কৃষিৰ লগত জড়িত লোক-বিশ্বাস অসমৰ মাটি সাৰুৱা আৰু উৰ্বৰা। অসম প্ৰকৃতিৰ ৰম্যভূমি। অসমৰ লোকৰ প্ৰধান জীৱিকা হৈছে কৃষি। অসমীয়া মানুহে বছৰৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ খেতি কৰে। প্ৰায় সকলো ধৰণৰ খেতি কৰে যদিও ধান খেতি হৈছে জীৱিকাৰ প্ৰধান আহিলা। বহু কষ্ট কৰি খেতিয়কে জেঠ-আহাৰ মাহত ধান খেতিৰ কাৰণে মাটি চহাই, হাল বাই পথাৰৰ মাটি ধানখেতিৰ বাবে উপযোগী কৰি তোলে। কঠিয়া পাৰি, ভূঁই ৰুই আঘোন মাহত খেতি চপোৱালৈকে অসমীয়া খেতিয়কৰ আজৰি নাই। খেতিৰ দিনকেইটাত মেঘ দেৱতাও খেতিয়কৰ প্ৰতি সুপ্ৰসন্ন হৈ সময়ত বৰষুণ দিলেহে খেতিয়কে আশা কৰাৰ ধৰণে ফল পায়। কৃষিজীৱী অসমীয়া সমাজত কৃষি সম্বন্ধীয় ভালেখিনি লোকবিশ্বাস দেখিবলৈ পোৱা যায়। আগৰ দিনত যিহেতু গৰু বা ম’হৰ হাল জুৰি পথাৰ চহোৱা হৈছিল। হাল জোৰাৰ প্রথম দিনা পূৱমূৱা বা দক্ষিণমূৱাকৈ হাল জোৰা হয়। একাদশী, পূর্ণিমা, অমাৱস্যা, দোমাহী, পূজা-পর্ব আদিত হালখতি পালন কৰা হয়। হালখতি মানে হৈছে সেইদিনকেইটাত খেতিয়ক হাল বোৱাৰপৰা বিৰত থাকে। পথাৰত কঠীয়া ৰোৱাৰ প্ৰথম দিনা কলগছ এজোপা পুতি গৃহস্থই লক্ষ্মী দেৱীক আৰাধনা কৰি বাঁও হাতেৰে প্রথমে গোছা দিয়ে। কঠীয়া ৰোৱাৰ শেষৰ দিনাখন বোৱনীয়ে পথাৰত তিনি মুঠি ডাঙৰ ডাঙৰ গোছাৰে পথাৰত ভঁৰাল সাজি কঠীয়া ৰোৱাৰ সামৰণি মাৰে। খেতিত পোক- পৰুৱাই নধৰিবৰ কাৰণে ভাঙৰ গছ আদি পথাৰত পোতা হয়। আহু ধান পুহ-মাঘ আৰু শালি ধান জেঠ- আহাৰ মাহত কৰিব লাগে। ধান খেতিৰ কঠিয়াৰ সঁচ কৃষ্ণপক্ষত লোৱা হয়। শুক্লপক্ষত ললে ধান পতান হয় আৰু পোক লাগে বুলি বিশ্বাস কৰা হয়। খেতি চপোৱাৰ আগতে ভাল দিন চাই আগ অনা হয়। ঘৰলৈ আগ অনাৰ দিনা ভালকৈ ভঁৰাল ঘৰ চাফ-চিকুন কৰি সন্ধিয়া ভঁৰালত প্ৰসাদ আগবঢ়োৱা হয়। আগ অনা প্ৰথাক লখিমী অনা বুলিও কোৱা হয়। আগলি কল পাতত কেইমুঠিমান ধানৰ ঠোক বান্ধি গামোছাৰে মেৰিয়াই মূৰত তুলি অনা হয়। আগ অনাৰ সময়ত বাটত ৰৈ কাৰোবাৰ লগত কথা-বতৰা পাতিব নালাগে বুলি বুঢ়া-মেথাসকলে কয়। আঘোন মাহত ধান পকে। পকা ধান দাই ডাঙৰি কৰি ধানবোৰ ঘৰলৈ অনা হয়। ধান চপোৱা শেষ হোৱাৰ পিছত ধানবোৰ ভঁৰালত ৰখা হয়। ঋতুমতী হোৱা অৱস্থাত তিৰোতাৰ ভঁৰাল ঘৰত প্ৰৱেশ নিষেধ। গা নোধোৱাকৈও ভঁৰাল চুব নাপায়। নতুন ধানৰ চাউলৰপৰা প্ৰসাদ দি ন-খোৱা প্ৰথা অসমীয়া সমাজত প্ৰচলিত। কোনো অঞ্চলত সমূহীয়াকৈ গাঁৱৰ ৰাইজ লগ হৈ ন-খোৱা প্ৰথা আছে। আকৌ গৃহস্থই মাছ-মাংস আনি আত্মীয় কুটুম্বক মাতি লগেভাগে ন-সাজ খায়। সেইদিনা সকলো মিলি আনন্দ ফূৰ্তি কৰে। ভাদ-আহিন মাহত মাহখেতি কৰিব লাগে। আনহাতে কলপুলি ভাদ মাহত পুতিব নাপায়। নাৰিকল খাই তামোল গছ ৰুলে তামোলবোৰ খাবলৈ নাৰিকলৰ লেখীয়া হয়। তামোল গছৰ পুলি তিনি চাৰিবাৰ উঠাই ৰুলে চাপৰতে লাগে। তামোল ফাটি সৰিলে তামোল গছৰ গুৰিত গৰুৰ কেঁচা গোবৰ দিয়া হয়। নাৰিকলৰ প্ৰথম থোক ওলালে একে উশাহতে থোকটো কাটি দিয়া হয়। নাৰিকল গছত ফল নধৰিলে গছডালত এটা ফুটা কৰি তাত চাকি বন্তি জ্বলোৱা হয়। মাঘ বিহুৰ মেজিৰ বাঁহেৰে আম, কঁঠাল, নাৰিকল, তামোল আদি গছত কোবালে ফল বেছিকৈ ধৰে বুলি এটা বিশ্বাস আছে। পাণ শাওণ মাহত ৰুব লাগে। ঋতুমতী অৱস্থাত তিৰোতাই পাণ ছিঙা নিষেধ। ফাগুন-চ'তত বাঁহ গছৰ গুৰিত মাটি দিব লাগে। বাঁহ গছ চৌহদৰ দক্ষিণ আৰু পূবদিশত ৰুব নালাগে। লাও, কোমোৰা, জিকা, ভোল আদি ৰোৱা সময়ত ল'ৰা ছোৱালী বোকোচাত লৈ ৰুলে ফল প্ৰচুৰ পৰিমাণে লাগে। জিকা আৰু ভোল মংগল আৰু শনিবাৰে ৰুব নালাগে। বাৰীত হোৱা বিভিন্ন খেতিত লোকৰ মুখ বা চকু নালাগিবৰ বাবে খেৰৰপৰা সজা চৌ আঁৰি দিয়া হয় আৰু পচা ফলবোৰ তিনিডাল শলাৰে বিন্ধাই নঙলাৰ মুখৰ বাটত থৈ দিয়া হয়।