অসমীয়া পিঠা-পনা অসম এখন কৃষি প্রধান দেশ । অসমত কৃষিজাত সামগ্ৰী যেনে-ধান, তিল, গুড়, নাৰিকল, কল আদি পর্যাপ্ত পৰিমাণে উৎপাদন হয়। এই সামগ্ৰীসমূহৰ পৰা অসমীয়া মানুহে বিভিন্ন ধৰণৰ পিঠা-পনা প্ৰস্তুত কৰে। বিশেষকৈ বিহুৰ সময়ত ধানৰপৰা বিবিধ ৰকমৰ জলপানৰ লগতে নানান তৰহৰ লাডু-পিঠা বনোৱা অসমীয়া মানুহৰ পুৰণি পৰম্পৰা। পিঠা প্ৰস্তুত কৰিবৰ বাবে ধান ঢেঁকীত বানী চাউল উলিওৱা হয়। আকৌ চাউল দুই/তিনি ঘন্টা ঠাণ্ডা পানীত তিঁয়াই থোৱাৰ পিছত খৰাহিত চাউলখনি টুকি থোৱা হয়। তাৰপিছত ঢেঁকীত খুন্দি পিঠাগুৰি প্ৰস্তুত কৰা হয়। আজিকালি ধান কুটুৱা মেছিন ওলোৱাৰপৰা ঢেঁকীৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈছে। আকৌ পিঠাগুৰি খুন্দিবলৈ মিক্সি ব্যৱহাৰ কৰে। কম সময়ত বেছিকৈ পিঠগুৰি খুন্দিব পাৰি। চব চাউলৰপৰা পিঠা নুঠে। তিলপিঠা আৰু ঘিলাপিঠা প্ৰস্তুত কৰিবলৈ বৰাচাউল লাগে। বৰাচাউলৰ আঠা থকাৰ বাবে এই দুবিধ পিঠা সাজিবলৈ সুবিধা। তিলপিঠা তলত কেইবিধ মান পিঠাৰ নাম উল্লেখ কৰা হ'ল- কঁঠালপিঠা (কঁঠাল চালি পিঠাগুড়িৰে মিহলাই তেলত ভজা, কলপাতত দি পাটচৰুত দি ভজা), কলপিঠা (প্রস্তুত প্রণালী কঁঠাল পিঠাৰে লগত একে), খোলাচাপৰি পিঠা বা পানী পিঠা, ঘিলা পিঠা, চুঙা বা দাং পিঠা, টেকেলি বা ঘোটি পিঠা, টোপোলা বা কঁকাল চিগা পিঠা, তাল পিঠা, তিল পিঠা (কাঁচি জোন আৰু দুইকাণ পকোৱা), নাৰিকল পিঠা (তিল পিঠাৰে অভিন্ন ৰূপত প্ৰস্তুত কৰা হয়), পাত পিঠা, ফেনী পিঠা, লাও পুলি পিঠা (কোমল পানীলাও পানীত সিজাই নিঠাগুড়ি সানি ঘিলা ৰূপত সাজি তেলত ভাজি জুলীয়া গুড়ত দি প্ৰস্তুত কৰা পিঠা), সাহৰ পিঠা (তিলপিঠাৰ দৰে পিঠাৰ মাজত তিল নিদি ঘন গাখীৰ, পিঠাগুডি আৰু চেনিৰ মণ্ড দি সজা পিঠা), সুতুলি পিঠা, জোনপিঠা, মোলপোৱা আদি। নাৰিকল, তিল আদিৰপৰা লাড়ু প্ৰস্তুত কৰা হয়। নাৰিকলৰ লাড়ু বা লস্কৰা আৰু তিলৰ লাড়ু বহুদিনলৈ ভাল হৈ থাকে। খেতি চপোৱাৰ পিছত চুঙা পিঠা খোৱা পৰম্পৰা প্ৰচলিত। এই পিঠা প্ৰস্তুত কৰিবলৈ বাঁহৰ চুঙাৰ প্ৰয়োজন হয়। পিঠাগুৰিৰ লগত সামান্য পানী মিহলাই চুঙাত ভৰাই এডাল সৰু মাৰিৰে পিঠাগুৰিখিনি খুন্দি খুন্দ চুঙাৰ মুখলৈকে ভৰোৱা হয়। চুঙাটোৰ মুখত খেৰ বা কলপাতৰ সোপা এটা দি কাঠখৰিৰ জুইত চুঙাটো পোৰা হয়। এটা নিৰ্দিষ্ট জোখত চুঙাটো জুইপৰা তুলি আনি ঠাণ্ডা হ’বলৈ দিয়া হয়। পিছত চুঙাটো ফালি গোটা গোটাকৈ ওলোৱা পিঠা খাবলৈ বৰ সোৱাদ। জুইত পুৰি থকা অৱস্থাত চুঙাপিঠা পোৰা চুঙা কাটি উলিওৱা চুঙাপিঠা আজিকালি অসমীয়া তিৰুতাই পিঠাৰ লগত বিভিন্ন ৰস যেনে বিটৰ ৰস, কমলাৰ ৰস মিহলাই পিঠা প্ৰস্তুত কৰিবলৈ ধৰিছে। তিল পিঠা সাধাৰণতে বগা হয়, কিন্তু বিটৰ ৰস মিহলাই বনোৱা তিল পিঠা বিটৰ দৰে ৰঙীন হয়। ঠিক একেদৰে বেচন, গম আদিৰপৰা লাড়ু বনোৱাতো অসমীয়া মহিলা পাকৈত। অসমীয়া মানুহে পিঠা-পনা কৰি নিজেও খায় আৰু আনকো খুৱাই ভাল পায়।