“বিহু” অসমৰ জাতীয় উৎসৱ। “বিহু” শব্দৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মত আগবঢ়ালেও এটা কথাত একমত প্রকাশ কৰি ক’ব পাৰি যে সংস্কৃত “বিষুৱৎ” শব্দৰ পৰা “বিহু” শব্দৰ উদ্ভৱ হৈছে। বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ।

বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল-ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু।

কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্রান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্রান্তিত মাঘ বিহু পালন কৰা হয়।

ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান। বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায়।বসন্তৰ আগমনত প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে।

প্রকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্রেম-প্রীতিৰ ভাৱ জাগি উঠে; মন কমোৱা তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে। জনবিশ্বাসমতে ডেকা- গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্রকৃতি(পৃ্থিৱী)ক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্রক্রিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে।

ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।

ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয়। চ’তৰ মাজমানৰ পৰাই বিহুৰ প্রস্তুতি চলে বাবে ইয়াক চ’তৰ বিহু নামেৰেও জনা যায়।

সাতদিনৰ বিহুৰ প্রত্যেকৰে সুকীয়া নাম -

সেয়া হৈছে-

১) গৰু বিহু,

২) মানুহ বিহু,

৩) গোঁসাই বিহু,

৪) তাঁতৰ বিহু,

৫) নাঙলৰ বিহু,

৬)জীয়ৰী বা চেনেহী বিহু আৰু

৭) চেৰা বিহু।

এই সাতটা বিহুকে “সাতবিহু” নামে জনা যায়। আজিকালি অৱশ্যে বিহু সাতদিনহে পালন কৰে, এনে নহয়; গাঁৱে-ভূঞে, নগৰে-চহৰে বিহু গোটেই ব’হাগ মাহ ধৰি চলি থাকে।

কেতিয়াবা জেঠমাহ পৰ্যন্ত পাইগৈ। প্রথম কেইদিনৰ বাদে বাকী দিনবোৰত বিশেষ নিয়ম-নীতি পালন কৰা নহয়।

ব’হাগ বিহুৰ প্রথম দিনটো অৰ্থাৎ চ’তৰ সংক্রান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্রধান সম্বল গৰুৰ নামত উছৰ্গা কৰি “গৰু বিহু” হিচাপে পালন কৰা হয়। সেই দিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়।

সেইদিনা ৰাতিপু্ৱাই গৰু-ম’হক পটাত পিহি লোৱা মাহ-হালধিৰে নোৱাই, শিঙত তেল সানি,কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱায় আৰু লগত “চাট”(ত্ৰিশূলাকৃতিৰ বাঁহৰ মিহি শলা)ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি(কেঁতুৰি) আদি গালৈ দলিয়াই এইদৰে গোৱা হয়-

“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।

মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।।”

এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পিছত গৰুবোৰক পথাৰত মুকলিকৈ চৰিবলৈ এৰি দি চাটত থাকি যোৱা অৱশিষ্ট লাউ বেঙেনাৰে চাটবিলাক আনৰ লগত সলনা-সলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুঁজি থোৱা হয় আৰু চাটত ৰৈ যোৱা বস্তু দুই এটুকুৰা চোবাই খোৱা হয়।

চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে চাট বোৰ দুই,তিনি,চাৰি সিৰীয়াকৈ ত্ৰিশূলাকৃতিত বনোৱা হয়।

জনবিশ্বাস মতে দেৱাদিদেৱ মহাদেৱৰ সন্তুষ্টিৰ বাবে চাটৰ আকৃতি ত্ৰিশূলাকাৰ কৰা হয়। চাট বিলাক এখন চালনীত এখন আগলি কলপাত পাৰি ঢাকি নিয়া হয় আৰু এডাল পুৰণা পঘা লৈ যোৱা হয়; এই পঘা ডাল গৰু গা ধুওৱাৰ আগতে গৰুৰ তলেদি সৰকাই আনিব লাগে। তেনে কৰিলে গৰুৰ কিবা দোষ থাকিলে দোষমুক্ত হয় বুলি কৃষকসমাজে বিশ্বাস কৰে।

গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু মৰলীয়া আদি আন আন বন-শাক জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে।

ঠাই বিশেষে সাপ আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানী ছটিওৱা হয়। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি মাহ হালধি বটাৰে বা সেন্দূৰেৰে কপালত ফোঁট দি নিমখীয়া পিঠা খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। পঘাডাল সাধাৰণতে মৰাপাটৰ সলনি তৰাৰে তৈয়াৰ কৰা হয়।

তৰা বেছি যোগাৰ কৰিব নোৱাৰিলে মৰাপাটৰ লগত অকণমান হ’লেও দিব লাগে। তৰাৰ পঘাত তুলসী-দূবৰি গুঁজি দিয়া হয়। এনে কৰিলে গৰুৰ বংশ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। তাৰপিছত মাখিয়তীৰ পাতেৰে গৰু-ম’হক বিচি দি এইদৰে গোৱা হয়-“মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত।”

এনে কৰিলে বছৰটোলৈ মহ-ডাঁহৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ অসমীয়া সমাজত সেইদিনাৰ পৰাহে নতুন বছৰত বিচনীৰ বা লোৱা নিয়ম। আগতে ল’লে মূৰঘূৰণি হয় বুলি বিশ্বাস কৰা হয়।

গৰু বিহুৰ দিনাই গধূলি কাম-বন সামৰি জীয়ৰী-বোৱাৰী সকলে হাতত জেতুকা লয়। সাধাৰণতে জেতুকা পাতৰ লগত পাণ, থেকেৰা, ডালিমৰ কোঁহ, মধুৰিআমৰ কোঁহ আদি মিহলাই পটাত পিহি মিহি কৰি দুহাতৰ তলুৱাত, নখত, ভৰিৰ আঙুলিৰ নখত,ফাঁকত ঘঁহা হয়। কোনো কোনোৱে বেছিকৈ ৰং ধৰিবৰ বাবে ৰাতিটো হাতত বান্ধি থয়।

জেতুকাৰ ৰঙে মানুহৰ চৰ্মৰোগ প্ৰতিৰোধ কৰে। নাচনীয়ে বিহুত আজিকালি হাতত জেতুকা লোৱাতো অপৰিহাৰ্য।

বিহুৰ বাহিৰে অন্য সময়তো জেতুকা ল’ব পাৰি। গৰু নোৱাবলৈ তৈয়াৰ কৰা মাহ-হালধিৰ অৱশিষ্ট পানী মিহলাই ঘৰৰ ভেটিৰ চাৰিওফালে ছটিয়াই দিয়া হয়। এইদৰে কৰিলে বছৰটোলৈ সাপ আদি নাহে বুলি জনবিশ্বাস আছে।

গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী” বোলে। মানুহ বিহুৰ দিনা সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সেইদৰে সৰুক আশীৰ্বাদ দিয়ে।

বোৱাৰীয়ে শহুৰ-শাহুক বটাত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মানধৰি সেৱা কৰে আৰু বিহুৰ জলপান আগবঢ়ায়। তেওঁলোকে আশীৰ্বাদ দিয়াৰ উপৰিও যথসাধ্য উপহাৰ আগবঢ়ায়।

বিহুত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে “বিহুৱান” বোলা হয় যদিও বিহুৱান বুলিলে ঘাইকৈ গামোচাখনকে বুজায়।

আমাৰ অসমীয়া সমাজত গামোচাখনৰ আদৰ আটাইতকৈ বেছি আৰু ইয়াৰ এক সুকীয়া মান-মৰ্য্যাদা আছে। “অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি” অহাৰ আগতেই অৰ্থাৎ চ’তৰ পৰাই অসমীয়া জীয়ৰী-বোৱাৰীৰ “মৰমৰ দীঘেদি চেনেহৰ বাণীৰে” চেনেহৰ বিহুৱানখনি বৈ কাটি উলিয়াবলৈ গাত তৎ নাইকিয়া হয়।

কিয়নো বিহুৰ পিছত ব’বলৈ থকা কাপোৰ বা বিহুৱান “বিহুচেৰা” বুলি আখ্যা দিয়া হয় আৰু এই বস্ত্ৰ কোনো পুৰুষক দিব নাপায় বুলি বিশ্বাস কৰা হয়। অসমীয়া সমাজত ব’ব কাটিব নজনা তিৰোতাক অকাজী বা থুপৰী বুলি উপহাস কৰা দেখা যায়।

বছৰৰ প্ৰথম দিনটোতে ব্ৰাহ্মণ দৈবজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ,ব্ৰজপাত আদিৰ পৰা ৰক্ষা পৰি সুকলমে শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি(শ্লোকটি) লেখি দুৱাৰ মুখত বা ঘৰৰ ছালৰ পানীপচাত বা মূধচত গুঁজি থোৱাৰ নিয়ম-

“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ

বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।।”

গৰু বিহু আৰু মানুহ বিহু দুয়ো দিনাই গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়া এটা সুন্দৰ পৰম্পৰা। বিহু গীতত কৈছে-

“চ’ততে চকৰি ব’হাগত বগৰী

জেঠতে আমনা ধান,

গৰু বিহুৰ দিনা আশীৰ্বাদ ল’লেহে

বৈকুণ্ঠত পাবাগৈ স্থান।”

বিহু কেইদিনত ইজনে সিজনক সেৱা-সৎকাৰ কৰা, মৰম চেনেহৰ আদান প্ৰদান কৰা, বন্ধু- বান্ধৱ আলহী-অতিথি আহিলে সোধ-পোচ কৰা, চিৰা-পিঠা, দৈ আদিৰে আপ্যায়ন কৰা আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি আহিছে।

সাধৰণতে গৰু বিহু বা মানুহ বিহু দুয়ো দিনতে দুপৰীয়া গৰম ভাত বনোৱা নহয়। জলপানেৰে চলাই দিয়া হয় নাইবা আগ দিনাৰ পঁইতা ভাতহে খোৱা হয়।

এইদৰে পঁইতা ভাত খাওঁতে বিচনীৰ বা ল’লে বছৰটোলৈ দেহা জুৰ পৰি থাকে বুলি জনবিশ্বাস আছে।

গৰু বিহুৰ দিনাই ৰাতিলৈ এশ এবিধ বন-শাক যোগাৰ কৰি আঞ্জা খোৱাৰ নিয়ম। এশ এবিধ শাকৰে তৈয়াৰী ব্যঞ্জন সকলো ৰোগৰ মহৌষধ। সেইদিনা বিহ খালেও ঔষধৰ কাম কৰে বুলি বিশ্বাস কৰা হয়। এশ এবিধ শাক যোগাৰ কৰিব নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়; ইয়াকে ‘সাতশাকী’ বোলে।

ৰঙালী বিহুৰ এইবিলাক ৰীতি-নীতি, পৰম্পৰাৰ উপৰিও এটি উল্লেখযোগ্য অনুষ্ঠান হ’ল হুঁচৰি। হুঁচৰি হ’ল আনন্দৰ গীত আৰু নাচৰ অনুষ্ঠান। ইয়াত গাভৰু বা মহিলাৰ স্থান নাই।

সাধাৰণতে ল’ৰা-ডেকা-বুঢ়া সকলো মিলি হুঁচৰি দল গঠন কৰি ঘৰে ঘৰে গৈ ঢোল, তাল, পেঁপা, গগনা, টকা আদি বাদ্য বজাই ঘোষা-পদ,বিহুনাম গাই বিহুনাচ নাচে। এয়ে হুঁচৰি।

হুঁচৰিযোৰাত এজন মুখিয়াল মানুহ থাকে। তেওঁক ‘বাৰিক’ বোলে। সাধৰণতে গৰু বিহুৰ দিনা ৰাতিৰ পৰাই হুঁচৰি গোৱা আৰম্ভ হয়। প্ৰথমে গাঁৱৰ ৰাইজ নামঘৰত গোট খাই তামোল-পাণ আগবঢ়াই হৰিধ্বনি দি ঘোষাপদ জোৰে।

তাৰপিছত প্ৰথমে গাঁৱৰ গাঁওবুঢ়া বা মুখিয়াল মানুহ ঘৰতে হুঁচৰি আৰম্ভ কৰে। ইয়াকে “হুঁচৰিৰ ঘেতা” মৰা বোলে। বছৰেকৰ মূৰত হুঁচৰিযোৰা আহিলে গৃহস্থই তামোল-পাণৰ শৰাই দি পদূলিৰ পৰাই আগবঢ়াই নিয়াৰ নিয়ম। ৰাইজৰ পদধূলা চোতালত পৰিলে গৃহস্থই ধন্য মানে। হুঁচৰি গোৱা ৰাইজে গ্বহস্থৰ চোতালত প্ৰবেশ কৰি এইদৰে গ্বহস্থৰ কুশল কামনা কৰি গায়-

“গোহালিত গৰু- হৈছে

পুখুৰীত মাছ- হৈছে

বাৰীত তামোল-পাণ- হৈছে

গৃহস্থৰ কুশলৰ অৰ্থে- হৰিবোল”

এইদৰে জয়ধ্বনি দি চোতালত ঘূৰি ঘূৰি নিৰ্দিষ্ট লয়ত(বিলম্বিত, মধ্য আৰু দ্ৰুত) ঢোল-তাল বজাই ঘোষা পদ গায়। তাৰপিছত “লহৰী”(হাতত ধৰাধৰিকৈ ঘূৰিঘূৰি কৰি খেলা এটা আনন্দৰ অনুষ্ঠান)খেলে।

ইয়াৰ পিছত গৃহস্থৰ অনুমতি সাপেক্ষে প্ৰথমে যোজনা, তাৰপিছত ঢোল, তাল, গগনা, পেঁপা, আদি বজাই আৰু বিহুনাম গাই নাচি-বাগি ৰং-তামাচা কৰে আৰু গৃহস্থইও তামোল-পাণ, গামোচা, চেলেং আৰু যথাসাধ্য অৰিহণা আগবঢ়াই ৰাইজৰ আগত আঁঠুলৈ আশীৰ্বাদ গ্ৰহণ কৰে।

ৰাইজেও হিয়া উজাৰি আশীৰ্বাদ দিয়ে। হুঁচৰিৰ বিভিন্ন ধৰণৰ আশীৰ্বাদৰ উপৰিও ৰাইজে গায়-

“এটা বাটিত নহৰু, এটা বাটিত পনৰু এটা বাতিত খুতৰা শাক

মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক।”

এইদৰে ৰাইজে গ্বহস্থৰ ঘৰৰ পৰা বিদায় লয়।

মুকলি বিহু -

হুঁচৰিৰ উপৰিও ৰঙালী বিহুৰ আন এটি বিশেষ অনুষঠান হ’ল “মুকলি বিহু” বা “বিহুনাচ”। ইয়াত সাধাৰণতে ডেকা-গাভৰুৱে ভাগ লয়। ইয়াত ঢোল-তাল,পেঁপা, গগনা, সুতুলি, বাঁহী আদি বিভিন্ন বাদ্যযন্ত্ৰৰ উপৰিও বিহুনামৰ পয়োভৰ মন কৰিব লগীয়া।

ডেকা-গাভৰুৰ মাজত নামৰ কটা-কটি চলে। এইবোৰ যৌৱনৰ গীত, পীৰিতিৰ গীত; কিছুমান যৌনগন্ধী। হ’লেও এইবোৰত নিৰ্মোহ ধেমালি ফুটি উঠিছে।

বিহুগীত বা বিহুনামবোৰ অনাখৰী চহা কবিৰ দ্বাৰা ৰচিত আৰু এইবোৰ মৌখিকভাৱে যুগে যুগে চলি আহিছে; কিছুমান একেসুৰ আৰু ঠাচতে নতুনকৈ ৰচিত হ’ব ধৰিছে। অৱশ্যে পৰিৱৰ্তনৰ ঢৌত আগৰ নাম আৰু এতিয়াৰ নামৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়।

ব’হাগ বিহু ৰং ধেমালিৰ উৎসৱ। হুঁচৰি, বিহুনাচ আৰু বিহুনামৰ উপৰিও ব’হাগ বিহুত নানান খেল ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কণীযুঁজ আৰু কড়িখেল উল্লেখযোগ্য।

এই দুয়োবিধ খেলেই প্ৰজননৰ প্ৰতীক। বছৰৰ আৰম্ভণিতে খেলা কড়িফুটা মানে ধৰণী সোণালী শইচেৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি, অতিবৃষ্টি, বন্যা আদিয়ে আগুৰি ধৰা। কড়িখেলত জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি বিশ্বাস কৰা হয়। আহোম স্বৰ্গদেউ সকলৰ দিনতে এইদুবিধ খেলৰ উপৰিও শেনখেল, ম’হযুঁজ, মাল-যুঁজ, হাতী যুঁজ, কুকৰা যুঁজ আদি খেলবোৰে জনপ্ৰিয়তা লাভ কৰি ৰজাঘৰীয়া সন্মান আৰু পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰংঘৰৰ বাকৰিত এই খেলবোৰ অনুষ্ঠিত হৈছিল আৰু এইবিলাকৰ প্ৰতিযোগিতাও হৈছিল; লগতে ঢুলীয়া-নাচনীৰো প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

ব’হাগ বিহুৰ তৃতীয় দিনা গোঁসাই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত সমূহীয়া নাম-প্ৰসংগ হয়। পুৰণি বাদ-বিবাদ থকিলে তামোল-পাণ শৰাই দি একৰা-একৰি দণ্ড খৰচা লৈ ৰাইজে মিট-মাট কৰি দিয়ে। অসমীয়া জন-জীৱনৰ এবিধ আদৰৰ সম্পদ হ’ল “তাঁতশাল”। সেয়ে বিহুৰ চতুৰ্থ দিনা “তাঁতৰ বিহু”।

পঞ্চম দিনা চহালোকৰ কৃষিকৰ্মৰ মূল সঁজুলি “নাঙলৰ বিহু”। ষষ্ঠ দিনা বিয়া দিয়া জীয়াৰী পিতৃগৃহলৈ আহে, সেয়ে সেইদিনা “জীয়ৰী বিহু” বা “চেনেহী বিহু”। শেষৰ দিনা “চেৰা বিহু”। এয়ে ব’হাগৰ ‘সাত বিহু’।

চেৰা বিহুৰ পাছত সাধৰণতে সাত দিনত বা এঘাৰ দিনত বিহু সামৰণি মৰা হয়। অবশ্যে কিছুমান ডাঙৰ গাঁৱত বেছিঘৰ মানুহ থাকিলে হুঁচৰি সামৰোঁতে দিন লাগে। যেইকি নহওক বিহু সামৰা দিনা ৰাইজে একত্ৰিত হৈ প্ৰথমে গাঁৱৰ নামঘৰত তামোল-পাণ দি সেৱা জনাই ঘোষা-পদ জুৰি গাঁৱৰ পৰা কিছু নিলগত থকা বৰগছ বা জৰি গছৰ তললৈ গৈ গছজোপাত এখন গামোচা বান্ধি সেৱা জনাই গছজোপাৰ চাৰিওফালে ঘূৰি ঘূৰি ঘোষা-পদ গায় আৰু একেবাৰে শেষত গায় এনেকৈ-

“হুৰাই ল ধান-খেৰৰ ছাই

অতি চেনেহৰ ৰঙালী বিহুটি

হাততে মলঙি যায়।”

আৰু কেতিয়াবা গায়-

“বিহুটি নামেৰে তিনিটি আখৰে

কোনে কাটি গ’লে শিলত

ঘুণেও নধৰে মামৰেও নধৰে

থাকিব আমাৰে প্ৰাণত”

এইদৰে গাই গছৰ গুৰিতে ঢোলৰ মাৰি বা টকা এটা এৰি থৈ বা ভাঙি থৈ ঘৰলৈ উভতি আহে। এইদৰে বিহু সামৰা বা বিহু উৰুওৱা হয়। বিহু সামৰি উভতি আহোঁতে সাধৰণতে পিছলৈ উভতি চাব নাপায় বুলি বিশ্বাস কৰা হয়।

বিহু অসমীয়া জাতিৰ বাপতিসাহোন। এই বিহু সমন্বয়ৰ প্ৰতীক। বিহুৰ লগত জড়িত “বিহু নাম’ বা “বিহুগীত”বোৰ অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ।

এই বিহু গীতবোৰৰ জৰিয়তে সুজলা সুফলা আই অসমীৰ অপৰূপ প্ৰকৃতিৰ মনোৰম ছবি, অসমীয়া জন-জীৱনৰ আচাৰ- ব্যৱহাৰ, ৰীতি-নীতি, প্ৰেম-প্ৰীতি, হৃদয়ৰ বতৰা, কৃষ্টি-সংস্কৃতি, ৰূপ-ৰস-গন্ধ সকলো সুন্দৰভাবে ফুটি উঠিছে আৰু পৰম্পৰাগতভাৱে যুগ যুগ ধৰি চলি আহিছে।

কিন্তু বৰ্তমানে পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি বিহুৰ বহুতো ৰীতি-নীতি, লোকাচাৰ লুপ্তপ্ৰায় হৈ আহিছে; আনকি নগৰমুখী বিহুৱে বিহুৰ প্ৰকৃত ৰূপ হেৰুৱাই পেলাইছে।

আগৰ গছতলৰ আৰু চোতালৰ বিহু আহি মঞ্চ পালেহি। লগে লগে বিহুত মান্যজনক সেৱা সৎকাৰ কৰা, শিপিনীয়ে নিজহাতে বোৱা বিহুৱান দিয়া, ঢেঁকীত চিৰা-সান্দহ খুন্দা নিয়মবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে।

সময়ৰ পৰিবৰ্তনত বিহুও সলনি হ’লেও বসন্ত আহিলে ব’হাগ আহে; ব’হাগ থাকে মানে বিহু থাকিব। বসন্তৰ পৰশত প্ৰকৃতিয়ে ন-ৰূপ গ্ৰহণ কৰিবই; কুলি-কেতেকীৰ সুমধুৰ সুৰত, তগৰফুল, কেতেকীফুল, কপৌফুল ফুলিলে বিহুৰ বতৰা পাই আজিও ডেকা-গাভৰুৰ দেহা সাতখন-আঠখন কৰে, মন পুলকিত হয়। সেয়ে বিহু গীতৰ সুৰতে ক’ব পাৰি –

“বিহু আনন্দীয়া বিহু বিনন্দীয়া

বিহুটি অসমৰ প্ৰাণ;

এনুৱা বিহুটি এৰিব লাগিলে

নাথাকে অসমৰ মান।”

লেখক: লক্ষেশ্বৰ হাজৰিকা

উৎস: সাহিত্য.অৰ্গ