ডিমাচাসকল মূলত: তিব্বতধৰ্মী ভাষা গোষ্ঠীৰ অন্তৰ্গত মংগোলীয় জনগোষ্ঠীৰ অন্যতম এটা জাতি। এওঁলোকৰ মূল বসতি ডিমা হাচাও জিলা। কাৰ্বি আংলং, নগাওঁ, নগালেণ্ডতো বসবাস কৰি আছে ডিমাচাসকলে। ডিমাচা মানে হৈছে নদীৰ সন্তান। ডি মানে পানী, মা মানে ডাঙৰ আৰু চা মানে সন্তান। ভাষাগত পাৰ্থক্য বুজাবলৈ ডিমাচাসকলক পৰ্বতীয়া কছাৰী বুলি কোৱা হৈছিল যদিও ডিমাচাসকলে কিন্তু নিজকে ডিমাচাসকলে কিন্তু নিজকে ডিমাচা বুলিহে পৰিচয় দিয়ে। ভৌগোলিক অৱস্থান অনুসৰি ডিমাচাসকলক ডিজোৱাছা, হাচাওছা, হাওৱাৰছা, টেমপ্ৰাছা- এই চাৰিভাগত ভাগ কৰা হৈছে। ডিমাচাসকলে নিজৰ পৰম্পৰাগত নীতি-নিয়ম ‘ছাইখ’ ৰ দ্বাৰা পৰিচালিত হয়। তেওঁলোকে পুৰোহিতৰ দ্বাৰা (গিচিয়া) বছৰটোত পালন কৰিব লগীয়া নীতি-নিয়মসমূহ সম্পাদন কৰে।

ডিমাচাসকলৰ মাজত নাৰীয়ে বোবা-কটা নজনাটো কল্পনা কৰিব নোৱৰা কথা। বোৱা-কটা জানিলেহে ছোৱালী এজনীক বিয়াৰ বাবে উপযুক্ত বুলি ধৰা হয়। নাৰীয়ে বোৱা-কটা নজনাটো ডিমাচা সমাজত সেয়ে দেখা পোৱা নাযায়। মাক, পেহীয়েক, আইতাকক দেখ দেখিয়ে কণমানিসকলে তাঁতববলৈ সৰুৰে পৰাই শিকে। বোৱা-কটা বা তাঁতশালক লৈ ডিমাচাসকলৰ মাজত বহুতো গীত-মাতৰ প্ৰচলন আছে। আনকি বোৱা-কটাক লৈয়ে তেওঁলোকৰ মাজত (বাইচেৰেগী) যঁতৰ নৃত্য, (কোনলোৱানী) সূতা কাটোতে কৰা নৰিত্য, (কিম্বাই দাউৰা) কাপোৰ বোৱা খেল প্ৰচলিত আছে।

ডিমাচা নাৰীয়ে ঘৰতে চাদৰ, মেখেলা, পাগুৰি, ধুতী প্ৰস্তুত কৰে। নাৰীয়ে পৰিধান কৰা সাজপাৰসমূহ এনেধৰণৰ- ৰিগু: ৰিগু হৈছে সাধাৰণতে নাৰীয়ে পৰিধান কৰা দেখা যায়। ই বহলে আঢ়ৈ হাত আৰু দীঘলে তিনি হাত। অসমীয়া সমাজত যিদৰে কেঁচবচা, গছবুটা শব্দৰে ফুলৰ চানেকীসমুহ পৰিচিত হয়, ঠিক সেইদৰে ডিমাচাসকলৰ মাজতো দাৰলাই, ভিশ্ৰুমিন, ৰইনা ৰেনচি আদি বিভিন্ন ফুলৰ চানেকীৰ প্ৰচলন আছে। এনে যিকোনো চানেকীৰ ফুলেৰে ৰিগু বৈ উলিওৱা হয়। ৰিহাও ডিমাচা মহিলাই ব্যৱহাৰ কৰে। ৰাজামফাই অৰ্থাৎ মেঠনি ডিমাচা নাৰীয়ে ব্যৱহাৰ কৰা অন্যতম বস্ত্ৰ। ৰাজামফাইখন ৰামধেনুৰ লগত এওঁলোকে তুলনা কৰে। ইয়াক লৈ তেওঁলোকৰ মাজত লোক বিশ্বাসো প্ৰচলিত হৈ আছে। সাধাৰণতে সেউজীয়া আৰু হালধীয়া ৰঙৰ পয়োভৰ ডিমাচাসকলৰ মাজত বেছিকৈ দেখা যায়। ৰঙা, ক’লা, বগা ৰঙো ব্যৱহাৰ হয়। ডিমাচা পুৰুষসকলে ধুতী, পাগুৰি, ৰিচা (গামোচা) ব্যৱহাৰ কৰে। ডিমাচা নাৰীয়ে (খাদোডিমা) খাৰু, (খামডঠাই) কাপফুলি, ৰাংপাৰছা, চন্দ্ৰশাল, জনচামা, পাৱাল নামৰ মালা পৰিধান কৰে। এইসমূহৰ উপৰি তেওঁলোকৰ মাজত আৰু ভালেমান আ-অলংকাৰৰ প্ৰচলন আছে।

অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে ডিমাচাসকলেও বিহু পালন কৰে। ডিমাচাসকলৰ বিহু তিনিবিধ। বুচু জিদাব,বুচু চৰেম, বুচু হাংচেউ। বুচুমা হৈছে ডাঙৰ বিহু। সেই দিনটো ডিমাচাসকলৰ বাবে গুৰুত্বপূৰ্ণ দিন। সেইদিনা গাঁৱত লামাফউবা পূজা কৰা হয়। তিৰোতাসকলে সেইদিনা পূৰ্ব পুৰুষক স্মৰণ কৰি পিঠা, মাংস, কণী এৰী পোক ভজা, বৰা চাউলৰ ভাত আৰু জদিমা(মদ) উছৰ্গা কৰে। সেইদিনা আটায়ে ইঘৰ-সিঘৰলৈ গৈ আশীৰ্বাদ বিচাৰে, বিহু গাই আনন্দ –স্ফূৰ্তি কৰে।

আজাং জাং আং জাংলা

চেৰে মাজাং দাও?

কহইদিং খাই দিং নাই খাব

আছাং মাজাং দাও

দাউদিং দাউদিং নাই খাব

তপজাং মাজাং দাও (ডিমাচা বিহু)

অসমীয়া অনুবাদ:

মোৰ মৰমৰ চেনাই ঐ

তোমাৰ আৰু মোৰ মাজ কোন ধুনীয়া

ঘূৰি ঘূৰি চালে সকলোতকৈ

তুমি ধুনীয়া

আৰু ঘূৰি ঘূৰি চালেও

তোমাতকৈ আৰু ধুনীয়া নাই।

(আলোনুনিছা থাওছেন- ডিমাচাসকলৰ কৃষ্টি-সংস্কৃতিৰ পৰা বিহুটি লোৱা হৈছে)

ডিমাচাসকলৰ পৰয় ৯০ শতাংশই গাঁৱত বাস কৰে। সেয়ে যিকোনো অসুখত তেওঁলোকে প্ৰকৃতিৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰে। বিভিন্ন গছপাতৰ পৰা তেওঁলোকে পৰম্পৰাগতভাৱে ঔষধ তৈয়াৰ কৰিলয়। গন্ধসৰৈ, চিৰতা, নিম, তুলসীৰ উপৰি অচিন গছৰ পৰাও তেওঁলোকে পৰম্পৰাগতভাৱে ৰোগ আৰোগ্যৰ ঔষধ প্ৰস্তুত কৰে। মন্ত্ৰ, জৰাফুকা, পূজা এইবোৰো ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে ব্যৱহাৰ কৰে।

ডিমাচাসকলৰ লোকসাহিত্যসমূহ অতি চহকী। তেওঁলোকৰ মাজত আখ্যান গীতৰ (ইংৰাজীত যাক Ballad বুলি কোৱা হয়) প্ৰচলন আছে। ডিমাচাসকলৰ মাজত প্ৰচলিত এটা বিখ্যাত আখ্যান হৈছে ডিশ্ৰুৰ কাহিনী। ডিশ্ৰুৰ কাহিনী অতি কৰুণ। নিজ পিতৃৰ বেয়া দৃষ্টিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জীৱন শেষ কৰা ডিশ্ৰুৱে কান্দি-কাটি এনেদৰে গাইছিল- আই, মোক এৰি থৈ তুমি ক’লৈ আঁতৰি গ’ল। চাৰিআলিৰ মূৰতে ধান ছটিয়াম আই কপৌ হৈ খাবিহি তই……. সাধুকথা, নিচুকনি গীত , সাঁথৰ আদিৰ বহুল প্ৰচলন ডিমাচাসকলৰ মাজত দেখা যায়। এটি নিচুকনি গীত তলত উল্লেখ কৰা হ’ল-

গিজিহা গুলুলু ঠুলাদেই নানা

গিজিহা গুলুলু ঠুখাদে নানা

মচৰ ৱাইমানে ফাইদু দঔ

গিজিহা গুলুলু ঠুলাদেই নানা

ডাউতি জাং মাইডিল জিৰিনাং

(ঝুলনাত আৰামেৰে শুই থাকা সোণ)।

নুশুলে শিয়ালে কামুৰিবলৈ আহিব।

ঝুলনাত আৰামেৰে শুলে কণীৰে মাৰ ভাত খোৱাম সোণ)।

(ডিমাচাসকলৰ নিচুকনি গীত-মাহেন্দ্ৰ কেম্প্ৰাই নিবন্ধৰপৰা সংগৃহীত।)

সন্তান জন্ম হ’লে ডিমাচাসকলৰ কেতবোৰ পৰম্পৰাগত নীতি-নিয়ম আছে। এৱাঁসূতাৰে নতুনকৈ জন্ম হোৱা কেঁচুৱাৰ নাভিটো বান্ধি থয়। পিছত এৱাঁসূতাৰেই নাভিটো কাটে। এই অনুষ্ঠানক ‘হা ঠাৰৱা’ বুলি কয়। সন্তান জন্মৰ সাত দিনৰ পিছত তুলসী পাত দিয়া পানী ছটিয়াই গোটেই ঘৰ শুদ্ধি কৰা হয়।এই কাম সাধাৰণতে ডিমাচা সমাজৰ মুখিয়াল নাৰীয়ে কৰে। তেওঁক ‘হোজাজিক’ বুলি কোৱা হয়। তেওঁ এযোৰ কুকুৰা আৰু তিনিটা কণী লৈ পূজা কৰে। কুকুৰা এটা শিৱৰাইৰ (শিৱ) নামত আনটো কেঁচুৱাটোৰ নামত বলি দিয়া হয়। এনে কাম বৰ কঠোৰ নীতি-নিয়মৰ মাজেৰে কৰা হয়। হোজাজিকক নতুন কাপোৰ আন আন বস্তুৰে মান ধৰে।

অসমৰ বৰণীয় জাতি-জনগোষ্ঠীসমূহৰ জীৱনচৰ্যা বৰ্ণময়। ডিমাচাসকলৰ বৰ্ণাঢ্য জীৱনশৈলীক জানিবলৈ, বুজিবলৈ কৰা প্ৰচেষ্টা ‘এনাজৰীৰ’ এক প্ৰশংসনীয় পদক্ষেপ। কাৰণ ডিমাচাসকলৰ লোকনৃত্য, লোকগাথাঁ, লোককলাসমূহ অসমীয়া সংস্কৃতিৰো সম্পদ। এই সম্পদসমূহৰ সংৰক্ষণ অতি জৰুৰী।

লেখক: দিব্যলতা দত্ত (দৈনিক অসম)