জয়ধন বণিয়াৰ বাৰমাহী গীত

(কামৰুপ)

(১)

বোলে ৰাম-

আঘোণৰ মাসতে কন্যা সঞ্চয়ন ধান।

কত কত বোলে মধু কতক পুৰাণ।।

আগবাঢ়ি লোৱা কন্যা সাতসৰি হাৰ।

দুই বাহুই তুলি দিম সোণৰ জাপ্ পটাৰ।।

কাণ চাই দিম কন্যা হীৰা মদন কড়ি।

কঁকাল চাই দিম কন্যা কাঞ্চন পাটৰ শাৰী।।

ভৰি চাই দিম কন্যা ভৰিৰে নূপূৰ।

কপাল চাই দিম কন্যা শিখৰ সিন্দুৰ।।

(২)

পৌষৰ মাসতে কন্যা কুঁৱাৰ আন্ধুমাৰী

স্বামীত ভকতি মাগে ভাগ্যৱন্ত নাৰী।।

স্বামী তপ স্বামী জপ স্বামী বাপ ভাই।

স্বামীত বিনে ধন কন্যা ত্ৰৈলোক্যতে নাই।।

(৩)

মাঘৰ মাসতে কন্যা পৰিল তিনি মাস।

ভিন্ন দেশৰ সাউদ আহি চাপিলেক পাশ।।

হাড়ি দিওঁ, পটুৱা দিওঁ ৰান্ধি খোৱা ভাত।

ভাল চাই দাসী দিম পেলাব চুৱাপাত।।

ভাত কাঙ্গলিয়া নুই কন্যা ভাত ৰান্ধি খাম।

ধন কাঙ্গলিয়া নুই কন্যা ধন লৈয়া যাম।।

(৪)

ফাগুণৰ মাসতে কন্যা বসন্তৰে ফল।

জায়জুতি ফুটে ফুল মোৰ তপ্ত যে দুলাল।।

জায়জুতি ফুটে ফুল মোৰ তপ্ত যে দুলাল।

শিশু কালৰ পৰা বন্ধু নাহি চন্দ্ৰ কাল।

(৫)

চৈত্ৰৰ মাসতে কন্যা চতুৰ্দ্দিগে মন।

বিলাওৰে বিলাওৰে কন্যা আঞ্চল ভৰা ধন।।

কি বিলাওৰে কি বিলাওৰে আঞ্চল ভৰা ধন।

বজ্ৰে বান্ধোৱা হিয়া নুপূৰয় মন।

(৬)

বহাগৰ মাসতে কন্যা সৰ্পে চাৰে কুল।

হস্তীৰ পাছত যেন ভুকান্ত কুকুৰ।।

হাল বাৱে হালুৱেই বান্ধে চাৰি আলি।

শিষ্য অপাৰ্গত হলে গুৰুই খাব গালি।।

(৭)

জেঠৰ মাহতে কন্যা, কন্যা পদুমণি।

চন্দনে চিটিকা দিলে ভূঙ্গাৰাৰে পানী।।

ভৃঙ্গাৰাৰে পানী নুইকা উত্তম গঙ্গাৰ জল।

আমাৰ বাৰীত আছে ডাব নাৰিকল।।

গলি ভৰি আছে মোৰ সাত পাঞ্চ গাই।

দৈ, দুগ্ধ, ঘৃত, মধু দিলেও নাখায়।।

আটালতে আছে আমাৰ শুখেই নাৰিকল।

লাৰিতে চাৰিতে দাসীৰ কঁকাল দুখাল।

(৮)

আষাঢ়ৰ মাসতে কন্যা আহৰুৰা ৰাতি

তোমাৰ স্বামী কাটা গৈছে কাঞ্চনপুৰৰ ভাঠী।।

নাযাইছি নাযাইছি কাটা আমাৰ টিকৰ স্বামী।

আলি হৈ মাথাৰ কেশ পৰিব হালি-জালি।।

বাৰীৰে তুলসীৰ পাত সৰিয়া পৰিব।

তেতিয়াইহে জানিম মই স্বামী মৰি যাব।

(৯)

শাওনৰ মাসতে কন্যা শাওণীয়া ৰাতি।

তোমাৰ মন্দিৰে চোৰ পশিবেক আজি।

আমাৰ মন্দিৰে আজি চুৰি লাগাল পাব।

নিজ হাতে দৰকৰি ৰাহাক শোধাব।

দুৱাৰ মুখত বহুৱাই থম ই পালী প্ৰহৰী।।

মূৰ শিতানত লগাই থম ঘৃতৰ পঞ্চ বাটি।

লাণ্ডামুণ্ডা দাখাৰ খনি ধৰিম চাৰি পৰ ৰাতি।।

দাউৰি মাৰিম কন্যা ই পালী পহাৰী।

থাম্প দিয়া নুনাম কন্য ঘৃতৰ পঞ্চ বাটি।

লাণ্ডা মুণ্ডা দাখাৰ খনি ভাঙ্গিম টিপা মাৰি।।

(১০)

ভাদৰ সাসতে কন্যা মাসৰ পৰিল শেষ।

হাসি খেলি বিদায় দিয়া যাওঁ আপোন দেশ।।

তুমি ভিন্ন দেশৰ কোঁৱৰ আমিও নাৰী জাতি।

কেনাইকে বিদায় দিন মোৰ বাপৰে শকতি।।

আপোনাৰে যে কাটা তামুল আপনি সে খোৱা।

যোন পন্থে আহিছা সাউদ সেই পন্থে যোৱা।।

(১১)

আহিন মাসতে কন্যা মুৰগা চোঁৱৰ।

ভিন্ন দেশৰ সাউদ আইছো আপোনা দাম্বৰ।।

হোৱাতো আপোনাৰ দাম্বৰ থাকবে বসিয়া।

ঘৰত আছে বৃদ্ধ বাপা আনো জিজ্ঞাসিয়া।।

কাৰে খাইছিলি তাম্বুল পাণ, কাতে দিছিলি বিয়া।

হয় নহয় তোমাৰ জোৱাই লওৰে চিনিয়া।।

সোণৰ বাটাৰ ঘিলা বালা ৰুপৰ বাটাৰ পাণ।

ধীৰে ধীৰে আসিল শহুৰ জোঁৱাই বিদ্যমান।।

কোন চহৰে থাকাহ বপু কোন চহৰে ঘৰ।

কোন চহৰে আতা পিতা কওঁৰে আমাৰ।।

নদীৰ কুলে থাকো ময় ভাঠীৰ কুলে ঘৰ।

আইৰ নাম কমলা মালা বাপা ধনেশ্বৰ।।

শিশুকালত বিয়া কৰিছো মাণিক সদাগৰ।

নানান আৰম্বৰে আসিছিলো তোমাৰ নগৰ।।

ব্ৰাক্ষ্মণ সজ্জনক তুমি আনাগৈ মাতিয়া।

পহিলা আহিন মাসত কৰাইছো বিয়া।।

ভয় নাই কিনো কন্যা দৰো নাই মোৰে।

বাম হাতে চুলিত ধৰি লৈয়া যাব ঘৰে।।

(১২)

কাতিৰ মাসতে কন্যা কাতিয়ান ধানৰ থোৰ।

বাৰ মহৰ তেৰ গীত গাইতে নাপাওঁ ওৰ।।

বাৰ মাহৰ তেৰ গীত লওৰে গণিয়া।

ইটো গীত গাইছে কোন জয়ধন বণিয়া।।

জয়ধন বণিয়া নহে শ্ৰীধৰ বাপ।

হাওঁতাৰ মুকুতি হোৱে শুনাব খণ্ডে পাপ।।

লিখকঃ ফণীন্দ্ৰনাথ কলিতা