আমাৰ লোকসমাজত অতীতৰে পৰা বিবিধ প্ৰকাৰৰ গীত-মাত প্ৰচলিত হৈ আহিছে৷ তদুপৰি অতীতৰে পৰা লোকসমাজৰ ক্ষেত্ৰখনত গীত আৰু কবিতাই এক সুকীয়া স্থান অধীকাৰ কৰি আহিছে৷ ইয়াৰ ভিতৰত ধৰ্মীয় গীতসমূহ উল্লেখযোগ্য৷ এই গীতসমূহ বিশ্বাস, প্ৰাৰ্থনা, আস্থা আৰু কাৰুণ্যৰে ভৰা৷ যিয়ে লোকমনক প্ৰতিফলিত কৰে৷

লোকসমাজত প্ৰচলিত এই গীতবোৰে শ্ৰোতাৰ মন সহজে জয় কৰে আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰৱাহিত হৈ গৈ থাকে৷ আমাৰ লোকসমাজত প্ৰচলিত নাম-কীৰ্তনৰ ভিতৰত আইনাম, বহানাম, ছেও-চাপৰিৰ নাম, অপেশ্বৰী সবাহৰ গীত, দুৰ্গানাম, থিয় নাম, ভাগৱত পাঠচক্ৰ, জগন্নাথৰ নাম, ইত্যাদি উল্লেখযোগ্য৷

অঞ্চলভেদে নাম-কীৰ্তনৰ বিশেষত্বৰ পাৰ্থক্য থকা দেখা যায়৷ বিশেষকৈ অসমৰ উজনি আৰু নামনি অঞ্চলত ভাষা, সামাজিক ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, উৎসৱ-পাৰ্ৱন আদিৰ ক্ষেত্ৰত পাৰ্থক্য থকা দেখা যায়৷

নাম পুৰুষ আৰু মহিলা উভয়ৰে আছে৷ দৰঙত পুৰুষৰ বহা নাম আৰু থিয় নাম দুয়োটাই আছে৷ অতীতত মহিলাৰ কেৱল বহা নাম আছিল, যদিও সাম্প্ৰতিক সময়ত মহিলাসকলে থিয় নামো গোৱা দেখা যায়৷

দৰঙৰ পুৰুষৰ নামক বাহিৰত দৰঙী নাম বোলে৷ বৰপেটাৰ উগ্ৰ ওজঃপূৰ্ণ নাম আৰু উজনিৰ মিহি নাম দুয়োৰে মধ্যাৱস্থা হৈছে দৰঙী নাম৷ আলোচনা কৰিলে সেই কথা সহজে বুজিব পাৰি৷

বহা নাম -

নামনি অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ জনপ্ৰিয় নাম হৈছে বহা নাম৷ কথিত আছে যে পাল নামৰ আধাৰত মাধৱদেৱে সুন্দৰীদিয়াত বীৰ নাম সৃষ্টি কৰিছিল৷ এই নাম পিছলৈ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত ঘটিছিল৷ এই নামৰ আধাৰতে বহা নাম, থিয় নাম বিভিন্ন ৰাগ-পদ আদিৰ সম্প্ৰসাৰিত হোৱা বুলি বহুতে ক’ব বিচাৰে৷

বহা নাম দুই প্ৰকাৰৰ৷ এবিধ হৈছে কীৰ্তন-ঘোষাৰ পুৰণি নাম আৰু আনবিধ হৈছে ছেও-চাপৰিৰে নাচি-বাগি গোৱা নাম৷ এই নাম পৰিৱেশনৰ আগেয়ে সমুখৰ ঠাই মচি-কাচি পৱিত্ৰ কৰি ভগৱানৰ উদ্দেশ্য থাপনা পতা হয়৷ তাত ধূপ-ধূনা জ্বলাই পাঠক আৰু পালিসকলে বহি নাম আৰম্ভ কৰে৷

আৰম্ভণি নামক নাম ডাকা বুলি কোৱা হয় আৰু শেষৰ নামক খোৱা নাম বুলি কোৱা হয়৷ পুৰণি নামৰ সুৰ মিহি৷ ইয়াৰ লগত মজলীয়া বিধৰ তাল আৰু নাগাৰা বজোৱা হয়৷ নাগাৰা দুটি তেনেই সৰু৷ ছেও-চাপৰিৰ নামত ৪ বা ৫জন নহলে ৮ বা ১০ লোকে নামৰ মাজতেই নাচ দি দি অঙ্গী-ভঙ্গী দেখুৱায়৷

এই নামত কেতিয়াবা ৪ বা ৫ যোৰকৈ তাল বজোৱা হয়৷ এইবিধ নামত কীৰ্তন-ঘোষাৰ বাহিৰেও পুৰাণ, মহাভাৰত, ৰামায়ণ আদিৰ পদো দিয়া হয়৷ নামৰ মাজতে ওজা বা পাঠকে তাল, ৰাগ, নাগাৰা, ৰভা আদিৰ জন্মকথা ছন্দ-বন্ধ পদত কৈ শুনায়৷ এইবিধ নাম বহা নাম আৰু থিয় নামৰ সংমিশ্ৰণ৷ ইয়াত ওজা, ভাওৰীয়া, ঢুলীয়া, খুলীয়া আদিৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়৷ বৰ্তমান এই নামৰ জনপ্ৰিয়তা বেছিকৈ দেখা গৈছে৷

নাম ডকা -

কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম

প্ৰাণ কৃষ্ণ হৰি ৰাম হৰি ৰাম

নাম- যাদৱ যদু নন্দন মাধৱ মধু নন্দন৷

তুমি নিত্য নিৰঞ্জন, নাৰায়ণ তোমাতে লৈলা শৰণ৷ ৷

থিয় নাম -

নামনি অসমৰ আন এবিধ জনপ্ৰিয় নাম হৈছে থিয় নাম৷ এই নাম চাক পাতি ঘূৰণীয়াকৈ থিয় হৈ ডেকাসকলে নাচি নাচি এই ধৰে৷ ওজাপাঠকজনে প্ৰায়ে তাল এযোৰ বজাই দলটোৰ মাজত থিয় হৈ নাচি নাচি নাম ধৰে৷ ওজাজনে নাম লগাই দিয়াৰ পিছত বাকীবোৰে দিহাৰ দীঘলীয়া ৰাগ টানে৷ তাৰপিছত চাপৰি মাৰি মৰি তালৰ ছেৱেছেৱে নাচিবলৈ ধৰে৷ পদ আৰু তালৰ লগে লগে যিমানে চাপৰি ঘন হবলৈ ধৰে সিমানে নাচ খৰ হবলৈ ধৰে৷ দৰঙত থিয় নামৰ নৃত্যৰ বিভিন্ন নাম আছে যেনে- বতাহী নাচ, মাৰলৈ নাচ, খুঁটি নাচ, লাচগুটি নাচ আদি৷

দিহা – অ’ দেউ গুৰু দেউ …দেউ দেউ

অ’ গুৰু দেউ নমো নমো

চৰণে তোমাৰ গুৰুদেউ৷

পদ – সত্যবাদী ধীৰ ( ৰাম হে হৰি জয়)

ৰাজা যুধিষ্ঠিৰ ( ৰাম হে হৰি জয় )

আই নাম -

অসমীয়া সমাজত লোকবিশ্বাসমতে আই ওলালে আই পাৰ্বতীৰ দোষে পাইছে বুলি বিশ্বাস কৰা হয় আৰু আইৰ সন্তুষ্টিৰ বাবে দেউৰী, মৰাণ মটক, সোণোৱাল ৰছাৰীয়ে গোৱা এবিধ ধৰ্মীয় গীত হৈছে আই নাম৷ আইনামৰ মাজত পিছলা নদী, সাতালি পৰেবত, ফুলবাৰী দেওঘৰ আদি স্থানৰ নাম পোৱা যায়৷ অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত আইনামৰ মাজত প্ৰচলিত আই শব্দটো শীতলা, দুৰ্গা, কামাখ্যা, পাৰ্বতী আদি দেৱীক বুজাবলৈ ব্যৱহাৰ কৰা হয়৷

চৌফালে গড় আই মাজে অথৌ জল

তোমাৰ থল আছে আই নামে নীলাচল৷

নামনি অসমত দহ বা বাৰগৰাকী আইৰ নামো পোৱা যায়৷ শীতেলী, তিলেনী, পানীমলা, ৰংমমলা, বাঁহামুৰী, লাফামুৰী, লুটিগুটি, পানীচামোৰী, ধনমালা, বাহুৰী আৰু কেতেৰী আদি৷

জগন্নাথৰ নামঃ

প্ৰধানকৈ নামনি অঞ্চলত প্ৰচলিত ৰথ-যাত্ৰাৰ সময়ত মহিলাসকলে গোৱা এবিধ উল্লেখযোগ্য নাম হৈছে জগন্নাথৰ নাম৷ এই নামবোৰ ভক্তি আৰু বিশ্বাসৰ সংমিশ্ৰণ৷ পদবোৰ চুটি চুটি আৰু ভাষা অতি সৰল৷ গীতবোৰত জগন্নাথৰ মহিমা প্ৰকাশ কৰি কৃপা ভিক্ষা কৰা হয়৷

বলভদ্ৰ, জগন্নাথ, সুভদ্ৰা ভগিনী

ভিতৰত এক, বাহিৰত তিনি৷

অপেশ্বৰী সবাহৰ গীত -

লোকসমাজত প্ৰচলিত আন এবিধ গীত হৈছে অপেশ্বৰী সবাহৰ গীত৷ লৰা-ছোৱালী শুকাই-খীণাই গলে বা ছোৱালী পুষ্পিতা হোৱাৰ সময় উকলি গলে অপেশ্বৰীৰ দোষ লগা বুলি ভাৱি অপেশ্বৰী সবাহ পতা হয়৷ নানাধৰণৰ ফুল সংগ্ৰহ কৰি চোতালত মডল সজা হয়৷ তাৰপিছত শৰাই-বন্তি আগবঢ়াই দেৱী অপেশ্বৰীক প্ৰাৰ্থনা কৰা হয়৷ আইনামৰ দৰেই গীতবোৰ নিমজ আৰু কোমল৷ গীতবোৰ সৰল, সুন্দৰ কাব্যিকতা আৰু আন্তৰিকতাৰ বাবে অন্তৰপৰশা হয়৷

ফুলৰ আসনে ফুলৰ বসনে

ৰভাতল আমোল মোলায়৷

আই অপেশ্বৰী ফুলাম পাখি মেলি

দেও দি পূজা লৈ যায়৷ ৷

ভাগৱত পাঠচক্ৰ -

অতীতৰে পৰা ভাগৱত পাঠচক্ৰৰ প্ৰচলন হৈ আহিছে৷ সাধাৰণতে চহা সমাজত বাৰিষা কঠীয়া তুলি আহি সন্ধিয়া ভাগৰ পলাবৰ বাবে গাঁৱৰে কোনো এঘৰৰ চোতালত বহি বিভিন্ন ধৰণৰ পুথিসমূহ পাঠকে পদ, ছবি, দুলৰী, ঝুমুৰি আদি নানা ছন্দৰ পদ সুৰ লগাই পাঠ কৰে৷ এই পাঠচক্ৰ নামঘৰ বা কোনো লোকৰ গোঁসাইঘৰত অনুষ্ঠিত হলে কেইবাদিন ধৰি চলে৷ যেতিয়ালৈকে ভাগৱত শেষ নহয় তেতিয়ালৈকে এই পাঠচক্ৰ সমাপ্ত নহয়৷ এই অনুষ্ঠানত পাঠকে ওজাৰ দৰে পুথি ৰাগ দি পঢ়ে আৰু তেওঁৰ লগত থকা ২, ৩ বা ৪ জনে তেওঁৰ মুখৰ পৰা শেষ অংশ টানি নি ঢেক দি ওজাপালিৰ দৰে গায়৷ এই ভাগৱত চক্ৰৰ লগত ’চেৰাঢেক’ৰ সাদৃশ্য মনকৰিবলগীয়া৷ বৰ্তমান সময়ত ভাগৱত চক্ৰ অনুষ্ঠান সকলো ঠাইতে হোৱা দেখা যায়৷ দূৰ-দূৰণিৰ পৰা মানুহৰ সমাগম হয়৷

লখিমী সবাহৰ নাম -

লখিমী আইক আদৰা অনুষ্ঠান লখিমী সবাহত এই নাম পৰিৱেশন কৰা হয়৷ কৃষিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে লক্ষ্মী৷ লক্ষ্মী দেৱীক সোণোৱাল-কছাৰীসকলৰ আন আন জনগোষ্ঠীৰ লোকেও অতীতৰে পৰা অতি ভক্তিভাৱে পূজা-পাতল কৰি আহিছে৷ তাৰ ভিতৰত –

কুবেৰক কঠীয়া খোজাগৈ মহাদেউ

সাগৰক খোজাগৈ মাটি

আপোনাৰ থানলৈ আহা ঐ লখিমী আই

সুখিলীৰ কঠতে উঠি৷

দেউৰীসকলে কাতিমাহত লখিমী দেৱীক সন্তুষ্ট কৰিবলৈ এঠাইত একগোট হৈ পাণ-তামোল, কল, চাউল, পিঠা আগবঢ়ায়৷ মৰাণসকলৰ পুৰুষ-মহিলা উভয়ে এই সবাহত ভাগ লয়৷

গোঁসাই নাম -

সোণোৱাল সমাজত প্ৰচলিত আন এবিধ গীত হৈছে গোঁসাই নাম৷ অৱশ্যে এইবিধ গীত সোণোৱালসকলৰ বন্দনা গীত নহয়৷ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱা সত্ৰাধিকাৰ কেশৱদেৱ মহন্তৰ সৰল ভাৱমূৰ্তিৰ বাবে প্ৰভাৱিত হোৱা লোকসকলৰ মাজত প্ৰচলিত এবিধ ভক্তিমূলক গীতহে৷

মুকলি পথাৰত নামঘৰ সাজিলে, বৰুণ খেৰ মেলিয়ে চায়

মুগাৰ বতিয়া ছাতিব ধৰিলে, সৰিয়হ বাগৰি যায়৷

তুলসীৰ শাৰী শাৰী কমল ফুলৰ বাৰী

আউনীআটীৰ কেশৱদেউ জীৱ অধিকাৰী –

তোমাক নমস্কাৰ৷

জন্মৰ সকলো ভাৰ

কান্ধত আৰু গৰ্ভত লৈ

ষি সকলো পৰিয়ালৰ জন্মৰ

মাতৃস্বৰূপ – তোমাক বম্দো৷

দুৰ্গা নাম -

নামনি অসমত দুৰ্গা দেৱীক লৈ ৰচনা কৰা কিছুসংখ্যক গীত পোৱা যায় এই গীতবোৰক দুৰ্গা নাম বোলে৷ এই গীতবোৰত দুৰ্গা দেৱীৰ মাহাত্ম্য প্ৰকাশ পাইছে৷ এই গীতসমূহ শাৰদীয় দুৰ্গা পূজাৰ সময়তে দুৰ্গা দেৱীক প্ৰাৰ্থনা কৰি গোৱা হয়৷

অম্বিকা চণ্ডিকা দুষ্টা দুৰ্গা মাজে বিশ্বেশ্বৰী আই৷

পাঁচ ভনীয়েকে একেখন আসনতে বহি নানান পূজা খায়৷ ৷

আউলা নামঃ

নামনি অসমত প্ৰচলিত আন এবিধ নাম হৈছে আউলা নাম৷ ভাল শিপিনী হোৱাৰ মানসেৰে ওৰে ৰাতি উজাগৰে থাকি দুৰ্গা দেৱীক পূজা সেৱা কৰি সূতা কাটি এই নাম গোৱা হয়৷

ই ঘৰৰ পৰা মেকুৰী আহি

সি ঘৰত কৰিলে মেও

হাঁহি হেন মেখেলা কুঁহি হেন আগুৱান

সেই কাপোৰ দেৱী আইক দেওঁ৷৷

পাঁচতী নাম -

পাঁচতী উৎসৱত গোৱা গীতবোৰক পাঁচতী নাম বোলা হয়৷ এই গীতত কীৰ্তনৰ পদ, গোপালদেৱৰ জন্ম যাত্ৰা আৰু নন্দোৎসৱৰ গীত গোৱাৰ লগে লগে আইসকলে দিহা নাম গায়৷ বৰপেটা অঞ্চলৰ গীতবোৰত ৰাধাৰ নাম সোমাই পৰা বাবে ৰাধা-কৃষ্ণৰ ধেমালিৰ গীতবোৰ অতি মনোৰম হোৱা দেখা যায়৷

জালুকে পিপলি বান্ধিলা টুপলি

কচুৰে বান্ধিলো আটি৷

নন্দ-যশোদাই সুপুত্ৰ লভিছে

তাকে চাই আহোগৈ আজি৷৷

তুলসী নাম-

নামনি অসমত পোৱা নামসমূহৰ ভিতৰত তুলসীৰ নাম উল্লেখযোগ্য৷ ইয়াত পৱিত্ৰ তুলসীৰ উৎপত্তি আৰু মাহাত্ম্যৰ বিষয়ে গুণ-গান কৰা হয়৷ তুলসীৰ তল মচি বন্তি জ্বলাই এই নাম গোৱা হয়৷

আনিলা তুলসী প্ৰভু এ

ঔ ৰাম ৰাম মনুষ্য নগৰে

ঔ আনিলা তুলসী প্ৰভু

ৰাম গদাধৰে৷

আলোচনা কৰিও শেষ কৰিব নোৱাৰা গীতেৰে আমাৰ লোকসংস্কৃতিৰ ভঁৰাল ভৰি আছে৷ আলোচ্য গীতসমূহৰ বাহিৰেও বিবিধ বিষয়ক যিবোৰ গীত আছে সেইবোৰ অসমীয়া সংস্কৃতিৰ একচেতীয়া সম্পদ৷ লোকমনৰ আশা-আকাংক্ষা, বিশ্বাস, আচাৰ-আচৰণ এই গীতবোৰৰ মাজেৰেই প্ৰকাশ পাইছে৷

লোকসমাজত সিঁচৰতি হৈ থকা নাম-কীৰ্তন তথা ভক্তিমূলক গীতসমূহৰ আটাইবোৰ এতিয়াও সংৰক্ষণ কৰা হোৱা নাই৷ এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে৷ আধুনিকতাৰ পৰশত আমাৰ এই আপুৰুগীয়া সম্পদ বিলুপ্ত হোৱাৰ আগেয়ে আমি ইয়াক সংৰক্ষণ কৰা উচিত৷

তথ্য – অসমীয়া লোকসাহিত্য (ড°প্ৰহ্লাদ কুমাৰ বৰুৱা)

-অতুল চন্দ্ৰ বৰুৱা ৰচনাৱলী

-অসমীয়া লোকসংস্কৃতি (নবীন চন্দ্ৰ শৰ্মা)

লেখিকা: কলচুম বিবি

উৎস: সাহিত্য.অৰ্গ