বিহু কৃষিভিত্তিক উৎসৱ।মূলত: উৰ্বৰা বিশ্বাস জড়িত কৃষিধৰ্মী এই গ্রাম্য উৎসৱটিয়ে বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত আজি এক সমৃদ্ধ আৰু বাৰেৰহনীয়া ৰূপ ধাৰণ কৰিছে।সেয়েহে বিহুটি বিহুৱা বতৰত বিহু নাচ আৰু নামৰ যোগেদি অসমৰ মানুহে আকুল হৃদয়েৰে পালন কৰা কেৱল এক পৰম্পৰাগত অনুষ্ঠান বুলি ক’ব নোৱাৰি। বিহু অসমৰ জাতীয় সংস্কৃতিৰ মূল চিনাকি অথবা অসমৰ লোকজীৱনৰ প্রেৰণাদায়িনী শক্তিত, আজি পৰিণত হৈ পৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে- ‘ব’হাগ এটি মাথো ঋতু নহয়,নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা,গণজীৱনৰ ই সাহ’। তেনেকৈ বিহু নামত কোৱাৰ দৰে- দিহিং, দিচাং, দিখৌ আৰু নদী ধনশিৰি মিলিনো ব্রহ্মপুত্র মহাসুঁতিৰ এসুঁতি; সেইদৰেনো ঐ নাচনী কাৰবি,মিচিং, কছাৰী,মিলিনো ঐ অসমীয়া হয়নো মহাজাতি। বিহু আজি সমন্বয় অথবা ঐক্য আৰু শান্তিৰ প্রতীক স্বৰূপ। সেয়েহে ঋতুৰাজৰ আগমনে অসমলৈ বসন্তোৎসৱৰ জোৱাৰ আনে। স্বকীয় ঐতিহ্য আৰু পৰম্পৰাৰে অসম তথা উত্তৰ –পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে উপভোগ কৰে আনন্দ উৎসৱ। সভ্যতাৰ পোহৰত, খাদ্য সংগ্রহৰ অৱস্থাৰ পৰা খাদ্য উৎপাদনকাৰীলৈ মানুহৰ উত্তৰণ ঘটিল। প্রকৃতিৰ লগত মানুহে যেতিয়া নিজৰ আপোন সম্বন্ধৰ কথা বুজিব পাৰিলে। খেতিৰ আৰম্ভণি আৰু খেতি চপোৱাৰ সময়ত মানুহে ৰং ৰহইচ কৰি মুকলিমুৰীয়াকৈ আনন্দ প্রকাশ কৰিবলৈ ধৰিলে- কিনো তামোলখনি দিলো মোৰ মইনা অতি চেনেহৰে খালো সেইনো তামোলখনি খাবৰে পৰা তোমাৰ লগত চিনাকি হ’লো। অথবা- আলিটি কাটি যাওঁ চেপাটি পাতি যাওঁ মাগুৰ মাছ এহালি পাওঁ। নিজেও নেখাওঁ মই লোককো নিদিওঁ মই চেনাইলৈ সামৰি থওঁ। অসমৰ অন্যতম জনগোষ্ঠী ডিমাছাসকলে বিছু, ৰাগিনি গাৰ্বা আৰু হাৰণি গাৰ্বা নামৰ কৃষিভিত্তিক,বিহুৰ সমগোত্রীয় উৎসৱ পালন কৰে। মাঘ মাহত পতা বিছু ডিমাছাসকলৰ অতি আপোন। সেয়েহে, বিহুনামৰ মাজেৰে তেওঁলোকে মনৰ খিৰিকীখন খুলি দিয়ে- হেজাৰ হেজাৰ দিনৰ মাজত আজিৰ দিনটো পাইছো জুমখেতিৰ কোণৰ শুকান গছডালত ফুলিছে ফুল হেজাৰ হেজাৰ ৰাতিৰ পিছত আজিৰ ৰাতিটো পাইছো সেইদৰে,আন এটা বিহুগীতত ডিমাছা ডেকাজনে গায়- গেংগাদাও দেউতাৰ ঘৰত কণীৰ পাহাৰ হৈ গৈছে বোলে ডালাউডীৰ মাকৰ ঘৰত লাওপানীৰ নৈ বৈ গৈছে হেনো। ডিমাছা গাভৰুগৰাকীয়ে তেতিয়া গাইছে- দেউতাৰ মৰম আছে বুলি কণী খাবলৈ মাতিছে ডালাউডীৰ মৰম আছে কাৰণে জুডিৰ বাটি আগ বঢ়াইছে। একেদৰে,বড়ো ডেকা-গাভৰুৱেও তেওঁলোকৰ ‘বৈছাগু’উৎসৱত বিহু নামৰ মাজেৰে পৰস্পৰে মনৰ ভাব প্রকাশ কৰে। ।বড়ো (ছেংগ্রা ) ডেকাজনে যেতিয়া গায়- হাজৌ খৰোনি হলো লখা আং জৌং ৰায়জৌ জৗং ৰায়জৌ জৗংগৗংনা নৗং লোখা ‘হলো লখা’ নামৰ শাক যেনেকৈ পাহাৰৰ দাঁতিত মাত্র গজে,তেনেকৈ তুমিও মোৰ হিয়াৰ মাজত গজিবলৈ ঠাই পাইছা। গতিকে তুমিয়ে মাত্র মোৰ হিয়াৰ মাজত গজিবলৈ ঠাই পাইছা। গতিকে তুমিয়ে মাত্র মোৰ লগত বিয়া হৈ সংসাৰ যাপন কৰিবা। বড়ো (ছিখলা) গাভৰুজনীয়েও চেনাইৰ মৰমতে কৈ পেলায়- আদা। হাথায় ছালিনি যাও দিং গ্রিখৌলো বায়খা আছান মুথা- গৗজৗং লৗলো নৗং দৗনখা। ‘ককাই ! আপুনি তাৰ কাৰণে চিন্তা কৰিব নালাগে।কেৱল মাত্র আপুনি বজাৰৰ পৰা সুগন্ধি তেলৰ বটল, মুঠি আৰু জিলমিল কৰা মালাধাৰি কিনি ৰাখি থৈ দিব।’ তেনেদৰে, তিৱা ডেকা-গাভৰুৱেও তেওঁলোকৰ পৈছাক বিছু উৎসৱত বিহু মাৰোতে যোৰানামৰ মাজেৰে মনৰ কথা ক’ব বিচাৰে- যেতিয়া ডেকাজনে গায়- ঐ চতৰে চকৰী ব’হাগৰ বগৰী জেঠৰে অমনা ধান, কেৰাণী নহ’লো মহৰী নহ’লো তোমাক কেনে কৰি পাম ঐ মতিলাল দেখিবলৈ বৰে ভাল খপোটা পাৰিলে গাল।– ইত্যাদি। সেইদৰে, মিচিংসকলেও হুঁচৰি গীতসমূহৰ সৈতে মিল থকা মিচিং ‘গুমৰাগ চ:মান’ আৰু ‘বৃ:ৰৃগ নি:তম’ত এইদৰে গায়- ল-ল-লে ললে ললে দাৱ ললে ললে ললে চিচুক চুকব চুকব চুকব বদিয়া ৰৗগাম গাম্ব বদিয়া। গৗৰু চুপম চুতকা/ অমুম বলোৱা ৰুচ্ছো পাম চুতকা। য়, পৗততাং চন্নেন কামপৗ/চুন্নেন চুতকা দুমগাগৗম চুম্বম্ চুতকা/ ল:তি দুমলাবৗম লাবম চুতকা য় অৃৰৗ পংকৃৰৗ লা:জে/ গৃ:দাং অৃৰৗ পংকৃৰ লা:জে। ‘হেৰা গাভৰুসকল সাজি-কাচি ওলোৱা। দীঘল চুলিটাৰি মেলি আঁচুৰি লোৱা। উলহ-মালহেৰে চোতালখন আমি ভৰাই তোলো আহা।’ তেনেকৈ বিহুনামৰ সৈতে মিল থকা ‘লৃগাং নি:তম’ত এনেদৰে গোৱা হয়- গৃনমুৰ প:ল আ: দাক কুবং কাজে মিচিঙা দাকতগ্ অৗচাৰ চাৰ দাক কুবং কাজে মিচিঙা কেদাং আপ্পুন লাংকাকুই কাজে মিচিঙা ‘ফাগুন মাহ আহি পালেহি, পচোৱা বতাহ বলিছে কপৌ ফুলিব/কুলি চৰাই বিনাব/ব’লা মিচিং ৰাইজ আলি-আয়ে লৃগাং বিহু মাৰোগৈ ব’লা।’ সেইদৰে নৈপৰীয়া দেউৰী ডেকা –গাভৰুসকলেও ‘বিছু’ উৎসৱত নামৰ মাজেৰে মনৰ কথা ব্যক্ত কৰিব বিচাৰে- দিচাং নৈ লেহেঙনা কেন দে বুজি পাই টেঙাপানী লেহেঙনা কেন, য় য় বাবা লেহেৰণ গগই কাকাই লেহেৰণ আমা যদি চচু মো-জা লেন। ‘দিচাং নৈ এৰি যাম, টেঙাপানী এৰি যাম।আনকি নিজৰ আই-বোপাই, ভাই-ককাই সকলোকে এৰি যাম সঠিক কথা কোৱা।’ তেনেকৈ- আমচিছটি তিৰণ কুলি দুৱা ওগাৰণ ব’হাগীয়ে বিছু কন নিনা’ বিচু ন থাৰেৰণ ইচিৰি লাদৰণ ন-বুজি চুচৰচ নিনা!‘আম গছত গুটি লাগিব,কুলি চৰায়ে কান্দিব,ব’হাগ বিহু অহাৰ আগজাননী দিব। বিহু বুলি সকলোকে সেৱা সৎকাৰ কৰোঁতে সকলোৱে তোমাক কুশলে থাকা বুলি আশীৰ্বাদ দিব।’ অসমৰ দক্ষিণ-পশ্চিম প্রান্তত বাস কৰা হাজংসকলেও তেওঁলোকৰ লেৱা (লতা) টানা বিহুত ডেকা-গাভৰুৱে মনৰ ভাব ব্যক্ত কৰি গাব বিচাৰে। ডেকা প্রেমিকজনে যেতিয়া গায়- চিৰচিৰা পানীতে কাউছা ডিমা পাৰিছে চল বৈনী বিচিৰিবাক যাং ‘জিৰ-জিৰকৈ পানীত কাছই কণী পাৰিছে ভনীটি,ব’লা বিচাৰিবলৈ যাওঁ।’ গাভৰু প্রেমিকজনীয়েও চল পাই প্রেমিকক খাটনি ধৰে- লিংলিঙা গাছতে মৌ বাহা লাগিছে দাদা মোক পাৰি দে খাং ‘ঔৰে গছতে মৌৱে বাহ সাজিছে ককাই পাৰি দিয়া খাওঁ। সেইদৰে, ৰাভাসকলেও তেওঁলোকৰ জেঠ মাহত উদযাপন কৰা ‘বায়াখু’ উৎসৱত ডেকা-গাভৰুৱে বিহুধৰ্মী ‘ছাথাৰ’ গীতৰ মাজেৰে মনৰ গোপন কথা মুকলিকৈ প্রকাশ কৰে- হাজাৰ পাৰ্চ্ছৃং ৰিবিদংবা চিমে খৌমে টংও ভগৱান ৰাখুদংবে কাকায় জোৰা চাংও। ‘হেজাৰ ধুমুহা আহিলেও আমি সহ্য কৰিয়ে থাকিম। ভগৱানে কৃপা কৰিলে আমাৰ মিলন আপোনা-আপুনি হ’ব। ’ একেদৰে- হাজাৰ পাৰ্চ্ছৃং ৰিবিদংবা জাঙা ঠঙচা জোৰ ঠোকনা, পাৰ্চ্ছৃঙাবা কিৰবা খাৰে জমা জমা টংও সোনা। ‘‘হেজাৰ ধুমুহা আহিলেও আমাক বিচ্ছেদ কৰিব নোৱাৰে। কোনো বিপদলৈ ভয় নকৰি চিৰদিন আমি একেলগে থাকিম সোনাই’ এইবোৰেই অসমৰ মন পৰশা বিহু নাম। ডেকা-গাভৰুৰ প্রাণৰ স্পন্দন থকা বিহু নামবোৰ বাপতি সাহোন বিহুৰ দৰেই আমাৰ সকলোৰে আদৰৰ। এই নামবোৰৰ ভাষা বেলেগ হ’ব পাৰে। উৎসৱ পালনৰ আচাৰ,পৰম্পৰা কিছু বেলেগ হ’ব পাৰে। কিন্তু সকলোৰে মন,সুৰ আৰু জীৱনৰ ছন্দ একেই।সেয়েহে, বিহু আহিলে অসমৰ মানুহে একেখন মুকলি আকাশৰ তলত, উলাহৰে এপাক নাচিবলৈ হেঁপাহ কৰে,আগ্রহ প্রকাশ কৰে। উৎস: ১. ব’হাগী: নকুল চন্দ্র ভূঞা ২. ব’হাগী বিহুৰ বাৰেবৰণীয়া ছবি: ড৹ প্রফুল্ল দত্ত গোস্বামী (সম্পাদক) ৩. ডিমাচাসকলৰ গীত-মাত: নগেন্দ্র নাথ বৰুৱা ৪. বৰো-কছাৰীৰ গীত-মাত: ভবেন নাৰ্জি ৫. হাজং জাতি আৰু কৃষ্টিৰ আভাস: পৰেশ হাজং ৬. ধেমাজি: স্মৃতিগ্রন্থ অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশন,২০০৯ ৭. হীৰা পেগু: প্রবক্তা, ইংৰাজী বিভাগ, ডিফু চৰকাৰী মহাবিদ্যালয়,কাৰবি আংলং বিদুল বৰুৱা