পৃথিৱীৰ আন ঠাইৰ দৰে অসমতো নিচুকনি গীতৰ প্ৰচলন অতীজৰে পৰা হৈ আহিছে৷ শিশুক নিচুকাবলৈ সৃষ্টি হোৱা এইবোৰ গীতৰ মাজেৰে শিশুৰ মনৰ কল্পনা মাতৃ হৃদয়ৰ অভিব্যক্তি, আশা-আকাংক্ষা, মৰম-চেনেহ আৰু কৃষিজীৱী মানুহৰ সৰু সৰু সপোন তথা হা-হুতাশবোৰৰ চিত্ৰ দেখা পোৱা যায়৷ কল্পনা শক্তিৰ মায়া জালেৰে আবৃত এই গীতবোৰে শিশুসকলক অনুসন্ধিৎসুপ্ৰৱণ কৰি তোলে৷ অসমীয়া নিচুকনি গীতৰ উদাহৰণ----- আমাৰে মইনা শুব এবাৰীতে বগৰী ৰুব এবাৰীৰে বগৰী পকি সৰি যাবআমাৰে মইনাই বুটলি খাব ৷শিয়ালী এ নাহিবি ৰাতিতোৰে কাণ কাটি লগামে বাতিশিয়ালীৰ মুৰতে মৰুৱা ফুলশিয়ালী পালেগৈ ৰতনপুৰ=============== অসমৰ বিভিন্ন জাতি জনজাতিৰ মাজতো নিচুকনি গীতৰ প্ৰচলন দেখা পোৱা যায়৷ তলত দুটামান উদাহৰণ উল্লেখ কৰা হ’ল- ফেচুদোলা, মামাথেৰ বাৰীক গেলাআম খালা, কাঠাল খালামামাথেৰ ঘৰোত কি পালা?মাইমে বোলে চিঃ চিঃ ভাগিন আইছি বইহবা দিনেদো পিৰা বহক মাটিত, কাঠপিপৰাই কামৰক কটিত৷ফেচুদোলা, মামাথেৰ বাৰীক গেলাফুল দেখি চমাক খালাফুলোক লাগি মেললা হাতফুল গেল ওঠৰ হাত৷ (নলবাৰী জিলা)================ আহ আহ জোন কাকাতোৰ চাৰিপোণ মোৰ চাৰিপোণঘুগৰা গাথো আহঘুগৰা বোলে ৰুণুৰঝুনুৰবৰ আইৰ হবাৰ বেলাবৰে দিব বৰ কাপুৰকইনাই দিব মালা৷ (গোৱালপাৰা জিলা)============= আইৰে বাণ্ডিয়া শিয়ালঘৰ পিণ্ডাৰে থাকবাবুৰ মা জলকে গেলেবাবুৰ কাণ কাট৷ (চাহ জনজাতি)============ আহ জোনাকী আহউৰি উৰি আহতৰা পাততে ভাত দিমইছা মাছৰ জোল দিমতাৰ তলতে বান্ধি থ’মৰাতিপুৱালৈ এৰি দিম৷ (কোচ সকলৰ নিচুকনি গীত)===============সংগ্ৰহ : অদৃশ্য অদ্ৰি