অসমীয়া লোকসাহিত্যৰ ক্ষেত্ৰখন বৰ চহকী৷ অতীজৰে পৰা লোকসমাজত বিভিন্ন ধৰণৰ গীত-মাত প্ৰচলিত হৈ আহিছে৷ তাৰ ভিতৰত জুনা গীতসমূহ লোকসাহিত্যৰ অমূল্য সম্পদ৷ উজনি অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ অঞ্চলতে এই গীতবোৰ জনপ্ৰিয়৷ এই গীতসমূহ দৰঙী বিয়াসৰ ওজাৰ একচেতীয়া সম্পদ বুলিও কোৱা হয়৷

ঝুনা -

দৰঙী ভাষাত জুনা গীতসমূহক ’ঝুনা’ বুলি কোৱা হয়৷ গীতসমূহৰ প্ৰায়ভাগেই লঘু হাস্যৰসাত্মক, লোকানুষ্ঠানৰ লগত জড়িত, গ্ৰাম্য কথনভংগীত ৰচিত আৰু বিষম কথাৰ অৱতাৰণা কৰি লোকমনক আকৰ্ষণ কৰিব পৰা ধৰণৰ৷

হেমকোষৰ মতে জুনা শব্দৰ অৰ্থ হৈছে ‘হুচৰি গাই নাচিবৰ আগেয়ে গোৱা চুটি পদ’৷ গীতবোৰ হুচৰীৰ লেখীয়া চুটি হলেও ইয়াত বিহু গীতত থকাৰ দৰে লাজ কথা নাথাকে৷ কিছু সংখ্যক গীত স্তুতি গীতৰ দৰে গহীন গীত৷ চন্দ্ৰকান্ত অভিধানৰ মতে ’ই পুৰণি অসমীয়া ছন্দ বিশেষ’৷

কাল্পনিক গীত -

লীলা গগৈয়ে এই গীতবোৰক ’কাল্পনিক গীত’ বুলি কৈছে৷ প্ৰফুল্ল দত্তই এই গীতখিনিক ধেমেলীয়া গীত-পদৰ ভিতৰত ধৰিছে৷ নবীন চন্দ্ৰ শৰ্মাই জুনা গীতবোৰক জুনাৰ পৰিৱৰ্তে ’ঝুনা’ নাম দি ব্যাস সংগীতৰ পঞ্চম আৰু শেষ ক্ৰম বুলি মত প্ৰকাশ কৰিছে৷ তেখেতে এই শব্দটো লোকজীৱনৰ পৰা সংগ্ৰহ কৰিছে৷

চন্দ্ৰকান্ত অভিধানত ‘ঝুনা’ শব্দৰ অৰ্থ ‘শুকান নাৰিকল’ বুলি উল্লেখ আছে৷ সেইবাবে তেওঁ এই গীতবোৰক শুকান নাৰিকলৰ দৰে ইয়াৰ ওপৰভাগ শুকান বা নীৰস হলেও ভিতৰফালে সুস্বাদু খাদ্য আৰু মিঠা ৰসেৰে পৰিপূৰ্ণ হৈ থকা বুলি কৈছে৷

বিয়াসৰ ওজাৰ লগত জড়িত থকা বাবেই খুব সম্ভৱত তেওঁ শুকান নাৰিকলৰ দৰে বুলি কৈছে৷ যদিও দিলীপ বৰাদেৱে এই গীতসমূহক বাহিৰে ভিতৰে মিঠা, লোকজীৱনৰ হাস্যমধুৰ ভাৱানুভূতিয়ে সৰ্বাংগতে আনন্দৰ ৰং চটিয়াই থোৱা বুলি কৈছে জুনা গীতবোৰৰ মাজত গ্ৰাম্য জীৱন যাত্ৰাৰ একোখন নিভাঁজ ছবি প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়৷

ইয়াৰ লগতে জনবিশ্বাস, ৰীতি-নীতি, খাদ্যাভাস, আদি বহুতো কথা জড়িত হৈ আছে৷ এই গীতসমূহ সৃষ্টি কৰা কিছুসংখ্যক ব্যক্তিৰ নাম পোৱা নাযায় যদিও ইয়াৰ দ্বাৰা তথাকথিত সমাজখনৰ এটা আভাস পোৱা যায়৷ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ‘ৰুক্মিনী হৰণ’ কাব্যত অন্তৰ্ভুক্ত জুনা গীতটি প্ৰাচীনতম জুনা গীত বুলি কোৱা হয় যদিও পূবৰ্ৰে পৰা ইয়াৰ প্ৰচলন থকাৰ কথা নুই কৰিব নোৱাৰি৷ যিহেতু শংকৰদেৱেও লোকসমাজৰ পৰা বিভিন্ন ধৰণৰ শব্দ তথা সৃষ্টিৰাজিৰ অন্যান্য সমল গ্ৰহণ কৰিছিল৷ সেয়ে লোকসমাজৰ পৰাই তেখেতে ইয়াৰ সমল গ্ৰহণ কৰিছিল বুলি ধাৰণা হয়৷

ৰুক্মিনী হৰণ কাব্যত দিয়া গীতটোক শিৱৰ জুনা বুলি আখ্যা দিয়া হৈছে –

কি দিবো আবে কৰো কোন কৰ্ম৷

গাৱৰ বস্ত্ৰ সিয়ো বাঘ চৰ্ম৷৷

হাতে লৈয়া ওহলায় শূল ডম্বৰু৷

ঘৰ বাহিৰে এক গুটি গৰু৷৷

জুনা গীতসমূহক বিশ্লেষণ কৰিলে সাধাৰণতে দুই ধৰণৰ জুনা গীত পোৱা যায় – ধৰ্মীয় জুনা, সামাজিক জীৱনৰ জুনা৷ ধৰ্মীয় জুনা গীতৰ ভিতৰত কৃষ্ণ বিষয়ক, শিৱবিষয়ক আৰু কৃষ্ণ-গোপী বিষয়ক গীতবোৰ আলোচনাৰ মাজলৈ আনিব পাৰি৷ তাঁতীৰ জুনা গীতসমূহকো ধৰ্মীয় জুনাৰ ভিতৰতে ধৰা হয়৷ আনহাতে সামাজিক জীৱনৰ জুনাবোৰ বিবিধ বিষয়ৰ৷ ওকণি মৰা ঔষধৰ জুনা, চাহপাতৰ জুনা, নাঙলৰ জুনা, পচলাৰ জুনা, কপাহৰ জুনা, ভূইকঁপৰ জুনা, কলি কালৰ জুনা, ভাৱৰীয়াৰ জুনা আদি সমাজ-বাস্তৱতাৰ বিভিন্ন দিশৰ লগত জড়িত জুনাখিনিক দ্বিতীয় শ্ৰেণীত আৰ্য সমাজ-জীৱনৰ জুনাৰ ভিতৰত ধৰিব পাৰি৷

ধৰ্মীয় জুনা গীতসমূহৰ ভিতৰত তাঁতীৰ জুনাসমূহত ব্যংগাত্মক কথা-বতৰা নাই৷ চহা জীৱনৰ কল্পনাই এই গীতসমূহত প্ৰাধান্য পাইছে৷ ৰাধাক পিন্ধাবলৈ এখন সুন্দৰ কাপোৰ বোৱাবৰ বাবে কৃষ্ণ তাঁতীৰ ওচৰলৈ গৈছে তাকে তলৰ জুনা গীতটিত অনিন্দ্য সুন্দৰকৈ প্ৰকাশ পাইছে–

আনন্দে মোহন বংশী বজাই৷

গৈলন্ত গোঁসাই তাঁতীৰ ঠাই৷৷

দূৰতে দেখিয়া তাঁতী হাসয়৷

আমাৰ গৃহক হৰি আসয়৷৷

ইয়াৰ বাহিৰেও কৃষ্ণ সম্পৰ্কীয় গীতবোৰত কৃষ্ণৰ লৱণু চোৰৰ কাহিনীৰ লগতে দুষ্টালি ভৰা ঘটনাসমূহ সন্নিৱিষ্ট কৰা হৈছে৷ এই গীতসমূহৰ বেছিভাগতে লঘু ৰসাত্মক কথাবোৰ আছে৷ ব্যাস সংগীতৰ লগত জড়িত শিৱ প্ৰসংগত গীতসমূহৰ প্ৰায়ভাগ হাস্যৰসেৰে ভৰা৷ অৱশ্যে ব্যাস সংগীতৰ লগত জড়িত কিছু গীত গহীন ধৰণৰ৷

ভাং যে ধতুৰা খালো পাৰ্বতী মাথাত ধৰিছে টান৷

আজি সাজৰ চাউল মুঠি তই ধাৰ ঋণ কৰি আন৷৷

এই গীতটিৰ শিৱ-পাৰ্বতীৰ কথাৰ মাজেৰে গ্ৰাম্য সমাজৰ ভঙুৱা, কানীয়া লোকসকলৰ দৈনন্দিন জীৱনৰ চিত্ৰ ফুটি উঠিছে৷

অ’ উদ্ধৱ সখী অ’ বান্ধৱ সখী

চলি যোৱা তুম চলি যোৱা তুম

বদাতিকাক লাগি বান্ধৱ সখী হে৷৷

(ব্যাস সংগীতৰ গহীন ৰূপ)

পচলাৰ জুনা, কপাহৰ জুনা আদিৰ জৰিয়তে কাম-কাজ নজনা মহিলাক ব্যংগ কৰি দৈনন্দিন জীৱনত প্ৰয়োজনীয় অৰ্হতাসমূহ আয়ত্ত কৰিব নোৱাৰিলে কেনে ধৰণৰ অথন্তৰ ঘটিব পাৰে তাকে অতি লগাকৈ বৰ্ণনা কৰা হৈছে –

কাটি আনি পচলা মজিয়াত থলে৷

পচলাৰ পানী গৈ ঘৰ বুৰি গলে৷৷ (পচলাৰ জুনা)

সূতাৰ আখি মাৰোতে কঁকাল আটি লাগে৷

আখি মাৰোতে মোৰ চাঁচখন ভাগে৷৷ (কপাহৰ জুনা)

কিছুমান জুনাৰ ভাষা আৰৱী, ফাৰ্চী, হিন্দী-ব্ৰজাৱলী৷ কোনো কোনো জুনাত ‘আল্লাকি জাল্লা’ আদিৰ উল্লেখ পোৱা যায়৷ অৱশ্যে এই ধৰণৰ জুনাক ‘দৰবাৰী’ বা ‘মোগলী গীত’ বোলে৷ পূজাৰ সময়ত এনে গীত গোৱা নিষেধ৷ সভা-সন্মিলনীৰ অনুষ্ঠানতহে এই গীতবোৰ গোৱা হয়৷ শিৱ আৰু কৃষ্ণৰ লগত জড়িত গীতসমূহ সকলোতে গোৱা হয়৷ লোকজীৱনৰ লগত জড়িত এই গীতসমূহ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ৷ জুনা গীতসমূহে লোকজীৱনত সংঘটিত হোৱা সৰু-বৰ কথাসমূহৰ সম্ভেদ দিয়াৰ লগতে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কিছুসংখ্যক কাম-কাজৰ জ্ঞান লাভত সহায় কৰে৷

লেখিকা: কলচুম বিবি

উৎস: সাহিত্য.অৰ্গ