নিমাই সন্ন্যাসীৰ গীত দিহা- ওৰে বাচাৰে বাচা নিমাই ৰে ওৰে বাচা যাই নিমাই জননী ছাৰিয়া এ বাচাৰে বাচা নিমাইৰ পদ- শয্যাত শুইয়া আছে, ওৰে বাচা সপোন দেখিলা পাছে আজি নিমাই যাব কোন দেশে। কেশৱ ভাৰতী আইলা ওৰে বাচা সন্ন্যাসী হইয়া ৰৈলা ওৰে বাচা কিবা মন্ত্ৰ দিলা নিমাইৰ কাণে।। কোনোবা মহন্ত জনে ওৰে বাচা মূল মন্ত্ৰ দিলা কাণে।। ওৰে বাচা সেই নামে হৈ গৈলা সন্ন্যাসী। হাতে লৈয়া লাউ লোটা ওৰে বাচা কপালে তিলকৰ ফোটা ওৰে বাচা যাই নিমাই সন্ন্যাসী হইয়া।। সন্ন্যাসী হইবাৰ মনে ওৰে বাচা বিবাহ কৰাইলি কেনে ওৰে বাচা ঘৰে জ্বালি থৈ গৈলা অগনি। নাবান্ধে মাথাৰ চুলি ওৰে বাচা বাচা গাৱে লৈলা ভষ্ম ধূলি ওৰে বাচা কান্ধে লৈলা উত্ত্ম লগুণী।। নাবান্ধে মাথাৰ কেশ ওৰে বাচা ধৰিলা সন্ন্যাসীৰ বেশ ওৰে বাচা যাই নিমাই কতোৱাৰ ঘাটে। নিমাই যায় আগে আগে ওৰে বাচা শশী যায় পাচে পাচে ওৰে বাচা তেওঁ নিমাই ফিৰিয়ো নাচায়।। নিত্যানন্দ দেৱে কয় ওৰে বাচা নিমাইতো আপোনাৰ নুই যাৰে নিমাই সেই লৈয়া যায়। নিমাই সন্ন্যাসীৰ গীত দিহা- ওৰে গৌৰাইৰে গোবাই। পদ- শোকে বিদৰে কাইলনীৰ মাইৰে ও গৌৰাইৰে গৌৰাই। গণিয়া পিতিয়া মই বিবাহ কৰাইলো উত্ত্মা পণ্ডিতৰ জী।। কালি বিবাহ কৰাই আজি সন্ন্যাসী হৈলা লক্ষ্মীৰ উপায় হবো কি।। মায়ে কাটি দিয়া সৰু সূতা খেতি বৈনী বনাই দিয়া টানা। মাথাৰে পাগুৰী নিয়াৰে ভিজাৰো মুখ খানি জ্বলে কেঁচা সোণা। মাৱে কান্দান কান্দে হা পুতাই পুতাই বুলি বৈনী কান্দে সদৰৰ ভাই। দুৱাৰ মুখত বহি লক্ষ্মী কান্দান কান্দে ই বেলি থাকা গোঁসাই।। কে দিবো ৰান্ধিয়া কে দিবো বাৰিয়া কে দিবো এ অন্ন পানী। গধূলি পৰতে কাৰ ঘৰে ৰহিবা কে দিবো এ বাহা খানি।। বাৰিষাৰ নদীয়া লিক হেৰা দেখা চাঁন্দমুখ মোৰ নিমাই সন্ন্যাসে যায়। যত গৃহ বাস সবাকো দিবোৰে মোৰ নিমাই ঘৰে ফিৰি আয়।। চৈতন্য গোঁসাই বোলে শুনা শশী ঠাকুৰণী মোক লেগি নকৰিবা হানি। পুত্ৰক বিদায় দিয়া ধূলাই ধূসৰ কায়া নাকান্দা শশী ঠাকুৰণী।। চৈতন্য গোসাই বোলে শুনা শশী ঠাকুৰণী মোক লেগি নকৰিবা ধান্দা। কলিৰ লোকেহে মলিয়ন পৰিব হৰিৰ নাম গলে বান্ধা।। নিমাই সন্ন্যাসীৰ গীত কান্দে শশী পটেশ্বৰী কান্দে নিমাইৰ গুণকে সুমৰি। হাততে হৰাইলো মোৰ সোণাৰে পুতলি।। যেতিক্ষণে নিমাই আসি গৰ্ভে স্থিতি ভৈলা। ধন-জন ঐশ্বৰ্য্য বিভূতি বহু হৈলা।। উপজি মাতিলা দুনাই মাই মাই বুলি। অদ্ভুত দেখিয়া শশী মৰিলা সমূলি।। দুয়ো হাতে অন্ন খাই আৰু বান্ধে চুলি। তেতিয়াই জানিলো মই নাৰায়ণ বুলি।। চতুষ্পাৰ্শ্বে নিমাইক বৈষ্ণৱে আছে বেঢ়ি। তেতিয়াই জানিলা শশী নিমাই যাইবো এৰি।। নিত্যানন্দ বলভদ্ৰ লক্ষী গদাধৰ। চতুষ্পাৰ্শ্বে নিমাই যাই জগন্নাথে ৰল। প্ৰসন্ন চন্দ্ৰ বৰুৱাৰ “মিহলি বৰগীত”ৰ পৰা সংগৃহীতত। লিখকঃ ফণীন্দ্ৰনাথ কলিতা