অসমীয়া ‘ফকৰা যোজনা’ সমূহ অসমীয়া সাহিত্য ভঁৰালৰ অমূল্য সম্পদ। এই ‘ফকৰা যোজনা’ বোৰ আজিকালি নোহোৱাৰ দৰেই হৈছেগৈ। ‘ফকৰা যোজনা’ সমূহ আটাইতকৈ প্ৰাচীন মৌখিক সাহিত্য বুলি জনা যায়। অসমীয়া জনজীৱনত বিশেষকৈ গাঁৱলীয়া সমাজত বৃদ্ধলোকৰ বাক্য হিচাপে প্ৰচলিত ‘ফকৰা যোজনা’ই অসমীয়া সাহিত্য অলংকৃত কৰাৰ উপৰিও থাউকতে জ্ঞান লাভ কৰাৰ সুবিধা কৰি দিয়ে। আমাৰ দৈনন্দিন জীৱনত পুৱাৰ পৰা গধুলিলৈকে সন্নিবিষ্ট হৈ আছে এই ‘ফকৰা যোজনা’বোৰ। ধৰা হওঁক পুৱা যদি সন্তানে উঠা দেৰি কৰিছে লগে লগে ৰাতিপুৱাই মূখৰ পৰা ওলায়ে যায়….”শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।” অন্যহাতেদি কেতিয়াবা কোৱা যায় “ওলায়ে দেখিবা যাক শত্ৰু নাভাবিবা তাক “- কথাষাৰে আমাক জনাই দিয়ে যে ওচৰ চুবুৰীয়াৰ লগত আমি মিলা প্ৰীতিৰে থাকিব লাগে। আকৌ জন্মদাত্ৰী মাকৰ সমান যে কোনো আপোন নাই সেই কথাও প্ৰকাশ পাইছে এই ‘ফকৰা যোজনা’ সমূহত ।সান্দহ হওক চিৰা হওকনহয় ভাতৰ সমানমাহী হওক পেহী হওকনহয় আইৰ সমান।আই আছে খাই যাআই নাই চাইযাআইয়ে চায় মুখলৈতিৰোতাই চাই হাতলৈ। বস্তু বেচা-কিনাৰ ক্ষেত্ৰটো ‘ফকৰা যোজনা’ দেখা যায়। গৰু কিনিবা ৰিংটোৰ বাটৰ/ ছোৱালী আনিবা দিনটোৰ বাটৰ। আকৌ কোন সময়ত কোনটো বস্তুৰ প্ৰকৃত ৰূপ দেখা যায় সিও সন্নিবিষ্ট হৈ আছে ‘ফকৰা যোজনাত’… গৰু চাবা গধুলি, ৰোৱা চাবা পুৱা/ জাকৈ বাওতে ছোৱালী চাবা, কোন কেনেকুৱা। হোৱাই নোহোৱাই দোষ দিলে কেতিয়াবা নকৰা কামো কৰিবলৈ মন যায় তাতো ‘ফকৰা যোজনাত’ কয়…. এনেও কাণী তেনেও কাণী/ ভালকৈ দিম শাকত পানী। সমাজত চোৰ, ডকাইত, বদমাচ, যিয়েই নহওক লাগে সিঁহতৰ গভাইত কেইটা সাৰি যায়। ৰাইজৰ ৰোষত পৰে পালি- পহৰীয়াকেইটা তাতে কয়…. বাৰ হাত জালৰ তেৰ হাত ফটা/ ভাল মাৰিলি বাপৰ বেটা, ৰৌ বৰালি সৰকি গ’ল/ পুঠি খলিহনা পাহে পাহে ৰ’ল। আমাৰ সমাজত এনে বহু ‘ফকৰা যোজনা’প্ৰচলিত হৈ আছে। ‘ফকৰা যোজনা’ বোৰ সাধাৰণতে গুঢ়াৰ্থক আৰু ছন্দোবদ্ধ। এই ‘ফকৰা যোজনা’ বোৰত এটা কথা স্পষ্ট হয় যে ছন্দোবদ্ধ চমু কথাখিনিতে বহু কথা ওলাই পৰে। এইবোৰ হৈছে কথাৰ সাগৰ। নানা ৰূপ কথাৰে এই অসমীয়া ‘ফকৰা যোজনা’ সমূহে অতীজৰে পৰাই অসমীয়া সাহিত্য জগতক চহকী কৰি আহিছে। গাঁৱলীয়া সমাজ, চহা জীৱনৰ এই কথিত সাহিত্য সৃষ্টিয়ে মানুহক প্ৰকৃতিক সজাগ কৰি দিয়াৰ লগতে ইয়াৰ লগত কিছু নীতি জ্ঞানো জড়িত হৈ থকা দেখা যায়। সন্ধ্যা বেজবৰুৱা