অসমীয়া শাস্ত্রীয় সঙ্গীত জগতৰ আদৰণীয় তথা অন্যতম বাদ্য হ'ল খোল বাদ্য, যাক দেব বাদ্য হিচাপে গণ্য কৰা হয়। চমুকৈ ক'বলৈ গ'লে সত্রীয়া সঙ্গীতৰ প্রধান বাদ্যবিধেই হ'ল খোল বাদ্য। খোল বাদ্যৰ উৎপত্তি উল্লেখিত যে "আসিলেক দেববাদ্য স্বর্গত ইন্দৰ। পৃথিৱীক আনিলন্ত শ্রীমন্ত শংকৰ।"এই বাদ্যবিধ স্বর্গৰ ৰজা ইন্দ্রৰ ৰাজ্য ইন্দ্রপুৰীত আছিল, তাৰ পৰা আমাৰ গুৰূ শ্রীমন্ত শংকৰদেৱে তাৰ আর্হি লৈ নিজে জোখ দি কপিলীৰ জগন্নাথ কুমাৰৰ দ্বাৰা মাটিৰে ডিমা সাজি শালমৰাৰ মুচিয়াৰৰ হাতেৰে খোল চোৱাই নিজে সুৰ দিছিল। শংকৰদেৱে পোন প্রথমে কেতেখাৰামক খোল বাদ্যভাগ শিকাই। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ অসমীয়া ভাষা সাহিত্যৰ, সত্রীয়া সংস্কৃতিৰ ওজা, তেখেতে অসমীয়া জাতিটোক সকলো দিশতেই ভেটী টনকীয়াল কৰি গৈছে। গুৰুজনাৰ অমৰ সৃষ্টি সত্রীয়া গীত মাত, ভাওঁনা, গাণিকা ঝমুৰা মাটি আখৰা আদিৰ ভিতৰত এই খোল বাদ্য বিধো অন্যতম। খোল বাদ্যক ৩টা ভাগত ভাগ কৰিব পাৰি, যেনে-তাল, ধেমালি আৰূ নৃত্য। ঠিক তেনেদৰে বাদ্যকো ৪টা ভাগত ভাগ কৰিব পাৰি,ক্রমে-বিতত্, তত্, সুশীৰ আৰূ ঝঙ্কাৰ। গুৰূজনাৰ অমৰ সৃষ্টি খোল বাদ্যভাগ বিতত্ বাদ্যৰ অন্তগত। অথ্যাৎ ছালেৰে তৈয়াৰ কৰা বাদ্যক বিতত্ বাদ্য বোলা হয়।উদাহৰণ স্বরূপে থোল, ঢোল, ডবা, তবলা, আদি। খোলৰ পৰিচয় খোল, মৃদঙ্গ, ঢোল আদি বাদ্যৰ আকৃতি প্রায় একেই খোল গৰূৰ ছালেৰে চোৱা হয়। ডিমা দুয়োফালে ছালেৰে আবদ্ধ কৰা খোলাটোকে অথবা মাটি বা কাঠৰ অংশ খিনিকেই ডিমা বোলে। তালি ডিমাৰ দুয়ো মূৰে থকা ছাল খনকেই তালি বোলা হয়। কাটনি তালি ছাল দুখন শক্তিশালী কৰি ৰাখিবৰ বাবে একে জোখৰ আন এখন ছাল বান্ধি গাঁথনি দিয়ে আৰূ পাছত প্রয়োজন অনুসৰি কাটি দিয়া হয়। মলুৱা তালিৰ একেবাৰে শেষত খাৰূৰ আকৃতিৰ যিডাল চামৰাৰ ঘূৰণীয়া ৰচী থাকে(ই সৰূ সৰূ বৰটিৰে গুঠি তৈয়াৰ কৰা হয়)তাকে মলুৱা বোলে। বাঁয়া বাওঁহাতে বজোৱা বহল মুখৰ অংশটোক বায়া বোলে। দাইনা সোঁহাতে বজোৱা সৰূ মুখৰ অংশটোক দাইনা বোলে। বৰটি যি ছালেৰে বাঁয়া আৰূ দাইনাৰ ছাল দুখন ডিমাৰ মুখত বান্ধি ধৰি ৰাখে সেই ছালেই হৈছে বৰটি। পুলি কান্ধত আৰি লবৰ বাবে যি কেইডাল বৰটি বান্ধনিৰ লগত বন্ধা হয় তাকে পুলি বোলে। ঘূণ তালিৰ যি অংশত আঘাত কৰি স্বৰ উলিওৱা হয় আৰূ কলা চামনিৰে আবৰি থাকে তাকে ঘূণ বোলে। কর্ণ কান্ধত আৰি লবৰ বাবে ৰচি বান্ধিবলৈ যি কেইডাল বৰটিৰে বান্ধনিৰ লগত গোঁথনি দিয়া হয় তাকে কর্ণ বা কণাৰি বোলে। গুৰূজনাৰ অমূল্য সৃষ্টি, নীতি আদর্শসমূহ অসমীয়াৰ মাজত,অসমত, সমগ্র বিশ্বত চিৰউজ্জ্বল হৈ থাকক। লিখক: ভাস্কৰ জিৎ নাথ, নগাঁও।