চাহ জনজাতি সমাজত প্রচলিত লোকবিশ্বাস লোকবিশ্বাস হৈছে পৰম্পৰাগতভাবে প্ৰচলিত কিছুমান আচাৰ-আচৰণ আৰু ধ্যান-ধাৰণা। সমাজত মানুহৰ বিভিন্ন কৰ্মৰ সৈতে জড়িত শুভ-অশুভ ধাৰণাবোৰেই লোকবিশ্বাস। লোকবিশ্বাসসমূহ লোকসংস্কৃতিৰ এটা প্ৰধান অংগ। অসমৰ চাহ জনজাতি সমাজতো অলেখ লোকবিশ্বাসৰ প্ৰচলন আছে। দৈনন্দিন সমাজত প্রচলিত এই লোকবিশ্বাসবোৰে জনসম্প্ৰদায়ৰৰ সমাজ জীৱনৰ বিভিন্ন দিশৰ ওপৰত প্ৰভাৱ পেলায়। চাহ জনজাতি সমাজত বিশ্বাস আছে যে বামুণ, নাপিত আৰু শুদিৰ একেলগে ভ্ৰমণ কৰাটো অমংগলীয়া। যাত্ৰাকালত হাঁচি মৰাটো অমংগলজনক। হাতত ভিক্ষা পাত্ৰ লৈ অহা ভিক্ষাৰী তিৰোতা, ধোবা, গোৱাল, নাপিত, খালি কলহ, বিধবা তিৰোতা, ক'লা বৰণৰ বামুণ, দাঢ়ি নাইকিয়া মুছলমান, বাওনা, শুকান ডালত পৰি ৰমলিয়াই থকা কাউৰী অমংগলীয়া; কিন্তু যাত্রাকালত এগৰাকী বেশ্যা, গাই আৰু দামুৰি, কাষত কলহ লৈ পানী আনিবলৈ যোৱা তিৰোতা, ভৰা কলহত সৰহীয়াকৈ ফুলি থকা ফুল আলি দেখাটো মংগলজনক। হাঁচি মৰা কথাটো অমংগলীয় যদিও বুঢ়াৰ হাঁচি, ল'ৰাৰ হাঁচি, ৰোগীৰ হাঁচি, বলেৰে মৰা হাঁচি এই ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়। গৰুৰ হাঁচিক মৃত্যু কাৰণ বুলি বিশ্বাস কৰা হয়। ঘৰৰ খুটাত, গছত, গৰুৰ ভৰিত, গৰুৱে নেজ মেৰিয়ালে, গৃহস্থল অমংগল সূচায় বা বিৰাট অঘটন ঘটাৰ সংকেত দিয়ে। যাত্রাকালত পিছফালৰপৰা চিঞৰি মতাটো অশুভজনক কিন্তু নিজৰ মাকে পুতেকক পিছফালৰপৰা নাম কাঢ়ি মাতিলে মংগলজনক বুলি ভবা হয়। কাউৰী অমংগলীয়া কিন্তু যেতিয়া ঘৰত পৰি ৰমলিয়াই তেতিয়া আলহী অহা বুলি ভাবে। ৰাতি কাউৰীয়ে ৰমলিয়াটো অমংগলৰ লক্ষণ। ৰাতি সাপ শব্দৰ পৰিৱৰ্তে জৰী, পোক বা দীঘলীয়া বুলিহে কয়। সেইদৰে ৰাতিৰ ক্ষেত্রত হাতীক বুজাবলৈ গোসাঁই বা গণেশ বাবা বুলি কয়। ৰাতি চূণ শব্দৰ পৰিৱৰ্তে বগা বুলি কয়। সাপক লৈ নানা বিশ্বাস প্রচলিত। বহুতে সাপক দেৱতা ৰূপে পূজা কৰে আৰু মহাদেৱৰ অন্য এটা ৰূপ বুলি গণ্য কৰে। শুই থকা মানুহক সাপে ফণা মেলি সূৰ্যৰ তাপৰপৰা ৰক্ষা কৰিলে তেনে মানুহ ভৱিষ্যতে ৰজা বা অতি আঢ্যৱন্ত লোক হয় বুলি জনবিশ্বাস আছে। চাহজনগোষ্ঠীৰ কিছুমান সম্প্রদায়ে মনসা দেৱীক সন্তানৰ অধিপতি বুলি জ্ঞান কৰে। সাপে সাধাৰণতে পুত্র সন্তান দান দিয়ে বুলি চাহ শ্ৰমিকসকলৰ বিশ্বাস। সপোনত গৰ্ভৱতী তিৰোতাই সাপ দেখিলে পুত্র সন্তান লাভ কৰে। যাত্ৰাকালত নিজ বাঁওফালে সাপ দেখাটো শুভ লক্ষণ নহয় কিন্তু সোঁফালে দেখিলে মঙ্গলজনক। সাপে পৰিয়ালৰ মৃত্যু হোৱা লোকৰ আত্মা ধৰি ৰাখে বুলি বিশ্বাস কৰে। চাহ জনজাতিসকলে ভাৱে যে বাসুকীয়ে এহেজাৰ ফণাৰে পৃথিৱীখন দাঙি ধৰি আছে। সেই বাসুকীয়ে এটা ফণাৰপৰা আন এটালৈ পৃথিৱীৰ ভৰ সাল-সলনি কৰিলেই ভূমিকম্প হয়। মাটিত পুতি থোৱা ধন-সম্পত্তিৰ গৰাকী সাপ বুলি বিশ্বাস কৰে। সাপে খুঁটি মৰা শৱটো দাহ নকৰি নৈ উটুৱাই দিয়াটো নিয়ম। আহাৰৰ অম্বুবাচী সময়ত গাখীৰৰ লগত আমৰ ৰস মিহলি কৰি খালে বছৰটোৰ বাবে সর্পদংশন নিবাৰণ হয় বুলি ভাবে। মনসা পূজা সময়ত ধূপ নজ্বলায়। ধূপৰ গোন্ধ পালে মনসা দেৱী তুষ্ট হোৱাতকৈ অধিক ৰুষ্ট হয়। এইবোৰৰ উপৰি অনেক লোকবিশ্বাস চাহ জনগোষ্ঠীৰ সম্প্রদায় ভেদে ভিন্ ভিন্ ভাৱে প্ৰচলিত হৈ আহিছে। এই লোকবিশ্বাসবোৰে চাহ শ্ৰমিকৰ জনজীৱনৰ সংস্কাৰধৰ্মী চৰিত্ৰ উজলাই তুলিছে। - বিৱৰ্তনত চাহজনগোষ্ঠীৰ জীৱন আৰু সংস্কৃতি, বিপিন চন্দ্ৰ মাহাতো