ম’হহো উৎসৱ নামনি অসমৰ এটা প্ৰধান লোক উৎসৱ হৈছে মহমো উৎসৱ। আঘোণ মাহৰ পূর্ণিমাৰ দিনা ম’হোহো উৎসৱ পালন কৰা হয়। এই অনুষ্ঠানত সন্ধিয়া গাঁৱৰ চেমনীয়া-ডেকাই কেইবাটাও দলত বিভক্ত হৈ গাঁওৰ প্রতিঘৰলৈ যায় আৰু ঘুৰি ঘূৰি লাঠিৰে মাটিত খুন্দিয়াই তালত গীত গায়। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। এজনে মহহো গীত জোৰে আৰু বাকী লগৰীয়াসকলে লগতে ধৰে। এনে গীতৰ অন্তত গৃহস্থই মহোহা গীত গোৱা দলটিক চাউল বা টকা-পইচা যাচে আৰু দলটোৱে গৃহস্থক আশীর্বাদ দিয়ে। এই উৎসৱত গোৱা গীতক ভাওল দিয়া গীতো বোলা হয়। মহহো গীতত 'ম'হ' নামৰ জন্তুবিধক এই উৎসৱৰ কেন্দ্ৰ কৰি লোৱাৰ কাৰণ এনেধৰণৰ হ’ব পাৰে- (১) ম'হ অসমৰ থলুৱা জন্তু অর্থাৎ অতি প্রাচীন কালৰ পৰাই ম'হ অসমত পোৱা যায়; ই অন্য ঠাইৰ পৰা অসমলৈ অহা জন্তু নহয়। (২) ম'হৰ প্রতীকী তাৎপর্যও আছে। ম'হক ঋণাত্মক শক্তিৰূপেও গণ্য কৰা হয়। 'তন্ত্র'ত ম'হক বেছিভাগ ক্ষেত্রত ঋণাত্মক অর্থত ব্যৱহাৰ কৰা হয়। অসম এখন কৃষিপ্রধান দেশ। ধান খেতি ইয়াৰ প্ৰধান কৃষিজাত শস্য। অসমৰ অৰ্থনীতি বহু পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসমীয়া লেখেৰে জেঠ-আহাৰ মাহত খেতিয়কে পথাৰত ভূঁই ৰোৱে আৰু আঘোণ মাহত ধান পকে। তেতিয়া সেই ধান খাবলৈ ম'হ আহে। ম'হে খেতিৰ ধান নষ্ট কৰিলে খেতিয়কৰ খাবলৈ অভাব হ'ব। আঘোণৰ পূৰ্ণিমাৰ দিনা কিয় এই উৎসৱ পালন কৰা হয়? ম'হ খেদা কামটো হ'ল এক ভৌতিক প্রক্রিয়া। ই চকুৰে দেখা, কাণেৰে শুনা, হাতে-কামে কৰা কাম। সাধাৰণতে এই দিনটো পোহৰ হৈ উজ্বল হৈ থাকে, গতিকে ম’হক সহজে দেখা পোৱা যায়। যিকোনো দিনতে ম'হে ধান খাবলৈ আহিব পাৰে। এনে ভৌতিক কর্ম-কাণ্ডৰ জৰিয়তে তাৰ দ্বাৰা অন্য অর্থ অনুধাৱন কৰি প্রচলিত বিশ্বাস, ৰীতি-নীতি, দর্শন তথা আধ্যাত্মিকতাক যোগাই তুলিবলৈ চেষ্টা কৰা হয়। পৃথিৱীৰ প্রাচীন উৎসৱসমূহলৈ মন কৰিলে বুজা যায় যে যদিও উৎসৱটি কৃষি আৰু ঋতুৰ সৈতে জড়িত, তৎসত্ত্বেও কিছুমান উৎসৱত নৃত্য, সংগীত বাদ্যত সংযোজন কৰি সেই উৎসৱৰ সৈতে খাপ খোৱাকৈ পৰিবেশন কৰা হয়। এনে পৰিবেশ্য কলাত সাধাৰণতে প্রজনন কৃষ্টিৰ ধাৰণা লৈ পৰিবেশন কৰা হয়। অসমৰ বিহু প্রজনন কৃষ্টিৰ ভিত্তিত উদ্ভৱ হোৱা। কিন্তু মহোহা উৎসৱৰ গীত বা পৰিবেশন প্রজনন কৃষ্টিব ভিত্তিত নহয়। পূর্ণিমাৰ দিনা ঋণাত্মক শক্তি নাশ হয় আৰু ধনাত্মক শক্তি মানুহে লাভ কৰে। এই উৎসৱক ম’হক জন্তু হিচাপে গণ্য নকৰি ঋণাত্মক শক্তি বুলি ধৰা হয়। ম’হহো গীত— ''মহৌ হৌ মহৌ হৌ ম’হ খেদবা টোকান লৌ মহে বোলে মৰলু দে টেপৰ পুৰা খালু দে।’'