জেং বিহু অসমীয়া বিহু পৰম্পৰাৰ লগত জড়িত এটি পৰম্পৰাগত অনুষ্ঠান। প্ৰাচীন কালৰপৰা অসমীয়া কৃষিজীৱী সমাজত মহিলা-গাভৰুসকলে মিলি জেং বিহু মাৰে। জেং বিহুত পুৰুষে অংশগ্ৰহণ নকৰে। মুকলি পথাৰত গছৰ তলত এই বিহু পালন কৰা হৈছিল যদিও বৰ্তমান বিহুৰ আধুনিকীকৰণ ফলত জেং বিহু মঞ্চবিহুত পৰিণত হ’ল। এই বিহুৰ নামকৰণ সম্পর্কে মতভেদ আছে। —ড° মহেশ্বৰ নেওগৰ মতে, 'বিহুমাৰতীহঁতে হেনো বিহুমৰা ঠাইত শুকান জেং কেইডালমান থিয়কৈ লয় আৰু পাছত হেনো তাতে সেউজীয়া ডাল-পাত লগাই দিয়ে।' ব্যাখ্যাৰ প্ৰয়োজন নাই যে, জেং থিয়কৈ লোৱাৰপৰা জেং বিহু নামটো আহিছে। —প্রদীপ চলিহাদেৱৰ মতে, আহোমসকলে আদিতে বোলা জেং নাং পঈ কালক্ৰমত জেং বিহু হয়গৈ। —হেম বুঢ়াগোহাঞিৰ মতে, 'জেং পুতি বিহু মৰা গাভৰু বিহুক জেং বিহু নামকৰণ কৰা হয় যদিও জেং বিহু আচলতে টাই গাভৰুসকলে মৰা গাভৰু বিহুহে হ'ব লাগে।' —জয়কান্ত গন্ধীয়াৰ মতে, 'প্রতিযোগিতাৰ যুগত মঞ্চত গছৰ ডাল এটা বা জেং এডাল পুতি তাতে গামোচা এখন আঁৰি দিয়া বাবেহে সৰ্বসাধাৰণৰ মাজত ভুলতে জেং বিহু শব্দটো অধিক জনপ্রিয় হ'ল,' জেং বিহুত জেং এডালৰ প্ৰয়োজন। জেং থকা বাঁহ অথবা গছৰ ডাল এটা পুতিও এই বিহু অনুষ্ঠিত কৰা হৈছিল। কোনো কোনোৱে সেই জেঙতে বিহু ডাঙৰীয়ালৈ বুলি এখনি ফুলাম গামোচা আগবঢ়ায় । কোনোৱে গুৱা-পাণ এযোৰ অথবা ফুলৰ মালা এধাৰিকে আঁৰি দিয়ে। আগৰ দিনত গাভৰু ছোৱালীয়ে গছৰ তলত পতা গাভৰু বিহুৰে ইয়াৰ সাদৃশ্য ভালেখিনি। জেং বিহুৰ অৰ্থ নিভাঁজ বিহু অর্থাৎ নিভাঁজ গাভৰু বিহু। হাত চাপৰিৰ উপৰি টকা আৰু গগনা বজাই গাভৰুহঁতে জেং বিহু পাতে। ডেকাৰ প্ৰৱেশ ৰুদ্ধ এই জেং ডালে প্রতীকী ৰূপ গ্রহণ কৰা বুলিব পাৰি। আগেয়ে জেং বিহু তিনিদিন জুৰি চলিছিল। উজনিৰ ভিতৰুৱা গাঁৱত এদিন বা দুদিনহে চলে। বর্তমানে মঞ্চত গছৰ ডাল এডাল পুতি গাভৰুৱে মৰা বিহুকেই জেং বিহু আখ্যা দিয়া দেখা যায়। জেং বিহুৰ বিহুনাম— তামোল কাটি কাটি অকলে নেখাবা আমাকো এখনি দিবা, জেং বিহু চাবলৈ একলে নেযাবা আমাকো লগতে নিবা।।' জেং বিহুত বিহুৱতীৰ নৃত্য ভঙ্গীমাৰো স্বকীয়তা আছে। ইয়াৰ নৃত্যশৈলী মুকলি বিহুৰ নাচৰ দৰে যৌনগন্ধী নহয়। জেং বিহুৰ নাচনীৰ নাচোন ভঙ্গীত প্ৰাণ-চঞ্চলতা আছে । ভৰিৰ গিৰিপনিত যাতে পৃথিৱী উৰ্বৰা হয় তাৰবাবে গাভৰুহঁতে প্ৰাণখুলি প্ৰাণৰ গীত গাই প্ৰাণঢালি নাচে। গাভৰুসকলে ঘূৰণীয়া হৈ এই বিহু মাৰে। সাধাৰণতে দুজনী-চাৰিজনী নাচনী-বৃত্তৰ মাজলৈ গৈ মুখামুখিকৈ হাত মেলি, কঁকাল ভাঙি, ভৰি চলাই , হাতৰ তলুৱা ইলুটি-সিলুটি কৰি হালি জালি নাচিছিল। লগতে ভৰিৰে গিৰিপ গিৰিপ টিপনি ৰাখি নচাটোৱেই আছিল গাভৰু বিহুৰ নাচোন ভঙ্গীৰ পৰম্পৰা।