লোকসাহিত্য বুলিলে সাধাৰণতে পৰম্পৰাগতভাৱে জনসমাজৰ মুখে মুখে চলি অহা কাহিনী, আখ্যান, বেলাড, গীত, যোজনা, পটন্তৰ, নাটকীয় কাহিনী আদিৰ সমাহাৰকে বুজা যায়। লোকসাহিত্যৰ ৰচয়িতা কোন সেয়া নিৰ্ণয় কৰা কঠিন আৰু মৌখিক পৰম্পৰা অনুক্ৰমে প্ৰৱাহমান বাবে আঞ্চলিক ৰূপ বা পাঠান্তৰ থকাও পৰিলক্ষিত হয়। লোকসাহিত্যৰ মূল বৈশিষ্ট্য হ’ল - লোকসাহিত্যৰ মূল বৈশিষ্ট্য হ’ল অনুভূতিৰ অকৃত্ৰিমতা আৰু স্বতঃস্ফূৰ্ততা। প্ৰাকৃতিক জগতৰ লগত ইয়াৰ সম্পৰ্ক অতি নিবিড়। অসমীয়া জনসমাজত প্ৰচলিত এনেবোৰ বিবিধ উপাদানেৰেই অসমীয়া জাতীয় জীৱনৰ পৰিচয় দাঙি ধৰিব পৰাকৈ অসমীয়া লোকসাহিত্যৰ ভঁৰাল ঠাহ খাই আছে। সেই উপাদানবোৰৰ ভিতৰত দৰঙৰ নাঙেলী গীতো অন্যতম। অতীজৰ কৃষিজীৱী সমাজখনত জীয়াই থকাৰ একমাত্র আহিলা হৈছে – কৰ্মসংস্কৃতি। কৰ্মৰ দ্বাৰা মানুহে প্ৰকৃতিৰ উন্মুক্ত বুকুৰ পৰা আহৰণ কৰিছে গীতৰ কথা, সুৰ আৰু অংগী-ভঙ্গী বা নৃত্য। লোকজীৱনৰ আশা- আকাঙ্ক্ষা, কামনা-বাসনা, অভাৱ-অভিযোগ, হাঁহি-কান্দোন আদি অনুভূতিবোৰ প্ৰকাশ কৰিছিল হাল বাওতে, গৰু চৰাওতে, ঢেঁকী দিওতে, নাও চলাওতে, সূতা কাটোতে গোৱা গীতৰ মাজেদি। সেইদৰেই অতীজৰ কৃষিজীৱী দৰঙ্গীয়া মানুহে গৰু ম’হ সৰহকৈ পুহিছিল। পোহনীয়া গৰু-ম’হবোৰ চৰাবলৈ যোৱা গৰখীয়াবোৰে প্ৰকৃতিৰ বুকুত ঘুৰি ফুৰোতে প্ৰকৃতিৰ মনোমোহা ৰূপে তেওঁলোকৰ স্বাধীন অন্তৰত অনুভূতিৰ স্পন্দন তুলিছিল। অশিক্ষিত হজুৱা চেঙেলীয়া ডেকা গৰখীয়াসকলৰ মুখে মুখে দৰঙত এবিধ গীতৰ প্ৰচলন হৈছিল যাক কোৱা হয় ‘নাঙেলী গীত’। ‘নাঙেলী’ শব্দটোৱে অশ্লীল, কুৰুচি বাক্যক সুচিত কৰে। নাঙেলী শব্দটো নাঙঠ শব্দৰ পৰা সৃষ্টি হৈছে বুলি ভবা যায়। অৰ্থাৎ নাঙঠ > নাঙচীয়া > নাঙেলি আৰু শেষত নাঙেলী হৈছে বুলি ঠাৱৰ কৰিব পাৰি। লোকসংস্কৃতিৰ গৱেষক ড° নবীন চন্দ্ৰ শৰ্মাদেৱৰ মতে খেতি বাতি, নাঙল-যুঁৱলী, গৰু- ম’হ আদিৰ লগত সৰ্বদায় সম্বন্ধ ৰক্ষিত লোকে আবৃত্তি কৰা নগ্নগীত, যিবোৰ গীত যিকোনো অৱস্থাতে বা সময়তে গাবলৈ নোৱাৰি তাকেই নাঙেলী গীত বুলিব পাৰি। যৌন ক্ষুধা বা যৌন মিলনৰ বাসনা জীৱ মাত্ৰৰেই সহজাত প্ৰবৃত্তি। নাঙেলী গীতবোৰ যৌৱনৰ যৌন উন্মাদনা স্বতঃস্ফুৰ্তভাৱে প্ৰকাশ পোৱা গীত। সহজ-সৰল স্বাধীন মনৰ বহিঃপ্ৰকাশ লগতে নিৰস গৰখীয়া জীৱনটোক জীপাল কৰি তোলা এক অনন্য সংস্কৃতি। দৰঙত মাঘৰ দোমাহীৰ দিনাৰ পৰা গৰু উদং দিয়া আৰু ব’হাগৰ দোমাহীৰ দিনাৰে পৰা মাঘৰ দোমাহীলৈ গৰু চৰোৱা পৰম্পৰা লোক সমাজত চলি আহিছিল। গৰখীয়াহঁতে গৰু চৰাবলৈ আৰম্ভ কৰা দিনৰ পৰা নাঙেলী গীতৰ পূৰ্ণ ৰাজত্ব চলে। আলিৰে গৈ থকা পূৰ্ণ যৌৱনা গাভৰুলৈ লক্ষ্য কৰি গৰখীয়াহঁতে নাঙেলী গায় – “আলিৰে যাইটি চাকিফুল পিন্ধাইটি কথালৈ নকৰা কাণ বাপে চুমা খাৱা লাহৰী গিদা খান গোৱালক কৰি যা দান।” তেনে অৱস্থাত ছোৱালীহঁতৰ বাপেকহঁতে তেনে গীত নাগাবলৈ গৰখীয়াবোৰক কাবৌ কৰে- “নাঙেলী একুৰি নাঙেলী দুকুৰি নাঙেলী ওঠৰ কুৰি অমুকীৰ বাপেকে কাবৌ কৰছি নাঙেলী নাগাবি বুলি।” আকৌ গৰখীয়া দেওৰেকে বৌৱেকক দেখি সুধিছে, “চৈতৰ বতৰে ৰমকে ঝমকে ঝাৰণিত পকিল ঐ ঔ, সৰুটো দেওৰে লাগ পাই সুধিলা কল্লে যা ঐ ফুলেতী বৌ।” বৌৱেকৰ প্ৰত্যুত্তৰ- “কি সোধা কি সোধা সৰুটো দেওৰ ঐ কবালে লাগছি লাজ হুজুৱেই কুৰুৱাই মাৰবা লাগছি দুই কৰঙণৰ মাঝ।” উজনি অসমৰ বিহুগীতৰ লগত নাঙেলী গীতৰ পটভূমি আৰু বিষয়বস্তুৰ মিল আছে যদিও বিহুগীতৰ ভাষা মাৰ্জিত, সুৰ মনোমোহা আৰু তাত আৱেগভৰা নৃত্য আছে, কিন্তু এই নাঙেলী গীতবোৰৰ লগত কোনো নৃত্য নাই, ভাষাও খকচা আৰু অশ্লীল। অৱশ্যে প্ৰকাশত অৰ্থব্যঞ্জক অঙ্গী-ভঙ্গী আছে। আদিম মানৱৰ বিশ্বাস অনুসৰি যৌন-আচৰাদিয়ে কুমাৰী পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে। গতিকে যৌন-মিলনাদি ভাৱ প্ৰকাশক গীত-পদে কুমাৰী পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে – এনে এটা বিশ্বাস আদিম মানৱে পোষণ কৰিছিল। কেৱল দৰং অঞ্চলত প্ৰচলিত এই ‘নাঙেলী’ অথবা ‘নাইলেনী’ বা ‘লাইলাং’ গীতবোৰৰ জন্ম-নীড় এনে ধৰণৰ যাদুমূলক বিশ্বাস। পিছলৈ এই গীতবোৰ গৰু-ম’হ চৰোৱা গৰখীয়াৰ মুখতহে থাকিলগৈ। নাঙেলী গীত দুবিধ – ‘কেঁচা’ বা ‘বেয়া’ আৰু ‘পকা’ বা ‘ভাল’ গীত। কেঁচা গীতবোৰ কিছু পৰিমাণে অমাৰ্জিত আনহাতে পকা গীতবোৰ মাৰ্জিত। সময়ৰ লগে লগে মানুহৰ জীৱনশৈলী, ধ্যান-ধাৰণা, ৰুচিবোধ, চিন্তাধাৰাৰ পৰিৱৰ্তন হৈ আহিবলৈ ধৰিলে। আধুনিকতাৰ কৰাল গ্ৰাসত মুকলি পথাৰ, চৰণীয়া পথাৰ, হাবি-জংগল হ্ৰাস পাই অহাৰ সমান্তৰালভাৱে পোহনীয়া গৰু-ম’হ আৰু গৰখীয়াও নাইকিয়া হৈ আহিল। লগে লগে বিলুপ্ত হৈ আহিবলৈ ধৰিলে অসমীয়া লোকসাহিত্যৰ এক সোণসেৰীয়া সম্পদ এই নাঙেলী গীতবোৰো। অসমীয়া সংস্কৃতিৰ বাৰেৰহণীয়া ফুলনিখনৰ পৰা এই ফুলপাহি মৰহি যোৱাৰ আগতেই সাৰ-পানী যোগানৰ প্ৰয়োজনীয়তা আহি পৰিছে। লেখক :- কন্দৰ্প কুমাৰ নাথ উৎস :- সাহিত্য.অৰ্গ