অসমীয়া মাঘ বিহুৰ পৰম্পৰা: পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘবিহু পালন কৰা হয়। মাঘৰ বিহু ভোগৰ বিহু বাবে ইয়াক ভোগালী বিহু বুলি কোৱা হয়। এই সময়ত সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰি উত্তৰলৈ গতি কৰে। এই সময়ত শীতৰ প্রকোপ কিছু কমিবলৈ ধৰে আৰু উষ্ণতাৰ অনুভূতি হ'বলৈ আৰম্ভ কৰে। মকৰ ৰাশিৰ সংক্ৰমণত হোৱা পুহৰ সংক্ৰান্তিক মকৰ সংক্ৰান্তি বুলিও জনা যায়। অসমীয়া মানুহে মাঘ মাহক পবিত্র মাহ বুলি গণ্য কৰে, কাৰণ কাতি মাহৰ কঙাল অৱস্থাৰপৰা আঁতৰি আহি মাঘত নতুনকৈ চপাই অনা সোণোৱালী শইচৰ ভোগ-সম্ভাৰেৰে দূখীয়া-নিচলা সকলোৰে ঘৰ ভৰি পৰে। মাঘ বিহুৰ লগত জুইৰ ঘনিষ্ঠ সম্পর্ক। মাঘৰ বিহুত অগ্নি পূজা কৰা হয়। অগ্নিক পূজা কৰাৰ অৰ্থ হৈছে সকলো সৃষ্ট বস্তুৰ ভিতৰত অগ্নিৰ প্ৰকাশিকা শক্তি বেছি। সেয়ে হিন্দু ধৰ্মৰ বিভিন্ন ধর্মীয় কাম-কাজত অগ্নি বা হোমক পূজা কৰা হয়। মাঘৰ বিহুত মেজি সজা হয়। মেজিৰ ওচৰতে গঞা ৰাইজে একেলগে মিলি উৰুকাৰ নিশা ভোজ-ভাত খাবৰ কাৰণে পথাৰত ভেলাঘৰ সাজে। উৰুকাৰ নিশা মাছ-মঙহেৰে সকলোৱে আনন্দ-ফূৰ্তিৰ মাজেৰে উৰুকাৰ নিশা পালন কৰে। পিছদিনা কাহিলি পুৱাতে উঠি গা-পা ধুই ভকতে ধূতি-চুৰীয়া পিন্ধি মেজিত অগ্নি সংযোগ কৰে। অগ্নি সংযোগ কৰাৰ সময়ত মেজিৰ জুইক উদ্দেশ্য কৰি পিঠা-পনা আৰু অৰিহণাসহ প্ৰসাদ আগবঢ়োৱা হয়। মেজিৰ কাষত উপস্থিত থকাসকলে সেৱা জনাই প্ৰাৰ্থনা জোৰে। নামনি অসমত মেজিক পুঁজি বা ভেলা পুঁজি বুলি কোৱা হয়। মাঘ বিহুৰ মেজি পোৰা ৰীতি এটি সমূহীয়া আহুতি বুলি ক'ব পাৰি। মেজি জ্বলোৱা প্ৰথা প্রাক্ বৈদিক আর্যসকলে পূজা কৰা মাগী বা মেজাইৰপৰা অহা বুলি ভাৱিবৰ থল আছে যদিও ই দৰাচলতে কৃষিভিত্তিকহে। মেজিৰ শুকান খেৰ, নৰা, কলপাত সকলো কৃষি সামগ্রীহে। মাঘ বিহুৰ লগত জড়িত আন কেইটিমান আনুষংগিক অনুষ্ঠান হৈছে- ম'হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, শেন যুঁজ আদি । কণী খুঁজে প্রজনন শক্তিৰ সূচনা দিয়ে। ম'হ যুঁজ, কুকুৰা যুঁজ, শেন যুঁজ আদিয়ে দৈহিক শক্তিৰ বতৰা দিয়ে। পথাৰৰ লখিমীয়ে এই সময়তে ঘৰে ঘৰে ভোগৰ সম্ভাৰ ওপচাই দিয়ে। মাঘ বিহুৰ লোকবিশ্বাস: মাঘ বিহু বা ভোগালী বিহু শীতকালীন কৃষিভিত্তিক উৎসৱ। প্রাচীন কালৰেপৰা অসমীয়া মানুহৰ মাজত মাঘ বিহু সম্পৰ্কীয় নানান লোকবিশ্বাস চলি আহিছে। শস্য সংগ্ৰহৰ অন্তত এই উৎসৱ প্ৰত্যেক অসমীয়া মানুহৰ ঘৰে ঘৰে উদ্যাপিত হয়। মাঘ বিহুৰ আগদিনা অৰ্থাৎ উৰুকাৰ দিনাখন সজাই থোৱা মেজি, ভেলাঘৰ আদি পাছদিনা ব্ৰহ্মপুৱাতে স্নানাদি কৰি বয়োজ্যেষ্ঠজনে দাহন কৰে। অগ্নি দেৱতাই যাতে গোটেই বছৰটোত কাৰো ক'তো একো বিঘিনি নকৰে সেই লোকবিশ্বাসেৰে মাঘ বিহুৰ মেজি দাহন প্রথা চলি আহিছে। এই মেজিৰ জুইত ঠাই বিশেষে কিছুমানে মোৱা আলু, কাঠ আলু, ৰঙা আলু আদি পুৰি খায়। পোৰা আলু নেখালে পাছৰ জনমত গাহৰি হয় বুলি এক লোকবিশ্বাসো প্রচলিত। চহা খেতিয়কে মেজি বা ভেলাঘৰৰ আধা পোৰা খুঁটা, লাগনি গছ, বাঁহ আদি নিজৰ খেতি পথাৰত থৈ দিয়ে। কোনো কোনো অঞ্চলত মেজি জ্বলোৱাৰ দিনা দোকমোকালিতে গৃহস্থই নিজৰ ঘৰৰ লাগনি গছবোৰত ধান খেৰ একোছাকৈ মেৰিয়াই 'মাঘ বন্ধা'ৰ নিয়ম আছে। গছক উৰ্বৰা কৰা বা বেছিকৈ ফল-মূল লগাৰ বিশ্বাসেৰে মাঘ বান্ধোতে গায়- জাগ জাগ জাগ /গছে-পাতে লাগ। গাঁৱলীয়া সমাজত আজিও মুখ লগাৰ কথা বিশ্বাস কৰে। অঞ্চল বিশেষে গ্ৰাম্যাঞ্চলৰ খেতি বা শাক-পাচলিত মুখ নালাগিবৰ বাবে আধা পোৰা বাঁহ বা কাঠ সকলোৱে দেখাকৈ পুতি থোৱা হয়। পঁইতা ভাত অসমীয়া মানুহৰ এবিধ প্রিয়খাদ্য। পঁইতা ভাতৰ উপকাৰী গুণ বহুত। পঁইতাই শৰীৰ জুৰ কৰে। কথাতে কয়, 'আইৰে শপনি পঁইতা পোতনি, চাঙৰে আঠীয়া কল'। মাঘ বিহুত কোনো অঞ্চল অনুযায়ী মাঘী পঁইতা বা মাঘী পন্তা খোৱাৰ নিয়ম আছে। এই প্রসঙ্গতে এটি লোক প্ৰৱাদ উদ্ধৃত কৰা হ'ল- পুহত ৰান্ধি মাঘত খায়/বাঘৰ সমান বল পায়। কিন্তু, মাঘে পন্তা বাঘৰ বল/ব'হাগে পন্তা ৰসাতল। পূব কামৰূপ অঞ্চলত বিহুৰ দিনাখন ঢলপুৱাতে ঘৰৰ সকলোৱেই মৌ খোৱাৰ প্রথা আছে। মাঘ বিহুত মৌ খালে গোটেই বছৰটো মধুময় হয় বুলি এক লোকবিশ্বাস আছে। ভেলাঘৰৰ লগত নানান লোকবিশ্বাস জড়িত হৈ আছে। কোনো কোনো অঞ্চলত সন্তানহীনলোকে বা বহুবাৰ জন্ম দিয়াৰ পাছতো সন্তানহাৰা হোৱা পিতৃ-মাতৃবে ভেলাঘৰত গৰখীয়াহঁতক খাবলৈ দি আশীর্বাদ ল'লে সন্তানপ্রাপ্তি হয় বুলি বিশ্বাস কৰে। অঞ্চল বিশেষে মনোবাঞ্ছা পুৰাণার্থে উৰুকাৰ ভোজলৈ গৰখীয়া ল'ৰাক হাঁহ, লাৰু-পিঠা আগবঢ়োৱা দেখা যায়। কিছুমানে মঙ্গল কামনা কৰি মাহকৰাই বিতৰণ কৰে। সেইদৰে ভেলাঘৰৰ পোৰা ছাই খেতি পথাৰত দিলে খেতি অনিষ্টকাৰী পোক-পৰুৱাৰপৰা ৰক্ষা পৰে। সহায়ক গ্ৰন্থ: অসমৰ সংস্কৃতি -কোষ