অসমীয়া লোক জীৱনত শ্ৰীকৃষ্ণ চৰিত্ৰ সৰ্বজৰ্নবিদ।দৈনন্দিন জীৱন পৰিক্ৰমাত অসমীয়া জনজীৱনৰ লগত শ্ৰীকৃষ্ণ যেন এক এৰাব নোৱাৰা সম্পৰ্ক।অসমীয়া সংস্কৃতি যেন কৃষ্ণ চৰিত্ৰ অবিহনে আধধুৱা।এই কৃষ্ণ অসমীয়া তথা ভাৰতীয় হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত পৰম ব্ৰ্ক্ষ ভগৱান।এই স্ংসাৰৰ সৃষ্টি ধ্বংসৰ মূলতে ভগৱান শ্ৰী কৃষ্ণ বুলি এটি সৰল বিশ্বাস হিন্দু সমাক ব্যৱস্থাত চলি আহিছে।শ্ৰীকৃষ্ণ হৈছে বিষ্ণুৰ পূৰ্ন অৱতাৰ যিয়ে দশ অৱতাৰ ধাৰন কৰি স্ংকটকালত দৈস্যু-দানৱক বিনাশ কৰি সাধু সন্তক ৰক্ষা কৰিছিল।ভাৰতীয় দৰ্শনক বিশ্বাস কৰাজনে এই কথা আজিও অকপটে স্বীকাৰ কৰি আহিছে। অসমীয়া লোকগীতত শ্ৰীকৃষ্ণই বিভিন্ন নামেৰে প্ৰকাশ লাভ কৰিছে।তেনে কিছুমান নাম যেনে কানাই,কলীয়া মৰুলী নন্দৰ দুলাল গোপাল,বনমালা,কৃষ্ণ নাৰায়ন,কমলাপতি,যাদ্ব,যদু নন্দকুমাৰ গোসাঁই দামোদৰ,কানু,শ্যাম ইত্যাদি।ভিন্ন নামেৰে স্থান দখল কৰি থকা শ্ৰীকৃষ্ণই যেন অসমীয়া লোকগীতত তেওঁৰ বৈচিত্ৰময় ৰুপটোক প্ৰকাশ কৰিছে।অসমীয়া লোকগীতত ভগৱান শ্ৰীকৃষ্ণৰ কত যে ৰুপ।তেনে কিছুমান ৰুপ হৈছে-শিশুৰুপ, গৰখীয়া, নাৱৰীয়া, প্ৰেমীক আদি ৰুপ। সহজ সৰল অনাখৰি লোকমনে ভগৱান শ্ৰীকৃষ্ণৰ বিপদ স্ংকুল জন্মৰ কথা লোকগীতৰ মাধ্যমৰে প্ৰকাশ কৰা দেখা যায়।গকুলৰ নন্দ-যশোদাৰ পুত্ৰৰুপে শ্ৰীকৃষ্ণ ডাঙৰ হলেও সৰল মনৰ চহা কবিয়ে এইটো কথা পাহৰি যোৱা নাই যে কৃষ্ণ প্ৰ্কৃততে মথুৰাৰ সন্তান বসুদেৱ-দৈৱকীৰহে পুত্ৰ।কৃষ্ণৰ জন্ম কথা বৃন্দাৱনী নামত এনেদৰে পোৱা যায়। আজি ৰাতি শিলা বৰষিলে এ নুশুনি প্ৰজাৰ মাত পালি পহৰীয়া সবে নিদ্ৰা গৈলা উপজিলে জগন্নাথ গোঁসাই উপজীৱৰ কেৱে ভু নেপালে অকল বসুদেৱৰ বিনে কংসৰ ভয়ত লুকুৱাই থৈছে নন্দ যশোদাৰ ঘৰে। নন্দ যশোদাৰ ঘৰত কৃষ্ণই একলা দুকলাকৈ ডাঙৰ হৈ আহিল।এদিন চুঁচৰিব আঁঠুকাৰিব পৰা হল।এই চুঁচৰি আঁঠুকাঢ়ি ফুৰোতে শিশু কৃষ্ণই এদিন এচপৰা মাটি খালে।মাতৃ যশোদাৰ দেখা পাই দৌৰী আহিল আৰু কিয় মাটি খাইছা বুলি মাক যশোদাৰ আগত মুখখন মেলি দিলে।যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত গোটেই বিশ্ব ব্ৰাক্ষাণ্ড আনকি নিজকো দেখা পাই ভয়ত কপিঁবলৈ ধৰিলে।অনাখৰি কবিয়ে গাইছে--- হৰি মই কি দেখিলো যাদুৰ উদৰে হিয়া কম্পে থৰথৰি প্ৰান কম্পে দৰে।। লাহে লাহে কৃষ্ণ ডাঙৰ হৈ আহিল।থিয় দিব পৰা হল।এখোজ দুখোজকৈ খোজকাঢ়ি সময়ত দৌৰী ফুৰিব পৰা হল।ঘৰৰ বাহিৰ ওলাই সমনীয়াৰ সৈতে খেলিব পৰা হল।আৰম্ভ হল কৃষ্ণৰ দুষ্টালি।শিশু কৃষ্ণৰ এই দুষ্টালিৰ ছবিখন অসমীয়া লোকগীতত অতি স্পষ্ট।গকুলত কৃষ্ণৰ দুষ্টালিৰ সীমা নাই।পাৰাৰ গোপীনিৰ ঘৰত লৱনু চোৰ কৰি ধৰা পৰে।গোপীনিসকলে মাক যশোদাৰ আগত গোচৰ দিয়ে।লাজ অপমানতে অতিষ্ঠ হৈ যশোদাই কৃষ্ণক খ্ং কৰি গালি পাৰে— দধি দুগ্দ্ধ ঘৃত আৰু পঞ্চামৃত আছে মোৰ ভাণ্ড ভৰি তথাপি গোৱালী ঘৰ মধ্যে গই খাৱ দধি চুৰ কৰি। যশোদাৰ খ্ং নকমে।একমাত্ৰ পুত্ৰৰ এনেকুৱা কুকৰ্ম যশোদাৰ সহ্য নহয়।পুত্ৰক শাস্তি দিবই লাগিব।সেয়ে হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি যায়।দুষ্ট কৃষ্ণক পিছে যশোদাই কত লগ পায়।লোকগীতত আছে— লৰু ধৰি ধৰি যশোদা মাৱে খেদে পাছে পাছে। লাম্ফ দিয়া ভূৱন মোহন উঠিল কদম গাছে।। ভাণ্ডাৰ ভাঙিয়া লৱনু খাইয়া কৃষ্ণ ভয়ে নাহে ঘৰে। পলায়া পলায়া ফুৰে কৃষ্ণ যশোদাৰ ডৰে।। এনেদৰে মাকৰ ভয়ত পলাই ফুৰা শ্ৰীকৃষ্ণই যশোদাক শুনাকৈ কৈছে যে সি আৰু গকুলত নাথাকে মথুৰালৈ গুচি যাব।দুখুনী দৈৱকী মাতৃৰ লগত ভিক্ষা মাগি পেট প্ৰৱৰ্তাব।লোকগীতত পোৱা যায়— যমুনা নদী পাৰ হৈয়া মই মথুৰাকে যাইবো। দুখুনী মাবৰ ঘৰে মই ভিক্ষা মাগিয়া খাইবো।। শিশু কৃষ্ণ ডাঙৰ হৈ গৰু চৰাব পৰা হল।কৃষ্ণৰ গৰখীয়া ৰুপৰ বৰ্ননা অসমীয়া লোকগীতত অতি সুন্দৰভাৱে প্ৰকাশ পোৱা দেখা যায়।গকুলৰ গোৱালৰ ৰজা নন্দৰ ঘৰত ডাঙৰ হৈ কৃষ্ণই গৰু চৰাবলগীয়া হল।লোকগীতবিলাকত কৃষ্ণক আমি লৈকিক ৰুপৰ এক গৰখীয়া লৰা হৈ পৰা দেখা পাঁও।যেন- হাতে শিঙা মুখে বেনু নাকে বাংশী বায়। বৃন্দাৱনৰ মাজে প্ৰভু গোধেনু চৰায়।। কৃষ্ণৰ সহচৰী ৰাধা।পৰস্পৰে পৰস্পৰক দেখিলেই প্ৰেম বিহ্বলা ৰাধাই কৃষ্ণক ওচৰত পাবলৈ হাবিয়াস কৰে।যমুনাৰ পাৰত গৰখীয়া কৃষ্ণই গৰু চৰাই থকা দেখা পাই ৰাধাই কৃষ্ণক মৰমৰ দাবীৰে কৈছে--- যমুনাৰ তীৰতে কানাই ধেনু চাৰে মাথাতে মুকলি চুলি সিপাৰৰে পৰা ৰাধাই ডাকে দিয়ে মোকে পাৰে কৰা বুলি।। ইফালে গৰু চৰাই গৰখীয়া কৃষ্ণৰ কষ্টৰ সীমা নাই।খোৱা লোৱাত অকনো সুখ নাই।গৰুৰ জাকৰ পাছে পাছে দৌৰী গৰখীয়া কৃষ্ণৰ একেবাৰে দুখ লগা অৱস্থা।অনামি স্বভাৱ কবিয়ে লোকগীতত গৰখীয়া কৃষ্ণৰ এনে দুখলগা আৱস্থা ফুটাই তুলিছে এনেদৰে— ধেনু চাৰি ৰাম কানু ফুৰে বনে বনে। কুৱাল কুসুমৰ কাটাই দাৰিলা চৰনে।। কৃষ্ণৰ এই কষ্টকৰ গৰখীয়া জীৱন যশোদাৰ মাতৃ হৃদয়ে সহ্য কৰিব নোৱাৰে।সেয়ে কৃষ্ণই গৰু চাৰিবলৈ বুলি দূৰলৈ গলেই যশোদাৰ মনে ভয় শ্ংকাত হাহাকাৰ কৰে।শ্ংকিত তথা ব্যথিত যশোদাই কবলৈ বাধ্য হৈছে— মোৰ বাছা দূৰকে নাযাইবা এ ধেনু চাৰিবা ধেনু ৰাখিবা মই চাই থাকিবো ঘৰে। দূৰকে গলেহে কংসই হৰিব নটুৱা কানাই মোৰে।। শৈশৱ কৈশোৰ অতিক্ৰমি শ্ৰীকৃষ্ণ যুৱক হল।যৌৱনৰ বোকোচাত উঠি প্ৰেম আহিল।ৰাধা প্ৰ্মুখ্যে অন্য গোপীসকলৰ লগত প্ৰেম কৰি শ্ৰীকৃষ্ণই প্ৰেমিক ৰুপে আত্মপ্ৰকাশ কৰিলে।শ্ৰীকৃষ্ণ এই প্ৰেমলীলাৰ কথা চহা কবিয়ে গীতিকাৰ সুৰেৰে সজাই গালে— কাষৰ কলসী ৰাধে এ ৰাধে লাহে কৰি থৌ কৰ্পূৰ তামুল দিওঁ ৰাধে আঞ্চল পাতি লৌ।। বাটে ঘাটে যতে কৃষ্ণই ৰাধাক লগ পাই আমনি কৰিবলৈ নেৰে।যাৰ বাবে ৰাধাৰ সমাজলৈ তথা মাক দেউতাকলৈ ভয় লাগে।আই বোপায়ে ৰাধাক কথাই কথাই কলংকনী বুলি গালি পাৰিবলৈ লৈছে।সেয়ে কৃষ্ণৰ মৰমকো নেওচি ৰাধাই কলৈকো নোযোৱাৰ সিদ্ধান্ত লবলগীয়া হৈছে।লোকগীততো পোৱা যায়— আৰু নাযাওঁ যমুনাৰ জলে হে নন্দবাসী আৰু নাযাঁও কৃষ্ণৰ ওচৰে ঘাটে নাযাঁও বাটে নাযাঁও পানীক নাযাঁও লাজে আই বোপাই থৈছে নাম কলংকনী ৰাধে। প্ৰেমীক কৃষ্ণই প্ৰেমীকা ৰাধাক কম নগুৰ নাগতি কৰা নাই।ৰাধাই অইন গোপীৰ সৈতে যমুনাৰ জলত নামি গা ধুৱে আৰু ইফালে দুষ্ট কৃষ্ণই গোপীসকলৰ পাৰত থকা বস্ত্ৰ লৈ কদম গছত উঠে— কানাই গৈছন্ত ফুল পাৰিবাক হাততে হাকুটি লৈ লাম্ফ দিয়া কানু কদম্বে চৰিলা গোপীৰ বসন লৈ। কৃষ্ণৰ প্ৰেমৰ ছবিখনত কুণ্ডিল কন্যা ৰুক্মিনীয়েও আহি ভুমুকি মাৰিছে।ৰুক্মিণীৰ প্ৰেমত মতলীয়া কৃষ্ণই সুদুৰ দ্বাৰকাৰপৰা ৰুক্মণীক হৰন কৰিবলৈ কুণ্ডললৈ আহিছে--- শিশুপাল নাপাতা জঞ্জাল ৰুক্মণীক হৰিবে লাগি আহিছে গোপাল। কৃষ্ণৰ এই প্ৰেমিক ৰুপটোৰ গাত ভেজা দি অসমীয়া লোকগীতত কৃষ্ণৰ নাৱৰীয়া ৰুপটোৱেই ভুমুকি মাৰিছে।প্ৰেমিকা ৰাধা দৈ বিকিবৰ বাবে মথুৰাৰ বজাৰলৈ এনেদৰে ওলাইছে— মূৰত দধিৰে বোজা ওলালা সুন্দৰী ৰাধা যায় ৰাধা মথুৰাৰ হাটে। মূৰত দধিৰ বোজাটো লৈ ৰাধাই যমুনাৰ পাৰ পাইছেগৈ।যমুনাৰ সিপাৰে মথুৰা।ৰাধাই এতিয়া যমুনা পাৰ হয় কেনেকৈ?এনেতে ৰাধাই দেখা পালে কৃষ্ণই যমুনাত নাও বাই আছে।ৰাধাই কৃষ্ণক কৈছে— কানাই পাৰ কৰা হে বেলিৰ পৰিল ছায়া নষ্ট হৈল দধিৰ ভাণ্ড বাজাৰ হৈল বৈয়া।। কৃষ্ণই যমুনাৰ বুকুত ৰাধাক লৈ কৰা নৌকাযাত্ৰা অতি চিত্ৰ ধৰ্মী— নাও হেঙুলীয়া বঠাও হেঙুলীয়া আৰু হেঙুলীয়া চৈ চৈৰে তলতে ৰাধিকা বহিছে সোনৰে স্ঁফুৰা লৈ।। লিখক: ড° ধ্ৰুৱজ্যোতি নাথ, দৈনিক অসম।