হাতে মুদ্ৰা,

মুখে পদ,

ময়ুৰসদৃশ নাচ।

অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক ক্ষেত্ৰখনত যিসমূহ লোককলা ভোটা তৰাৰ দৰে জিলিকি আছে তাৰ মাজৰে এটা অন্যতম কলা হ’ল ওজাপালি। অসমৰ অতীজৰ মূল দৰঙী সংস্কৃতিৰ দৃশ্য শ্ৰাব্য কলাসমূহৰ মাজৰ ই এটা অৰ্ধ নাটকীয় পৰিৱেশ্য কলা।

প্ৰাক শংকৰী যুগৰো আগৰ এইবিধ কলা হ’ল সৰ্বভাৰতীয় অৰ্ধনাটকীয় তথা পৰম্পৰাগত নৃত্যসমূহৰ এটা উজ্বল ধ্বজাবাহক।

ওজাপালিৰ আন এটা নাম পাঞ্চালি। এই শব্দটো মূলত: সংস্কৃত পাঞ্চালিক বা পাঞ্চালিকাৰ পৰা আহিছে। পূৰ্বতে ইয়াৰ অৰ্থ আছিল নাচৰ পুতলা। কিয়নো আদিতে এই গীতবোৰ পুতলা নাচৰ লগত গোৱা হৈছিল।

কিন্তু তথ্য অনুযায়ী সময়ৰ লগে লগে এই পুতলা নাচৰ পাঞ্চালি আৰু ওজাপালি দুটা ভিন্ন অনুষ্ঠানত পৰিণত হল। পুৰণিকালতে অসমৰ কামৰূপ জিলা, দৰং জিলা আৰু গোৱালপাৰা জিলাত কিছুমান সুকীয়া কলা-কৃষ্টিৰ আৱিৰ্ভাৱ হ’ল বা প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিলে। ইয়াৰ ভিতৰত ওজাপালি হ’ল অন্যতম।

ইয়াৰ সুৰ, তাল, লয়, নৃত্য, শাৰী হৈ থিয় হোৱা দৃশ্য, চকুৰ চাৱনি, ৰাগ তথা কাহিনীভাগে সকলো শ্ৰেণীৰ লোককে অভিভূত কৰি তোলে। সাধাৰণতে এজন ওজা আৰু পাঁচজন পালিয়ে এই নৃত্যানুষ্ঠান পৰিৱেশন কৰে যদিও ঠাইবিশেষে ইয়াৰ ভিন্নতা দেখা যায়।

ওজাপালিৰ জন্ম -

মাগধী শৈলীৰ চৰিত্ৰৰ লগত ভালেখিনি খাপখোৱা ওজাপালি অনুষ্ঠান ভাৰতীয় মাৰ্গী সংগীত পৰম্পৰাৰ পৰা জন্ম হোৱা বুলি ধৰা হয়। ইয়াৰ উদ্ভৱ আৰু বিকাশত মন্দিৰৰ প্ৰভূত অৰিহণা আছে।

এই ওজাপালি কলাশৈলীৰ উদ্ভৱ আৰু বিকাশ সন্দৰ্ভত বিভিন্ন জনশ্ৰুতি জড়িত হৈ আছে। কিছু দৈৱিক মতবাদ অনুসৰি বৃহন্নলাৰূপী অৰ্জুনৰ দ্বাৰা এইবিধ কলা স্বৰ্গৰ পৰা মৰ্ত্যত প্ৰচলিত হৈছিল।

পাৰিজাত নামৰ এগৰাকী মহিলাই স্বপ্নৰ দ্বাৰা এই কলা আয়ত্ব কৰি শিষ্যসকলক শিকায় বুলিও বিয়াহৰ ওজাপালিসকলে বিশ্বাস কৰে। বিয়াহ কলাই আৰু কেন্দুকলাই নামৰ দুগৰাকী ব্যক্তিবিশেষেই ওজাপালিৰ জনক বুলি কিছু জনশ্ৰুতি প্ৰচলিত।

তাৰোপৰি খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ বিশিষ্ট পণ্ডিত বেদাচাৰ্যৰ স্মৃতি-ৰত্নাকৰ, অসমৰ তাম্ৰ শাসন, গুৰু-চৰিত কথা আৰু বৈষ্ণৱ যুগৰ বিভিন্ন সাহিত্য সম্ভাৰত এই ওজাপালি প্ৰাচীন কালৰে পৰা প্ৰচলন থকাৰ তথ্য দেখা পোৱা যায়।

বিষয়বস্তু, প্ৰকাৰ -

পূৰ্বৰ ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভাগ কৰা হৈছিল।

সেয়া হ’ল-

১) মহাকাব্য আশ্ৰয়ী ওজাপালি আৰু

২) মহাকাব্য অনাশ্ৰয়ী ওজাপালি।

ইয়াৰে মহাকাব্য আশ্ৰয়ী ওজাপালিক আকৌ সাঁতোটা ভাগত ভগাব পাৰি-

*বিয়াহৰ ওজাপালি বা সভাগোৱা ওজাপালি

*ৰামায়ণ ওজাপালি

*ভাইৰা ওজাপালি

*দুৰ্গাবৰী ওজাপালি

*সত্ৰীয়া ওজাপালি

*পাঞ্চালি ওজাপালি

*দুলৰি ওজাপালি

আনহাতে মহাকাব্য অনাশ্ৰয়ী ওজাপালিক পাঁচটা ভাগত ভগাব পাৰি।

সেয়া হ’ল-

*সুকনানি ওজাপালি

*বিষহৰি গোৱা ওজাপালি

*মাৰে গান বা মাৰৈ গোৱা ওজাপালি

*পদ্ম পুৰাণৰ গান

*টুকুৰীয়া ওজাপালি

ওজা আৰু পালি এই দুইবিধ অনুষ্ঠান নিৰ্বাহিকাৰ দ্বাৰা ওজাপালি অনুষ্ঠান সংগঠিত হয়। পালি হ’ল ওজাক ওজাপালি অনুস্থান পৰিৱেশনত সংগত কৰা সহযোগী।

পালিয়ে হাতত খুটিতাল/খঞ্জিৰা লৈ বুঢ়া আঙুলিৰ সহায়ত এক বিশেষ ধৰণেৰে তাল বজাই আৰু গীত-পদৰ অনুকৰণেৰে ওজাক সহযোগ কৰে।

এই পালি সাধাৰণতে দুবিধ। সেয়া হ’ল-

*দাইনা পালি আৰু

*সাধাৰণ পালি

এইধৰণৰ শ্ৰেণীবিভাজন তথ্যসমৃদ্ধ হ’লেও আধুনিক সময়ত ওজাপালিক জীৱিত ৰূপত যি দুইধৰণেৰে পোৱা যায় সেয়া হ’ল-সুকনানি ওজাপালি আৰু ৰামায়ণ বা সভাগোৱা ওজাপালি। কামৰূপত ৰামায়ণ গোৱা ওজাক সভা গোৱা ওজা বোলে।

আনহাতে দৰঙত প্ৰচলিত পদ্মপুৰাণৰ গীত-পদ গোৱা ওজাক সুকনানি ওজা বোলা হয়। কামৰূপ আৰু বৰপেটা জিলাৰ কিছু কিছু অঞ্চলত কিছু বছৰ আগলৈকে ছোৱালীয়েও ওজাপালি প্ৰদৰ্শন কৰিছিল।

ৰামায়ণ বা সভাগোৱা ওজাপালিৰ বৈশিষ্ট্য থকা এইবিধ ওজাপালিক তিৰী বা আপী ওজাপালি বুলি জনা গৈছিল। কিন্তু সমাজৰ পৰিৱৰ্তনশীল ধাৰাটোৰ বাবেই হওক বা আধুনিকতাৰ প্ৰভাৱতেই হওক এইবিধ ওজাপালি এতিয়ালৈ কামৰূপ আৰু বৰপেটাৰ প্ৰায় দুই এঠাইতহে দেখিবলৈ পোৱা যায়।

ইয়াৰে আকৌ ওজাপালিয়ে গোৱা গীত-পদৰ বিষয় বস্তু, গীত-পদবোৰলৈ লক্ষ্য কৰি মহাকাব্য আসৃত ওজাপালিক বৈষ্ণৱ পৰিৱেশ্য কলা আৰু মহাকাব্য অনাসৃত ওজাপালিক সাক্ত পৰিৱেশ্য কলা বুলিও আখ্যা দিব পাৰি।

ব্যাসৰ ওজাপালিয়ে ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ গীতপদসমুহ গায় যদিও সুকনানি ওজাপালী শাক্ত দেৱীপূজাৰ সৈতে জড়িত হয় আৰু ইয়াত মনসাদেৱীক আৰাধনা কৰি পদ্মপুৰাণৰ গীতপদেৰে মনসাদেৱীৰ বন্দনা কৰা হয়।

পোছাক-পৰিচ্ছদ, পদ-মুদ্ৰা ইত্যাদি -

পোছাক-পৰিচ্ছদ হ’ল ওজাপালিৰ এটা লক্ষণীয় দিশ। সুকনানি ওজাপালিত ওজাই বগা ধুতি, গাত বগা চেলেং চাদৰ আৰু কপালত বগা চন্দনৰ ফোঁট লয়। ওজাজনৰ পাগুৰিটো দেখাত সাধাৰণ যেন লাগিলেও ই ডিম্বাকৃতিৰ হয় আৰু সমুখৰ ফালটো এটা টেমুনাৰ দৰে হয়।

কিন্তু ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰ কিছু পৃথক হয়। ৰামায়ণ বা সভা গোৱা ওজাই সুকনানি ওজাৰ দৰে সাপকন চোলা পিন্ধে যদিও কপালত দীঘল ৰঙা-হালধীয়া বৰণৰ গামোছা বান্ধে। এনে ওজাই ভৰিত নূপুৰ, হাতত ৰূপৰ গামখাৰু আৰু কপালত চন্দনৰ ফোঁট লয়।

আনহাতে এই দুয়োবিধ ওজাপালিতে পালিৰ পাগুৰিটোৰ ধৰণ একেই হয়। দেখাত সাধাৰণ যেন লাগে যদিও এই পাগুৰিটোৰ সমুখভাগ ময়ুৰ চৰাইৰ পাখীসদৃশ হয়। ইয়াৰ বৰণ বগা হয় আৰু কাপোৰত দহটা ভাঁজ দি ইয়াক ময়ুৰপাখীৰ দৰে কৰি লোৱা হয়।

পুৰণি কালত সুকনানি ওজাজনে তিৰোতাৰ নিচিনাকৈ দীঘল চুলি ৰাখিছিল আৰু খোপা বান্ধিছিল যদিও বৰ্তমান ই লোপ পাইছে বুলিব পাৰি। সভা গোৱা ওজাই আখ্যানৰ লগত ৰিজাই কিছুমান খুহুতীয়া কথাৰ মাজেৰে বৰ্ণনা দি দৰ্শকক হাঁহিৰ খোৰাক যোগায় আৰু সেইদৰেই নৃত্যটোক আমোদজনক কৰি তোলে। সভা গোৱা ওজাই খুটিতাল বজায়।

কিন্তু সুকনানি ওজাপালিত পালিয়ে(আৰু কিছুক্ষেত্ৰহে ওজাই) এখন হাতেৰে বুঢ়া আঙুলিত ৰঙা ৰচীৰে মেৰিয়াই খঞ্জিৰা বজায়।

নৃত্য-গীতৰ দ্বাৰা ওজাই প্ৰথমে স্বস্তি মুদ্ৰা আৰু তাৰ পাছত সংহাৰী মুদ্ৰাৰে অনুষ্ঠান আৰম্ভ কৰে। তাৰ পাছতে দেৱ-দেৱীৰ বন্দনা কৰা হয় আৰু শেষত আহে গীত পদ সমূহৰ সুৰসঞ্চাৰিত পৰিৱেশন। এই পদ গোৱা পৰ্বত ওজাই প্ৰথমে দিহা, ৰাগ আদি লগাই দিয়ে আৰু পালিসকলে ইয়াত সহযোগ কৰে।

দাইনা পালি আৰু অন্য পালিৰ দ্বাৰা ওজাই পৰিৱেশন কৰা গীতবোৰ কথিত গদ্যত ৰসালভাৱে অথবা অভিনয়ভংগীত দৰ্শকক বুজাই দিয়ে। মুখ্যতঃ ধৰ্মীয় দিশৰ সৈতে সংপৃক্ত হোৱা বাবে ওজাপালিসকলে শুভ্ৰ পোছাক পিন্ধে বুলি জনশ্ৰুতিয়ে কয়।

দেওধনী নৃত্য কি -

সুকনানি ওজাৰ ওজাপালিৰ এক আংগিক উপাদান হ’ল দেওধনী নৃত্য। ৰামায়ণ গোৱা ওজাৰ লগত দেওধনী নাথাকে, কিন্তু সুকনানি ওজাৰ দেওধনী একপ্ৰকাৰ প্ৰধান অংগ বুলিব পাৰি। আজিকালি এই দেওধনী প্ৰায় লোপ পাই আহিছে। দেওধনীয়ে কিছুমান অলৌকিক শক্তি দেখুৱাই মানুহৰ মন আকৰ্ষণ কৰে।

আখ্যানমতে বেউলাই লখিন্দৰক জীয়াই তুলিবলৈ দেৱতাৰ আগত কৰা নৃত্যটোৱেই হ’ল দেওধনী নৃত্য। এই দেওধনীৰ প্ৰাৰম্ভিক পদচালন মুদ্ৰা পালীৰ সৈতে একে হোৱাটো ইয়াৰ এটা সাধাৰণ বৈশিষ্ট।

দেওধনী নৃত্যৰ পোছাক সাধাৰণতে ৰঙা বৰণৰ হয় আৰু বুকুত মৰা নীলা বৰণৰ মেথনিয়ে চুলি মেলি নচা নৰ্তকীক এক অনন্য মাত্ৰা প্ৰদান কৰে।

এই নৃত্যক মৃত সঞ্জীৱনী নৃত্য বুলি ধৰা হয় আৰু ইয়াৰ পৰিৱেশনশৈলী আন নৃত্যৰ লগত নিমিলে। পূৰ্বতে অসমত দেওধনী নচা ছোৱালী নাছিল। সংৰক্ষণশীল সমাজব্যৱস্থাৰ বাবেই এনে হৈছিল।

আনহাতে এই নৃত্যৰ যোগেদি ভগৱানৰ আগত সতী বেউলাই নিজৰ স্বামী লখিন্দৰক জীয়াই তুলিবলৈ নাচিছিল বাবে সমাজে তেনে নৃত্য কৰা ছোৱালীক অসতী শ্ৰেণীতে ধৰিছিল আৰু হেয় জ্ঞান কৰাৰ লগতে বিবাহৰ অযোগ্য বুলি ভাবিছিল।

সময়ৰ পৰিৱৰ্তনশীল ধাৰাটোৱে এই আহুকলীয়া চিন্তনত কিছু শিথিলতা আনে যদিও আজিও দেওধনী নচা ছোৱালীৰ সংখ্যা তেনেই নগন্য বুলিব পাৰি।

বৰ্তমানৰ ওজাপালি -

জীৱনৰ চৌষষ্টি কলাৰ ভিতৰত বিশেষকৈ সাহিত্য, সংগীত আৰু নৃত্যকলাৰ এক সমন্বয় হ’ল ওজাপালি। প্ৰাক শংকৰী যুগৰো বহুকাল আগতে সুস্থৰূপত প্ৰচলিত আছিল ওজাপালি।

ইয়াক ধৰ্মীয় অনুষ্ঠান হিচাবে গণ্য কৰিলেও তেতিয়াৰ সময়ত ওজাপালিক অসমীয়া জাতিৰ এটা অতি আপুৰুগীয়া আৰু প্ৰধান কলা হিচাপে গণ্য কৰা হৈছিল। এই কলাক জীয়াই ৰখাৰ বাবে কেৱল যে অসমীয়া লোকেই অহোপুৰুষাৰ্থ কৰিছিল, তেনে নহয়।

এই নৃত্যত আন আন জনগোষ্ঠীৰ লোকো সমানে জড়িত আছিল। উদাহৰণস্বৰূপে পৰশু শ্বেখ ওজাৰ নাম সজোৰে উচ্চাৰণ কৰিব পাৰি। এইজন লোক ধৰ্মত ইছলাম আছিল যদিও ওজাপালি আৰু দেওধনী নৃত্যৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

তেওঁকেই প্ৰথম মুছলমান ওজা বুলি ধৰা হয়। তেওঁৰ নাট্যদলৰ কেইজনমান বিখ্যাত পালি হ’ল ফুটামৰা শ্বেখ, পনৌ চানা, দুৰাণ আৰু পুৰাণ।

আকৌ এই দলটোৰ লগতে দেওধনী নৃত্য পৰিৱেশন কৰা প্ৰথম মহিলা গৰাকী হ’ল হাফেজা বেগম। দৰঙ জিলাৰ মুছলমান অধ্যুষিত এলেকা ওজাপাৰা চুবাৰ নাম পৰশু শ্বেখ ওজাৰ পৰাই হ’ল বুলি জনা যায়।

আধুনিক বুৰঞ্জীৰ কিছু পৃষ্ঠা লুটিয়াই চালে দেখা যায় যে বিশ্বসিংহৰ বংশধৰ কোঁচ নৃপতিসকলে দৰঙী কলা-কৃষ্টিৰ বিকাশ তথা প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। এই দৰঙী ৰজাসকল আছিল সাক্তধৰ্মী।

তেখেতসকলেই মাৰৈ পূজা কৰিছিল (অসমত অঞ্চলবিশেষে ইয়াক ‘মাৰে পূজা’ বুলিও জনা যায়) আৰু এই পূজাত পৰিৱেশ্য কলা হিচাবে ওজাপালি আৰু দেওধনী নৃত্যৰ পোষকতা কৰিছিল।

ৰজাই এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা খুটিতাল, বৰতাল, ঢোল, জয়ঢোল ইত্যাদিৰ যোগানো ধৰিছিল। আনকি নৃপতিসকলে গায়নৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা শুকনানি পুথিও ওজাসকলক যোগান ধৰিছিল।

জনশ্ৰুতি মতে কোঁচ ৰজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে ১০,৫০০ পদেৰে শুকনানি বা পদ্মপুৰাণখন ৰচনা কৰিছিল। কিন্তু, মনসা পূজা বা মাৰৈপূজাৰ লগত ই কেনেধৰণেৰে আৰু কোন সময়ত জড়িত হ’ল সেয়া জনাটো কঠিন।

কিছুমানৰ মতে সুকবি নাৰায়ণ দেৱৰ নামেৰে ই সুকনানি নাম পায়। ওজাপালিৰ পৰম্পৰাগত গীত-পদ সমূহকেই প্ৰণালীৱদ্ধভাৱে সুকবি নাৰায়ণদেৱে ওজাপালিয়ে গাব পৰাকৈ মনসাদেৱীক লৈ পদ্মপুৰাণ আৰু আন মনসা কাব্যকেইখন লিখি উলিয়ায়। পাছলৈ দুৰ্গাবৰ আৰু মনকৰে ওজাপালিসকলে গাব পৰাকৈ ইয়াত সুৰ-সঞ্চাৰ আৰু অলংকৰণ কৰে।

সংগ্ৰাম আন এটি নাম জীৱনৰে -

ললিত চন্দ্ৰ নাথ হ’ল সুকনানি ওজাপালিৰ এজন অন্যতম আকৰ। বৰ্তমানৰ মঙ্গলদৈ জিলাৰ চিপাঝাৰৰ সাতঘৰীয়া গাঁৱত ১৯২৩ চনত তেওঁৰ জন্ম হৈছিল।

দেউতাক ভুৱন চন্দ্ৰ নাথ আছিল এজন পৰম্পৰাগত দেওধনী আৰু সুকনানিৰ ওজা। মাকৰ নাম আছিল ফাগুনী দেৱী।

তেওঁৰ জন্মৰ দিনাও ঘৰত দেউতাকে মনসা পূজা কৰি আছিল আৰু জন্মৰ মূহুৰ্ততো আনকি ঘৰত ওজাপালি চলি আছিল। তাকে দেখি গাঁৱৰ ৰাইজে ভৱিষ্যদ্বাণী কৰিছিল যে এসময়ত তেওঁ এজন প্ৰখ্যাত ওজায়েই হ’ব। তেওঁৰ পিতৃকে ধৰি মুঠ সাত পুৰুষ ওজা আছিল। তেওঁলোক হ’ল ক্ৰমে-

(১) মেঘু ওজা

(২) জীও ওজা

(৩) শিশু ওজা

(৪) বিশু ওজা

(৫) বনৰাম ওজা

(৬) চন্দ্ৰনাথ ওজা।

ল’ৰালিকালতেই ওজাই দেউতাক আৰু খুৰাকৰ আখৰাবোৰ দেখিয়েই অনুপ্ৰাণিত হৈ লুকাই চুৰকৈ এইবোৰ শিকিছিল।

শিশুমনত সৃষ্টি হোৱা আগ্ৰহ আৰু কৌতুহলৰ প্ৰতি সহাৰি জনাই পাছলৈ তেওঁলোকেই ললিত চন্দ্ৰ নাথক দেওধনী আৰু সুকনানি ওজাপালিৰ মুদ্ৰা, পদসঞ্চালন ইত্যাদিসমুহ শিকাই দিছিল। সৰুৰেপৰা অনুসন্ধিৎসু মনৰ গৰাকী ললিত চন্দ্ৰ নাথক দেউতাকে ৬ বছৰ বয়সত ঘোৰাবন্ধা প্ৰাইমেৰী স্কুলত ক মান শ্ৰেণীত নামভৰ্তি কৰি দিছিল।

কিন্তু ইয়াৰ কিছুদিনৰ পাছতে সান্নিপাত জ্বৰ হৈ দেউতাক ঢুকায়। সেই সময়ত ডাঙৰ ককায়েক দিনানাথৰ বয়সো ৯-১০ বছৰমানহে হৈছিল। এনে অৱস্থাত তেখেতে পঢ়াশুনা চলাই নিবলৈ যথেষ্ঠ অসুবিধাৰ সমুখীন হয়। সেয়ে, খুজি-মাগি পৰিয়ালক ভৰণ-পোষন দিয়া মাকক কিছু সহযোগ কৰাৰ মানসেৰে তেওঁ পঢ়াশুনা সিমানতে শেষ কৰি আনৰ ঘৰৰ গৰু চৰাবলৈ ল’লে।

আনকি ঘৰৰ শেষ সম্পত্তি হিচাবে থকা দেউতাকৰ সৰু দোকানখনো বিক্ৰী কৰিবলগাত পৰে। নিজৰ কামত থকা একাগ্ৰতাৰ সুবাদতে নতুন মালিকৰ সেইখন দোকানতে কাম কৰি যি টকা পাইছিল তাৰে তেওঁ নিজৰ পঢ়াশুনা পুনৰ আৰম্ভ কৰে।

সেই কষ্টৰ মাজতে তেওঁ এম ই পাচ কৰিছিল আৰু ঘৰুৱা অৱস্থাটোৰ কিছু ভাল কৰাৰ মানসেৰে শিক্ষক পদ লাভৰ বাবে বিভিন্ন পক্ষৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু এইক্ষেত্ৰত বিফল হোৱাত তেওঁক গাঁৱৰ মানুহে চাকৰিৰ চিন্তা বাদ দি পিতাকৰ বিদ্যাটোকে ভালদৰে শিকিবলৈ কয়।

উপায়ন্তৰ হৈ তেওঁ সুকনানি ওজাপালি শিকাৰ ইচ্ছা প্ৰকাশ কৰে আৰু ১৬ বছৰ বয়সতে তেওঁৰ ককায়েকে তেওঁক বনৰাম ওজা নামৰ এজন প্ৰখ্যাত ওজাৰ ওচৰলৈ লৈ যায়। এই বনৰাম ওজা হ’ল সম্বন্ধত তেওঁৰে বৰদেউতাকৰ ল’ৰা তথা ওজাপলি শিক্ষাৰ প্ৰথম গুৰু।

এনেধৰণেৰে কিছু শিক্ষা গ্ৰহণ কৰাৰ পাছতে এদিনাখন তেওঁক স্বাধীনভাৱে মনসা পূজাত দেৱীৰ আগত গীত-পদ গাবলৈ দিয়া হৈছিল। সেয়াই যি আৰম্ভণি। সেইদিনাই তেওঁ মন্ত্ৰমুগ্ধ হৈ আজীৱন ওজাপালি গাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তিনি বছৰমান ওজাপালিৰ গীত-পদ-মুদ্ৰাৰ লগত অভ্যস্ত হোৱাৰ পাছত তেওঁক গুৰুৱে নিজাকৈ এটা ওজাপালিৰ দল গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সেইমৰ্মে ১৮ কি ১৯ বছৰ বয়সতে তেওঁ লগত ৬ জন পালি ক্ৰমে কিনাৰাম নাথ, কাশীৰাম নাথ, চণ্ডীৰাম ভূঞা, মনিৰাম নাথ, সন্তুষ বৰা আৰু পিলিঙা নাথক লৈ নিজাববীয়াকৈ ওজাপালিৰ দল গঠন কৰে আৰু সাতঘৰীয়া গাঁৱৰ সোণাৰাম নাথৰ ঘৰত প্ৰথম ওজাপালি গায়।

জীয়াই থাকিবৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰাৰবাবে বৃত্তিমূলক দিশত এয়াই আছিল নাথ ওজাৰ প্ৰথম স্বাধীন খোজ। তাৰ পাছতে তেখেতে চুবুৰিৰ পৰা গাঁও আৰু গাঁৱৰ পৰা ওলাই সমগ্ৰ দৰং জিলাতে অতি কম সময়তে জনপ্ৰিয়তা লাভ কৰে।

ক্ৰমশ: তেখেতৰ দলটো সমগ্ৰ দৰং জিলাতে বিখ্যাত হৈ পৰে আৰু প্ৰায় সকলোবোৰ প্ৰতিষ্ঠিত লোকৰ ঘৰত অনুষ্ঠিত মনসা পূজা আৰু মাৰৈ পূজাত তেওঁৰ দলটো আমন্ত্ৰিত হয়।

১৯৪৬ চনত বুঢ়ীনগৰত অনুষ্ঠিত হোৱা সমূহীয়া দুৰ্গাপূজাত তেওঁলোকৰ ওজাপালি, দেওধনী নৃত্য দেখি সন্তুষ্ট হৈ মুক্তিযুঁজাৰু প্ৰয়াত পানীৰাম দাসে তেওঁলোকক পাণ্ডুত অনুষ্ঠিত হ’বলগীয়া জাতীয় কংগ্ৰেছ সভালৈ নৃত্য পৰিদৰ্শনৰ বাবে আমন্ত্ৰণ জনায়।

তাত তেওঁলোকৰ অনুষ্ঠান প্ৰত্যক্ষ কৰি সকলো মহলে ভুয়সী প্ৰসংসা কৰে। সংগীত-নৃত্যৰ এই স্বৰ্ণিল যাত্ৰাৰ মাজতে ১৯৫০ চনত ২৭ বছৰ বয়সত ললিত বন্দ্ৰ নাথে গুৰুখুটীৰ দুখতনি গাঁৱৰ স্বৰ্গীয় পানীৰাম নাথৰ বৰ জীয়েক দৈৱকী দেৱীক বিয়া কৰায়।

১৯৫৩ চনত সাহিত্যিক সূৰ্যকুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনলৈ তেওঁৰ দল আমন্ত্ৰিত হয় আৰু পৰ্বত ভৈয়াম সাংস্কৃতিক অনুষ্ঠানত তেওঁলোক গীত-নৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰে।

ইয়াতেই তেওঁ লগ পাইছিল বিঞ্চুৰাম মেধি, দেৱকান্ত বৰুৱা আৰু মতিৰাম বৰাৰ দৰে মহান নেতা সকলক। সেই বছৰতেই তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৰেডিঅ’ বিষয়া প্ৰয়াত পুৰুষোত্তম দাসৰ সান্নিধ্যলৈ আহে আৰু ৰেডিঅ’ৰ কন্ঠ পৰীক্ষাতো উত্তীৰ্ণ হয়।

সেইদৰেই ৰেডিঅ’ শিল্পীৰূপে তেওঁ ক্ৰমাত অসমজুৰি পৰিচয় আৰু সমাদৰ লাভ কৰে আৰু এসময়ত এইদৰেই তেওঁ আৰু তেওঁ ন-ৰূপ দিয়া সুকনানি ওজাপালিয়ে সমগ্ৰ অসমতে প্ৰসাৰ আৰু প্ৰতিষ্ঠা লাভ কৰে।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলৈ অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ আহিবলৈ লয়। ১৯৫৮ চনত সাহিত্যিক মহেশ্বৰ নেওগদেৱে তেওঁক নিজৰ ঘৰলৈ মাতি আনি দিল্লীত সঙ্গীত নাটক একাডেমীৰ অনুষ্ঠানলৈ ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনায়। ৰাষ্ট্ৰীয় পৰ্যায়ত এয়া আছিল নাথৰ প্ৰথম খোজ।

১৯৭৪ চনত অসম সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ হাজৰীকাই দৰং কলাকৃষ্টি উন্নয়ন সংঘ নামেৰে এটা অনুষ্ঠান দৰং জিলাৰ ছিপাঝাৰত স্থাপন কৰে।

ইয়াৰ আলমতে লুপ্ত হ’বলৈ ধৰা দেওধনী নৃত্যৰ এখন বিদ্যালয় প্ৰতিস্থা কৰা হয় আৰু সেই সময়তে তেওঁ প্ৰায় ৬০ জনী ছোৱালীক দেওধনী নৃত্যৰ প্ৰশিক্ষণ দিয়ে আৰু সমাজৰ প্ৰচলিত ধোৱাময় ধাৰাটোক কিছু পৰিমাণে পৰিস্কাৰ কৰাৰ উদ্যোগ লয়।

১৯৮১ চনত তেওঁ আৰু কিছুদূৰ আগবাঢ়ি সংগীত নাটক একাডেমীৰ অনুদানেৰে এটা দহদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচী অনুস্থিত কৰি দহগৰাকী যুৱকক ওজাৰ আৰু দহগৰাকী ছোৱালীক দেওধনীৰ প্ৰশিক্ষণ দিয়ে। ১৯৮৩ চনত তেওৰ কৰ্মৰাজিৰ স্বীকৃতিস্বৰূপে তেওঁ লাভ কৰে সংগীত নাটক একাডেমী বটা।

এইগৰাকী কৃষ্টিসাধকে ১৯৮৫ চনত ব্ৰহ্মপুত্ৰ স্নেহ চাউনী, এছিয়ান গেমচ, আন্তৰ্জাতিক বানিজ্য মেলা ইত্যাদিত অনুষ্ঠান প্ৰদৰ্শন কৰি অসমৰ দৰঙী কলাকৃষ্টিক আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰে। ইয়াতে তেওঁ লগ পাইছিল বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা লোক কলাকৃষ্টিৰ দলসমূহ। তেওঁলোকেও সুকনানি আৰু দেওধনীক শাস্ত্ৰসন্মত শিল্প বুলি অভিহিত কৰিছিল। দৰঙী কলাকৃষ্টি সংঘই ১৯৮৫ চনত চেঙাপাৰা অধিৱেশনত তেওঁক সুকনানি সংগীতাচাৰ্য্য উপাধি প্ৰদান কৰে।

শেহতীয়াকৈ ২০১২ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫০ বছৰীয়া জন্মজয়ন্তীত তেওঁক সংগীত নাটক একাডেমীয়ে “ৰবীন্দ্ৰনাথ ঠাকুৰ ৰত্ন” বঁটা আগবঢ়ায়।

ললিত চন্দ্ৰ নাথ ওজা যে কেৱল সুকনানি-দেওধনীতেই অভ্যস্ত আছিল তেনে নহয়। সেই সময়ত তেওঁৰ এলেকাটো বহুধৰণেৰে পিছপৰা আছিল বাবে তেওঁ এই ক্ষেত্ৰত পৰোক্ষ আৰু প্ৰত্যক্ষ দুয়ো ধৰণেৰে সমাজৰ হিত সাধনৰ হেতু বহু চেষ্টা কৰিছিল আৰু সফল হৈছিল।

এসময়ত তেওঁ সাতঘৰীয়া আৰু দক্ষীণপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি হৈ ৰাইজৰ সেৱাত ব্ৰতী হয় আৰু নিজৰ এলেকাটোৰ দলং, ৰাস্তা-পদূলি ইত্যাদিসমূহ নিৰ্মাণত ৰাইজৰ কান্ধত কান্ধ মিলায়।

একেদৰে ১৯৬০ চনত তেওঁ কৃষিজীৱীসকলৰ হিতাৰ্থে কদমতলি বহুমুখী সমবায় সমিতি নামেৰে এখন সমবায় সমিতি গঠন কৰি সমবায় ব্যৱস্থাৰ সজাগতা মানুহৰ মাজত সৃষ্টি কৰিবলৈও সক্ষম হৈছিল।

বৰ্তমানে সংগীত নাটক একাডেমীৰ সহযোগতে তেওঁৰ ঘৰতেই আছে “গুৰু শিষ্য পৰম্পৰা বিদ্যালয়” নামৰ এখন নৃত্য-গীতৰ বিদ্যালয়। এই বিদ্যালয়ৰ যোগেদি তেওঁ নতুন চামক ওজাপালি আৰু দেওধনীৰ কাষলৈ চপাই আনিবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয়।

তেওঁ ওজাপালি আৰু দেওধনীৰ প্ৰসাৰৰ বাবে ২০০৭ চনত “সুকনানি সংগীতৰ ৰেঙণি” নামেৰে এখন পুথি লিখি উলিয়ায়। গীত-পদ, মুদ্ৰাৰ প্ৰায়োগিক ব্যৱহাৰৰ ওপৰত লিখা এই কিতাপখন এইবিধ কলাৰ জিজ্ঞাসুসকল তথা নৱশিকাৰুৰ প্ৰায়োগিক দিশত এক আপুৰুগীয়া সম্পদ।

ওজাপালিৰ ভৱিষ্যত আৰু কিছু আশংকা -

অসমত এসময়ত ওজাপালিৰ যথেষ্ট আদৰ আছিল। আজিৰপৰা প্ৰায় ৫০০ বছৰ আগতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই ওজাপালিৰ আলমতে সৃষ্টি কৰিছিল অংকীয়া নাট আৰু সত্ৰীয়া নৃত্য।

সভাই-সমিতিয়ে, পূজাই-পাৰ্বণে বিভিন্ন ধৰণেৰে ওজাপালিয়ে বাস কৰিছিল মানুহৰ মনৰ অন্ত:কোণত। কিন্তু যেতিয়াৰে পৰা অসমৰ চৌদিশ পশ্চিমীয়া সংস্কৃতিৰ ডাৱৰে ছনি ধৰিবলৈ ধৰিলে, তেতিয়াৰে পৰা ক্ৰমশঃ অসমীয়া সংস্কৃতিৰ প্ৰায় প্ৰতিটো উপাদানতে অসমীয়া মানুহৰ ৰুচি ক্ৰমশ: কমি আহিবলৈ ধৰিলে আৰু ক্ৰমাত এইবোৰ অৱলুপ্তিৰ গৰাহত পৰিবলৈ ধৰিলে।

এই সংকটৰ ডাৱৰ ওজাপালিতো ঘণীভূত হ’ল। ওজাপালি কৃষ্টিৰ লগত জড়িত প্ৰায়খিনি মানুহৰে আৰ্থিক অৱস্থা পূৰ্বৰ দৰে এতিয়াও একেবাৰে ভাল নহয়। তথাপিও কৃষ্টিটো বজাই ৰখাৰ স্বাৰ্থতে বৰ্তমানলৈ কেৱল কিছুসংখ্যক লোকহে ইয়াৰ সৈতে জড়িত হৈ আছে।

বৰ্তমান সময়ৰ যিসকল নাট পৰিচালক বা নাট্যকাৰ সাংকেটিক নাটকৰ সৈতে জড়িত তেওঁলোকৰ কিছুসংখ্যকে ওজাপালিৰ নাটকীয় উপাদানৰ ব্যৱহাৰেৰে ইয়াক এটা নতুন স্তৰলৈ তুলি অনাৰ বাবে কিছু উদ্যোগ লোৱা দেখা যায়।

১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি ৰাস্ত্ৰীয় কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হয়। কিন্তু এই নৃত্যক আধুনিক সময়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কোনোপক্ষৰপৰা বিশেষ উদ্যোগ লোৱা দেখা নাযায়। সেয়ে সময় থাকোতেই এই ক্ষেত্ৰত উচিত পদক্ষেপ নললে এটা সময়ত অসমৰ আন কিছু অনুষ্ঠানৰ দৰে যে ওজাপালিও হেৰাই যাব সেয়া ধুৰূপ।

লেখক: ভাস্কৰজ্যোতি দাস