[টোকা: ১৯৬০ ৰ দহকত সামাজিক কামত গাৱেঁ গাৱেঁ যাযাবৰৰ দৰে ঘুৰি ফুৰোতে তলত উল্লিখিত টুচু গীতসমূহ সংগ্ৰহ কৰিছিলোঁ। সংগ্ৰহ কাৰ্যত সহায় কৰা গাওঁ নিবাসী স্বৰ্গীয়া অমৃতা গোৱালা আৰু স্বৰ্গীয় মৈতি গোৱালাৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।]

ভাদ মাহৰ কৰম পূজা
কহ্নী বুঢ়াৰ কৰম,
পুষ মাসেতে টুচু পৰৱ
লটুচুমনিৰ ধৰম।

কৰম পূজাৰ দৰে টুচু পৰবো অসমৰ আদিবাসী চাহজনগোষ্ঠী লোক সকলৰ অতি প্ৰিয় উৎসৱ। পুহ মাহৰ সংক্ৰান্তি দিনা এই উৎসৱ পালন কৰা হয়। ইয়াক ‘পুচ পৰৱ’ নামেৰেও জনা যায়। আঘোনৰ শস্য ঘৰত চপাই পুহ মাহত ঘৰ ঘৰে নতুন ধানৰ ভাত ৰন্ধা, চিৰা খুন্দা, মুৰিভজা আদি কামত ঘৰৰ গৃহিনী সকল ব্যস্ত হৈ পৰে। গৃহস্থৰ মানুহ আৰু আলহীক নতুন ধানৰ ভাত সাজ ৰান্ধি খুৱাই গৃহিনীয়ে গৌৰৱ আৰু তৃপ্তি অনুভৱ কৰে। ঠিক এই সময়তে মহিলা সকলৰ মাজত মহা আনন্দেৰে টুচু পৰৱ পাতিবৰ বাবে আলোচনা কৰে। এগৰাকী মুখিয়াল মহিলাক টুচুৰ মাক হিচাপে বাচি লয়।

টুচুৰ প্ৰতিমা সাধাৰণতে মাটিৰে সজা হয়। বাঁহৰ কাঠিৰেও মন্দিৰৰ দৰে সজাই লোৱা হয়। চৌডলৰ ওপৰত ৰং-বিৰঙৰ কাগজ কাটি লগাই দেখাত সুন্দৰ কৰি লোৱা হয়। টুচু পূজাৰ দিনা মাটিৰ পাত্ৰত চাউলৰ লাড়ু, আখৈ, ফল-মূল, তুলসী পাত, বেলপাত, সেন্দুৰ, ধুপ আদিও থয়। ঘৰৰ মজিয়াত া পিৰালিত থাপনা পাতি টুচু দেৱীক ধুপ-ধুনা দি পূজা কৰি আশীৰ্বাদ লয়। পুহ মাহৰ সেমেকা শীতৰ আমেজত টুচুমণিহঁতে চদৰ-কম্বল উৰি চোতাল, পিৰালিত ঢাৰি-পিৰাত বহি নতুন ধানৰ চিৰা, মুড়ি, লাড়ু খাই, হাঁহি-খিকিন্দালিৰে তামুল-পান পাগুলিয়াই ওঠ ৰঙা কৰি সদল বলে ওৰে ৰাতি টুচুগীত গাই আনন্দ আৰু তৃপ্তি অনুভৱ কৰে। কিছুমান ঠাইত টুচুমণি সকলে ঘৰে ঘৰে টুচু বুলাই গীত গাই ফুৰাও দেখা যায়। টুচুদেৱীৰ চৌদলটো এগৰাকী মহিলাই মূৰত লৈ নাইবা চাৰিজন বা দুজন আদহীয়া যুৱকে কঢ়িয়াই টুচু বুলায়। পিছদিনা টুচুদেৱীক নদীত নাইবা জলাশয় আদিত বিসৰ্জন দিয়ে।

টুচুদেৱী থাপনাত স্থাপন কৰাৰ পৰা বিসৰ্জন দিয়ালৈ বিভিন্ন পৰিবেশত বিভিন্ন ধৰণৰ গীত পৰিবেশন কৰা হয়। টুচুদেৱীক এগৰাকী সৰ্বশক্তিমান দূৰ্গতি নাশিনী দেৱী বুলি মনা হয়। আনহাতে দৈনন্দিন জীৱনৰ আনন্দ বেদনাৰ মাজত টুচুদেৱীক এগৰাকী সাধাৰণ আবেগ-অনুভূতিৰ নাৰী হিচাপেও ধৰি লয়। সেয়েহে টুচুগীত সমূহত আদিবাসী চাহজনগোষ্ঠীৰ লোক সকলৰ জীৱনৰ হাঁহি-কান্দোন, আশা-আকাঙ্খা, সুখ-দুখ, বিৰহ-বেদনা আদিও প্ৰকাশ পায়। পৰম্পৰাগত ভাৱে মুখে-মুখে বাগৰি অহা এই গীত সমূহ একোটা জাতি-জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ পৰ্যালোচনা আৰু গবেষণাৰ বাবে অমূল্য সম্পদ আৰু উৎকৃষ্ট সমল।

টুচুদেৱীক সংক্ৰান্তিৰ দিনা থাপনাত স্থাপন কৰাৰ পাছত বন্দনা গীত গোৱা হয় এইদৰে-

তেল দিলি শলিতা দিলি
স্বৰ্গে দিলি বাতি,
সকল দেৱতাই সন্জা লেও
মা লক্ষ্মী সৰস্বতী।

আদিবাসী জনগোষ্ঠীৰ লোক সকলক একমাত্ৰ চাহজনগোষ্ঠীৰ আওঁতাত পেলাব নোৱাৰি। চাহ বাগিচা সমূহত বনুৱা হিচাপে অহা লোক সকলৰ সমান্তৰাল ভাৱে অসংখ্য পৰিয়াল অসমত আহি হাবি-জঙ্ঘল কাটি পোনে পোনে কৃষিবৃত্তি লৈও জীৱন-যাপন কৰিছিল। খেতিৰ লগতে তেওঁলোকে গোহালী ভৰা গৰু-ছাগলী, হাহ-পাৰ পুহিছিল। গধূলি ঘৰত গৰু-ছাগলী চপাৰ বিষয়ে টুচুমণি হঁতৰ গীত-

গাই আইল’ বাচুৰ আইল’
আইল’ মা-ভাগৱতী,
সন্জা লিয়ে বাহৰাও গো মা
ঘৰেৰ কূলৱতী।

দেশভাঙ্গে লোক আসেছে
কালো মেঘেৰ ডৰে,
হামদেৰ বৌ কান্দ্ছে গো
বসে মাঝিয়া ঘৰে।

বড় বৌয়েৰ মুখ বাঁকা,
হালেৰ হালোৱা বিক দাদা
ছোট বৌকে দে শাঁখা।

আদিবাসী জনগোষ্ঠীৰ বৰযাত্ৰী সকলে সাজিকাচি ঢোলে-দগৰে যোৱাৰ সময়ত আৰু পিতৃ-মাতৃয়ে মনে নিমিলা বয়সস্থ লোকৰ লগত জোৰ কৰি বিয়া দিলে অসহয়া কইনাজনীৰ মনৰ দুখ-বেদনা টুচুগীতত প্ৰকাশ পায়-

সবাৰ আগে বৰ চলেছে
হাতে বেঁকা লাঠি গো,
চলিতে নাপাৰ’ যদি
পন্থে লিব’ কোলে গো।

চোখ খাক তোৰ মায়ে বাপে
চোখ খাক তোৰ খুড়ালো,
এমন কৰে বিহা দিল
ঠেঙা ধৰা বুঢ়া গো।

কি পিন্ধ্ব’ মা জাকিট শাড়ী
কি পিন্ধ্ব’ মা সিন্দুৰ গো,
দেখে দেখে ঝুড়ে মৰি
বুঢ়া পাকা দাঢ়ি গো।

আদিবাসী সকলৰ পূৰ্ব-পুৰুষৰ ঠাই ৰাঁচি-পুৰুলীয়াৰ গীত-মাতৰ পৰম্পৰাও টুচুগীত সমূহত ফুটি উঠে-
পুৰুলাতে দেখে আইলি
কাওৱাতে দোকান মেলে,
এমন কাওৱা দোকান মেলে
যাই খুজিবে তাই মিলে।

আদিবাসী জনগোষ্ঠীৰ মহিলা সকলে যে পোচাক-পৰিচ্ছদ, প্ৰসাধন আদিত সচেতন আৰু সৌন্দৰ্যপ্ৰিয় তেনে অনুভূতি সমূহো টুচুগীতত সুন্দৰ ভাৱে প্ৰকাশ পায়। সেয়ে টুচুমণিহঁতে গায়-

লীলশাড়ী তোৰ সাধেৰ শাড়ী
কত’ হামৰা পৰেছি,
আইনা বুনা শাড়ীৰ লাগি
ডাকে চিঠি ভেজেছি।

বাজাৰ যাব’ পয়চা পাব’
কিনবগো মোৰা নিশি,
বসে বসে দাঁত গাবাব’
হাসলে যেমন পাই সিকি।

আলো ৰাইতেৰ কালো শাড়ী
জোস্না ৰাইতে পিন্ধনা,
বাজাৰ বেড়াইতে গেলে
চোৰ বলে কেউ ধৰনা।

গাড়ী আইল’ বাড়ী বাড়ী
আইল’ মা ঢাকাই শাড়ী,
ঐ শাড়ীতে লেখা আছে
কাঁইচি কাটা পানখিলি।

সংসাৰ জীৱনত ৰন্ধা-বঢ়া কৰা আৰু পৰিয়ালৰ লোকৰ খাদ্য পৰিবেশ্ন কৰা কামত বোৱাৰীজনীৰ অনৰ সুদুৱনি, আবেগ-অনুভূতি সমূহ টুচু গীতৰ মাজেৰে প্ৰকাশ পায়।

মাছ ৰান্ধেছি খানি খানি
মাছেৰ কাঁটা সিজেনা,
ভাসুৰ ভায়ে কাঁটা বাছে
লজ্জাতে প্ৰাণ বাঁচেনা।

মাছ ৰান্ধেছি খানি-খানি
তাই দিয়েছি আদা গো,
আদাৰ বাসে ভাতো খায় নাই
বড় বৌয়েৰ দাদাগো।

আস’ ভাসুৰ ভাত খাও ভাসুৰ
কি গো বহু তৰকাৰী,
ঐ শালাদেৰ বাড়ীৰ বাগুন
ভিজা বান্ধেৰ ঘগলী।

বিবাহিত বোৱাৰী গৰাকী শহুৰেকৰ ঘৰত আহি নতুন পৰিবেশত নিজকে খাপ খুৱাই লব নোৱাৰাত শাহু-শহুৰৰ পৰা পোৱা গঞ্জনাৰ আবেগ-অনুভুতি সমূহো টুচুগীতত স্পষ্টকৈ প্ৰকাশ পাইছে-

এক পাই ধানেৰ ছপাই মুড়ী
লায়ে লেগো শাগুড়ী,
আৰ যবনা শশুৰ ঘৰে
ধৰে মাৰে শাশুড়ী।

শুনগো মাসী শুনগো পিসী
শশুৰ ঘৰেৰ গঞ্জনা,
আমাৰ মা কাঙ্গালেৰে বেটী
দেয়গো ধনেৰ তুলনা।

আদিবাসী পৰিয়াল সমূহ আদিৰে পৰাই কৃষক আছিল। তেওঁলোকে কৃষিকৰ্মৰ ওপৰিও গোহালী ভৰা গৰু পুহিছিল। তেতিয়াৰ দিনত গৃহস্থই গৰুৰ পাল চৰোৱাৰ বাবে একোজন গৰখীয়াও ৰাখিছিল। তাৰোপৰি গৃহিনীসকলে যে গৰখীয়াজনকো পৰিয়ালৰ মানুহৰ দৰে মৰম-চেনেহ কৰিছিল সেই বিষয়েও উল্লেখ পোৱা যায় টুচুগীতত।

নদীৰ ধাৰে গাই ধুনাল’
বাচুৰেৰ নাম দাসী গো,
বাগালকে কিনেদিব
ঝুৰি লাগা বাঁশী গো।

হাঁকাতে হাঁকাতে বাগাল
গেলি অনেক দূৰেৰে,
মনে কৰি আনবি বাগাল
লাল শালুকেৰ ফুলৰে।

টুচুদেৱীক বিসৰ্জন দিয়াৰ দিনা একাধিক দল নদীৰ পাৰত গৈ টুচুক নদীৰ পাৰত ৰাখে। বিভিন্ন দলে প্ৰতিযোগীতামূলক গীত এনেদৰে গায়-

হামদেৰ টুচু মান পায়েছে
ডাঁইনে-বাঁয়ে লাল গৰু,
বাছে বাছে কমিন কৰ’
দাঁত কালো কমৰ চটু।

হামদেৰ টুচু মান কৰেছে
মাইনে গেছে সাৰা ৰাত,
খুলটুচু মনেৰ কপট
আসছেন তোমাৰ প্ৰাণনাথ।

আন এটা দলে ভেণজ্ঞুচালি কৰি গায়-

চাল উচাব’ বসে বসে
মুড়ি ভাজব’ সগৰে,
তোদেৰ টুচু মৰে গেলে
কাজ চালাব’ লগড়ে।

হামডেৰ টুচু মুড়ি ভাজে
শাঁখা ঝল-মল কৰে গো,
তোদেৰ টুচু অভাগিনী
শাঁখা কোথায় পাবে গো।

লিখক: ওচমান গনি