আঠমঙলা অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানৰ লগত জড়িত এটি বিশেষ পৰম্পৰা হৈছে-আঠমঙলা। নতুনকৈ বিয়া হোৱা দৰা-কইনা বিয়াৰ আঠ দিনৰ দিনা মাকৰ ঘৰলৈ যোৱাৰ পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত। আঠদিনত সম্পন্ন হোৱা মাঙ্গলিক অনুষ্ঠানত হেতু এই পৰম্পৰাক আঠমঙলা নামেৰে জনা যায়। অসমত আঠমঙলা খুওৱাটো এটা পুৰণি প্রথা। সংস্কৃত অষ্টমংগলশব্দৰপৰা আঠমঙলা শব্দটো অহা বুলি বিভিন্ন পণ্ডিতে মত পোষণ কৰে। সাধাৰণতে বিয়াৰ আঠদিনৰ দিনা দৰাক শহুৰেকৰ ঘৰলৈ খাবলৈ নিমন্ত্রণ জনায়। এয়ে আঠমঙলা। অৱশ্যে বিয়া হোৱা মাহটোৰ সংক্ৰান্তি ৩-৪ দিনত পৰিলে সেই ৩-৪ দিনৰ ভিতৰতে আঠমঙলা অনুষ্ঠান পাতিব লাগে। উজনি অসমত এই পৰম্পৰাক আঠমঙলা নামেৰে কোৱা হয় যদিও নামনি অসমত ইয়াক নিয়াতা দিয়া (সং-নিমন্ত্রণ) বা নেওতা খুওৱা বোলা হয়। দৰা, দৰাৰ সখি আৰু অনুজ এজন বা তিনিজন কইনাঘৰলৈ যোৱা নিয়ম। সাধাৰণতে দৰাতকৈ জ্যেষ্ঠজনে আঠমঙলালৈ নাযায়। যাব লগা হ'লেও দৰা গৈ পোৱাৰ আগতে কন্যাঘৰত খাই-বৈ আহে (অঞ্চল বিশেষে)। দৰা আৰু তেওঁৰ লগত যোৱা কেইজনক কইনাঘৰে পোনতে বিভিন্ন পিঠা-লাডু আৰু জলপান খুৱায়। দ্বিতীয়বাৰ আঠখন আঞ্জাৰে ভাত আৰু পায়স খাবলৈ দি তৃতীয়বাৰ লঘু আহাৰ আগবঢ়ায়। কোনো কোনো অঞ্চলত দৰা গৈ পদূলিমুখ পাওঁতে পুনৰ্বাৰ আমন্ত্রণ জনাই আনি তৃতীয়বাৰৰ লঘু আহাৰ খাবলৈ দিয়ে। বিয়া নোহোৱা খুলশালী ছোৱালীহঁতে নতুন ভিনদেউক পিঠা-লাডু খুওৱা কালত বিভিন্ন ধৰণৰ নিৰ্দোষ ৰং-ৰহইচ কৰাটো এটা দস্তুৰ। আঠমঙলাত তিতা-টেঙা দিয়া নিষেধ। সিয়ে শহুৰ-জোঁৱাইৰ সম্পৰ্ক টেঙা-তিতা কৰিব পাৰে বুলি এটি লোকবিশ্বাস আছে। আঠমঙলা খাবলৈ গৈ কইনাগৰাকী মাকৰ ঘৰত থাকি আহিব নালাগে। সেই একে দিনাই ঘুৰি আহিব লাগে। মাকৰ ঘৰলৈ যাওঁতে মাকৰ ঘৰৰ সকলোৰে বাবে লগতে বংশৰ জ্যেষ্ঠসকলক বস্ত্ৰ দি আৰ্শীবাদ লোৱাৰ নিয়ম আছে। সৰুসকলক হাতে হাতে উপহাৰ দি বয়োজ্যেষ্ঠসকলক সেৱা জনাই আৰ্শীবাদ লয়।