ়ি লৈ পানীখিনি নিগৰিবলৈ ৰথা হয়। ৬. পানী নিগৰাৰ পিছত ঢাৰি বা ডাঙৰ ডলা চোতালত পাৰি পাতলকৈ মেলি টান ৰ'দত শুকুৱাব লাগে। ৭. ভালকৈ শুকাবলৈ ঢাৰিৰ ধানখিনি ঘনাই লৰাই থকা প্রয়োজন। ৮. একে ৰ'দে শুকোৱা ধানৰ চাউল সোনকালে পানীত কোমলে, খাবলৈ সোৱাদ হয়। ৯. শুকোৱা ধান ঢেঁকীত বানিলেই কোমল চাউল প্রস্তুত হয়। খোৱাৰ উপযোগী খোৱাৰ উপযোগী কৰিবলৈ খোৱাৰ জোখাৰে চাউলখিনি পানীত তিয়াই টুকিব লাগে। কাঁহৰ বাটিত দৈ আৰু জুলীয়া গুড়েৰে আলহী-অতিথিক আপ্যায়ন কৰাৰ লগতে নিজেও খাই অসমীয়া লোকে তৃপ্তি পায়। কোনো কোনোরে কোমল চাউল কেৰাহীত ভাজি, ঢেঁকীত খুন্দি সান্দহৰ দৰে গুড়ি কৰিও খায়। আগৰ দিনত অসমীয়া লোক দূৰ-দূৰণিলৈ গ'লে কোমল চাউল আৰু কলৰ টোপোলা এটি বান্ধি লৈ গৈছিল। কামৰূপত কোমল চাউল বোকা চাউল বুলি কয়। উজনি অসমত কোমল চাউল নামেৰে পৰিচিত সামগ্রীবিধ নামনি অসমত বোকা চাউল নামেৰে জনাজাত। অসমৰ কোমল চাউলে GI টেগ লাভ কৰিছে। অসমৰ কোমল চাউলে GI লাভ কৰাৰ পাছত সকলোৰে দৃ্ষ্টি আকর্ষণ কৰিছে। কোমল চাউলৰ ব্যৱসায়িক দিশটোলৈ লক্ষ্য ৰাখিলে কৃষক তথা ৰাজ্যৰ অর্থনীতি সবল হোৱাৰ পূর্ণ সম্ভাৱনা আছে ।