ভৈয়ামৰ কার্বি সকলৰ লোকবাদ্য আৰু লোক-নৃত্য -

১) চেংপে (ডাঙৰ ঢোল):

এই ঢোলটো ষোল্ল-ওঠৰ ইঞ্চি মান দীঘল, দহ-বাৰ ইঞ্চিমান ব্যাসৰ কাঠৰ খোলাৰে চেংটো তৈয়াৰ কৰা হয়।

ঢোলটো এফালে সৰু, এফালে ডাঙৰ। ঢোলটো কোবানিখন গৰু চালৰ আৰু তালিখন ছাগলী ছালৰ। কোবনি-তালিক কার্বিত ‘আবং-তালি’ বোলি কোৱা হয়।

২) দাংদ (এমুখীয়া ঢোল):

এই ঢোলটো ঢুলিয়াই কঁকালত বান্ধি লৈ বিহুৰ সময়ত ‘চেংবে’ৰ সৈতে বজায়। এই ঢোলটো দুখন হাতত দুডাল মাৰিলৈ বজোৱা হয়।

৩) কিথি কাৰহি আচেং :

গাঁৱত কোনো লোকৰ মৃত্য হ’লে একেদিনা ভিতৰত ঢোলকাটি, ঢোল খুলি, তাত চামাৰা-বৰতি লগাই মৃতকৰ চোতালত যিটো ঢোল বজাই নাচিবলগীয়া হয়, সেই ঢোলটোৱে হৈছে ‘কিথি কাৰহি আচেং’|
৪) আহন আপংছী (বৰবাঁহী):

আহন আপংছী মানে হ’ল বৰবাঁহী। এই বাঁহীত আঠটাকৈ ফুটা থাকে। কৃষি দেৱতাৰ পূজা ‘ৰেত আর্ণাম’, ‘আমৈ মৈ কিকান’, দেহাল পূজা,বাঁহ নৃত্য( ক্লক্ ক্লক্ চৰ’কিকান), ডেকা চাঙত মেল বহা দিনখন, কোনোবা গৃহস্হৰ মাংগলীক অনুষ্ঠানত এই বাঁহী বজোৱা হয়।

৫) তুৰয়িত (বাঁহী):

‘তুৰিয়া’ মানে হ’ল ওঁঠেৰে বজোৱা বাঁহী। এই বাঁহীটো প্ৰধানকৈ গৰখীয়াসকলে বজায় কাৰণে ইয়াক গৰখীয়া বাঁহী বুলিও জনা যায়।

এই বাঁহৰ বাঁহীটোত মাত্ৰ দুটা ফুটা থাকে। এই বাঁহী বন দেৱতাৰ পূজা ‘ইংলং আর্ণাম’ পাতাৰ পাছতহে বজাব পাৰে।

৬) বৰকালি আহনমুৰীত:

কলিটোত মাইকী হাঁহৰ পাখিত ধানৰ নাৰদি বজোৱা হয়। দ’মাহী, দেওশাল ‘আর্ণাম কিপন’, গাভৰু সকলে দেহাল পূজাৰ সময়ত পিঠাগুৰি খুন্দোতে, ডেকা চাঙৰ বৰ খুঁটা ‘নুমপেটো’ আনোতে বজোৱা হয়। পাছত এই কলিটো সসন্মনে বাংঠেৰ ঘৰত ৰখা হয়।

৭) মুৰীতয’ৰা:

এই কলিটোত ভালেমান যোৰা থাকে কাৰণ ইয়াক ‘মুৰীতয’ৰা’ বোলি কোৱা হব। মুৰীতয’ৰাটো দেহাল পূজা আৰু দ’মাহীত ব্যৱহাৰ কৰা নহয়। এই দুটি অনুষ্ঠানৰ বাহিৰে অন্যান্য অনুষ্ঠানত মুৰীতয’ৰা বজোৱা হয়।

৮) মুৰীতজাংকেক্ (পেঁপা):

এই পেঁপাটো বন বাঁহৰ আগলিৰে বনোৱা হয়। ইয়াক হাদাৰী খেলোতে,খৰি-খেৰ কাটিবলৈ যাওঁতে, গৰু চৰাওতে বজোৱা হয়।

৯) পামপ্ৰপ :

ই এটা বাঁহৰ চুঙাৰ বাদ্য। ইয়াক ‘আমৈ মৈ কিকান’ত বজায়।

১০) গেংগং।

১১) হার্লিং (তাল):

কার্বি সমাজত তালৰ ব্যৱহাৰ নাই যদিও বাঘ মাৰি পতা অনুষ্ঠান ‘টিকে কিকান’ত তাল ব্যৱহাৰ কৰা হয়।

১২) সান(কাঁহ)।

লোক নৃত্য –

ভৈয়ামৰ কার্বি লোকসকল অনুষ্ঠানপ্ৰিয় সংগীতময় জনগোষ্ঠী। এই লোক সকলৰ এনে এটা লোকানুষ্ঠান নাই য’ত নেকি লোকবাদ্য এটি নবজাব বা লোকনৃত্য এটা নানাচিব। আনকি মৃত এগৰাকীৰ শ’ৰ কাষতো ‘অচেপী’ এজনীয়ে বিননি বা সুৰতুলি কন্দাৰ নিয়ম আছে। কার্বি সমাজৰ সৰহখিনি অনুষ্ঠানেই কৃষিৰ লগত জড়িত। ভৈয়াম কার্বি নৃত্যক ‘কিকান’ বুলি কোৱা হয়।

১) ৰেত কিনং কিকান

২) দ’মাহী কিকান

ভৈয়ামৰ কার্বি লোক সকলে বিহু তিনিটা নিজস্ব পৰম্পৰাৰে পালন কৰি আহিছে। বৰবিহু ‘দ’মাহীপে’ত তেওঁলোকে প্ৰতি ঘৰ মানুহৰ চোতালত গৈ চোতাল গীত ‘খল আলুন’ৰ উপৰিও ‘দ’মাহী আলুন’ গায় আৰু নৃত্য কৰে।

চোতালত নাচোতে ‘কার্লেক কিকান'(কের্কেটুৱা নৃত্য), ‘ফুউক কি-এ কিকান’ (কল গছ নৃত্য), ‘টিক চৰং কিনেপ কিকান'(বাঘে গৰু ধৰা নৃত্য), ‘ৱ’পাচিৰছু কিকান”(কুকুৰা যুঁজৰ নৃত্য), ‘চং-নক্ কিকান'(ঢোল তৰোৱাল নৃত্য) আদি।

৩) আমৈ মৈ কিকান।

কার্বিভাষাৰ ফকৰা-যোজনা সমূহ -

লোক-সাহিত্য লোক-জীৱনৰ আধাৰত গঢ় লৈ উঠে কাৰণে তাত লোক-জীৱনৰ অনুৰণন দেখা যায়। অসমৰ লোক-সংস্কতিৰ মাজত থাকিয়েই কার্বি লোক-সাহিত্যও স্বকীয় সত্তাৰে চহকী।

তেওঁলোকৰ লোক-সংস্কৃতিত এনে এটা দিশ নাই, য’ত লোক-সাহিত্যই চুই যোৱা নাই। এই লোক-সাহিত্যৰ ভিতৰত ফকৰা-যোজনাসমূহো পৰে।

এইবোৰো তেওঁলোকৰ অমুল্য সম্পদ। কার্বিভাষাত ফকৰা-যোজনা সমূহক ‘লামফাচুৰী’ বোলে। এই লামফাচুৰী সমূহ বিভিন্ন কাৰণত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। কেইটামান লামফাচুৰীৰ উদাহৰণ:

১) ‘ইদেছি ইপাংহ্লেমান,ইদেছি ইথাপিমান’

অর্থ: কথাত কটা যায়,কথাত বঁটা পায়।

২)’ইবাৰদেত কিছ’আৰকেং কেএৰএ’

অর্থ: এবাৰ চোবালেই মূখৰ তামোল ৰঙা নহয়।

৩) ‘ইবাৰদেত কিথু আঠেংপে আৰাক ফাচাকচে বাহংহ্লেত’

অর্থ: এবাৰ কাটিলেই গছৰ শাহ লগ পোৱা নাযায়।

৪) ‘অ’কতা চিনিনে লাং

আর্লচতা চিনিনে আপিহাং’

অর্থ: মাছে নিচিনে নৈ,তিৰোতাই নিচিনে পৈ।

৫) ‘ৱল’জনীদাক চাং আপ্ৰাত কাহিজিক

হিকল’জনীদাক তৰক ৰিকিটি’

অর্থ: দুটা কুকুৰাক একেলগে খুদ চাউল দিয়া আৰু দুটা কুকুৰক একেলগে মাংস দিয়া একে কথা।

লেখিকা: ৰশ্মি বৰা

উৎস: সাহিত্য.অৰ্গ