তাৰা পটেশ্বৰী কন্যাৰ বাৰমাহী গীত (১) যি ভৈলা বালি বছৰে এক। বালিৰ কপালত সিন্দুৰৰ চেক।। সিন্দুৰৰ চেক নহে কাজালৰ ৰেখা। আহাৰুৱা মেঘৰ তলে চন্দ্ৰে দিলে দেখা।। বালি দয়া কৰ, ক্ষমাদি দয়া কৰ, ক্ষমাদি ধৰ-। মই নাৰীৰ হোৱা নাই বছৰ ভৰ।। (২) যি ভৈলা ভৈলা বালি বছৰে দুই। বৰ ঘৰৰ কাঠিত ৰুই দিছো পুঁই।। সিও পুঁই নধৰিলা খোপা। হালিয়া-জালিয়া পৰে মোৰ স্বামীৰ খোপা। বালি দয়াকৰ ক্ষমাদি ধৰ-। (৩) যি ভৈলা ভৈলা বালি বছৰে তিনি। ৰঙ্গিয়াল ঘোঁৰাটো আনিছোঁ কিনি।। সিও ৰঙ্গিয়াল ঘোঁৰাটো আগাল পাগাল। মোৰ স্বামী, দেখা নাপালি থিতাতে পাগল। বালি দয়াকৰ ক্ষমাদি ধৰ-। (৪) যি ভৈলা ভৈলা বছৰে চাৰি। পাখা খেলাইছে শাৰী শাৰী।। সিও পাখাই নেদিলে ঢাল। এনাই হেন কঙ্কাল হালবা ভাল। বালি দয়াকৰ, ক্ষমাদি ধৰ-। (৫) যি ভৈলা ভৈলা বালি বছৰে পাঁচ। শহুৰথেৰ নঙ্গলাত ৰঙ্গিয়াল গাছ।। ৰঙ্গিয়াল গাছৰ আটাইলো ঠানি। এনাই হেন লাহৰ চুলি চুছিব কোনি-। (৬) যি ভৈলা ভৈলা বালি বছৰে ছয়। গাঠিৰ ধন কৰি নকৰিবা বয়।। বয় কৰিলে কি হ’ব উপায়। পৰৰ ভাৰষা কি আপোনাৰ হয়।। বালি দয়াকৰ, ক্ষমাদি ধৰ-। (৭) যি ভৈলা ভৈলা বালি বছৰে সাত। সুবৰ্ণৰ হাঠায় দি বাঢ়িব ভাত।। সিও ভাত নপৰিল পাতত। আজি দেহা যাব মোৰ স্বামীৰ হাতত।। বালি দয়াকৰ, ক্ষমাদি ধৰ-। (৮) যি ভৈলা ভৈলা বালি বছৰ আঠ। বালিৰ কাপোৰ খন হৈয়াছে ডাঠ। সূতাৰ কাপোৰ নহে সিও পাটৰ ধুতী। হিয়া ফুটি ওলাইছে শ্ৰীফল দুটি। বালি দয়াকৰ, ক্ষমাদি ধৰ-। (৯) যি ভৈলা ভৈলা বালি বছৰে নও। এটি পুখুৰীৰ ঘাট নওটি কওঁ।। ই ঘাটে ডুব মাৰি সি ঘাটে উঠে। আপোনাৰ স্তন দুটি আপোনি দেখে।। বালি দয়াকৰ, ক্ষমাদি-। (১০) যি ভৈলা ভৈলা বালি বছৰে দশ। পকিছে কমলা চাপিছে ৰস। যি কমলা আটিলে সিঠা। আই বাপাৰ মাততকৈ স্বামীৰ মাত মিঠা। বালি দয়াকৰ, ক্ষমাদি ধৰ-। (১১) যি ভৈলা ভৈলা বালি বছৰে এঘাৰ। বাৰীৰ ইকিৰা কাটি খোপৰি বেৰাওঁ। সিও খোপৰিও নাসিল ঘুমটি। হাসিতে হাসিতে খেলিতে খেলিতে পুৱাই গ’ল ৰাতি।। বালি দয়াকৰ, ক্ষমাদি ধৰ-। (১২) যি ভৈলা ভৈলা বালি বছৰে বাৰও। বিছনাই দলিচা পাৰি শয়ন কৰাওঁ।। একে অবলা আৰু কুল নাৰী। ইটো গীত গাইছে কন্যা তাৰা পটেশ্বৰী।। বালি দয়াকৰ, ক্ষমাদি ধৰ-। মই নাৰীৰ হোৱা নাই বছৰ ভৰ।। মধুমতীৰ গীত আঘোণৰ মাহতে নাকাটিবা পাত। খাবলৈ নাপালা প্ৰভু নৱান ধানৰ ভাত।। আঘোণৰ মাহতে নাৰীৰ উতপতি। হাতত তাম্বুৰা লৈ নামিল সৰস্বতী।। পুহৰ মাহত পুৰণৰ জীয়াৰী। স্বামীসবে ভক্তি কৰে ভাগ্যৱতী নাৰী।। মাঘৰ মাহতে ধৰমৰে তিখি। ডাক দালিম শ্ৰীফল খাইতে নেদে বিধি।। তুলি পাৰে গাৰু পাৰে অতি বিপৰীত। তাতে বহি মধুমতী জুৰিলেক গীত। তুলি পাৰে গাৰু পাৰে সোণৰ সিংহাসন। তাতে বহি মধুমতী জুৰিলা ক্ৰন্দন।। ফাগুনৰ মাহত ফালগুৰ বাতৰি। দেউলৰ ওঅপৰত দেউল তুলিয়া মগৰি। তাৰ ওপৰত নাগপাশ জৰী। ধৰণীত পৰি কান্দে সুমৰি সুমৰি।। সকল সাউদে ফাগু মাৰে ৰান্ধি ভাত খায়। মই নাৰী অভাগিনী থাকোঁ পৰৰ মুখ চাই।। বনৰ বনুৱা পখী সিও থাকে বাহা ঘৰ। মই নাৰী অভাগিনী থাকোঁ অকলশৰ।। চৈতৰ মাহত পকি সৰে বেল। সেই বেল লৈ স্বামী কিবা পালে নিধি।। ডাক দালিম শ্ৰীফল খাইতে নেদে বিধি। বৈহাগৰ মাহতে ডাউকী কান্দয়। ডাউকীৰ কান্দন শুনি হৃদয় নসহয়।। বৈহাগৰ মাহত কুলিয়ে কৰে ৰাৱ। কুলিৰ কান্দন শুনি নুজুৰাই গাৱ।। জেঠৰ মাহত আৰৈ ধানৰ বাৰা। ডাউকীৰ কান্দন শুনি শৰীৰ ভৈলা জ্বৰা। জেঠৰ মাহতে জেঠৰ বাৰে খৰ। যাকে বোলো আপোন আপোন সেয়ে হয় পৰ।। আহাৰৰ মাহত আহৰে আহু ধান। নদী নলা ভাহী যায় সিও এটা বান। খেতিয়ৰ লোক পাৰিছে কঠিয়া। এৰি গ’ল প্ৰাণ স্বামী আহিব কেতিয়া।। আহকে বহকে স্বামী দেখোঁ চান্দ মুখ। হেৰা গুচক মোৰ জনমৰ দুঃখ।। শাওণৰ মাহতে ৰোৱণৰ দিন। খাব নাপালে পুৰুষৰ ৰস হয় হীন। কিবা খালোঁ কিবা ললোঁ কিবা কৰে মন।। গলত কটাৰী দি তেজিম পৰাণে। ভাদৰ মাহত শীতৰ খৰালি। নদী-নলা শুকাই গ’ল পৰিল ঢৌৱা বালি।। কোঢ়া ৰাৱে কুঢ়ী ৰাৱে ৰাৱে ৰাজহাঁহ। হেলায় খোৱালে মই বাৰিষা ছয় মাহ। আহিনৰ মাহত তুলসীৰ গোৰে ছাটি। বিধবা ব্ৰাক্ষ্মণী পূজে হাতে লৈয়া বাতি। আহিনৰ মাহতে দেৱীৰ অষ্টমী। হাঁহ কাটে, পাঠা কাটে পাৰ জাকে জাকে জাক। যতে আছে প্ৰাণ স্বামী তৈতে ভালে থাক। কাতিৰ মাহত ওলাল ন-শালীৰ থোৰ। বাৰ মাহত তেৰ গীত গাই কৈলো ওৰ। বাৰ মাহৰ তেৰ গীত লোঁৰে গণিয়া। তাকে বৰ্ণাই কান্দে মধুমতী কন্যা।। বাৰ মাহৰ তেৰ গীত মহে মাহে তিথি। গাউতাৰ খণ্ডে পাপ, শুণুতাৰ মুকুতি।। লিখকঃ ফণীন্দ্ৰনাথ কলিতা