তোলনি বিয়া অসমীয়া সমাজত প্রচলিত আন এটি লোকাচাৰ হ'ল তোলনি বিয়া। ছোৱালী প্রথম পুষ্পিতা হ'লে বা ছোৱালীৰ কন্যাকাল উপস্থিত হ'লে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ই তিৰোতা সমাজৰ মাজতহে প্রচলিত অনুষ্ঠান। সাধাৰণতে দহ-এঘাৰ বছৰ মান বয়সত ছোৱালীয়ে কন্যাকাল পায়। এই সময়টো এটা বয়ঃসন্ধিৰ সময়। শাৰীৰিত আৰু মানসিক দুই ধৰণৰ পৰিৱৰ্তনৰ মাজেদি ছোৱালী এজনীয়ে এই অৱস্থা পায়। পুষ্পিয় হোৱাৰ সময়টো ছোৱালীজনীৰ পিছৰ জীৱনৰ বাবে বৰ গুৰুত্বপূৰ্ণ বুলি ভবা হয়। সেই সময় ছোৱাত ঋতুমতী ছোৱালীজনীয়ে চন্দ্ৰ, সূর্য, গৰু-গাই আৰু পুৰুষ মানুহক চোৱা নিষেধ। ইয়াৰপৰা কিবা অমংগল হয় বুলি এক জনবিশ্বাস আছে। সেয়ে ছোৱালীজনীক এইবোৰৰপৰা নিলগত থকা আছুতীয়া কোঠাত ৰখা হয়। মাটিত খেৰৰ বিচনা কৰি তেওঁক শুবলৈ দিয়া হয়। অৱশ্যে এই ৰীতি এতিয়া বহু পৰিমাণে শিথিল হৈ পৰিছে। এটা দুণৰিত চাউল, তামোল-পাণ, ৰূপৰ টকা আদিৰ লগতে কাষতে মিঠাতেলৰ চাকি এটি জ্বলাই ছোৱালীজনী শোৱা পাটীৰ পূব দিশত থৈ দিয়া হয়। কাষত এটি ঘটত আমডালি, সেন্দুৰৰ ফোঁট আৰু এবা সূতা তৰি ইয়াৰ লগতে ৰাখে। তোলনি বিয়াত কনাই বন্ধা ৰীতি এটা অসমৰ প্রায় সকলো ঠাইতেই প্রচলিত আছে। সোণ, ৰূপ, পোৱাল আদি ধাতুৰে গঢ়া এবিধ মালাৰ লগতে ডালিম, ডিমৰু বা তিনিটা তামোল থোকেৰে সৈতে আনি তাত ৰঙা বা বগা ৰঙৰ এৱাঁ সূতা মেৰিয়াই দিয়া হয়। এখনি চুৰি, আখৈ, পিঠাগুড়ি আদিও ইয়াৰ লগতে থাকে। পাঁচডাল খৰিকা একেলগ কৰি এখন নতুন গামোচাৰে ইয়াৰ এটা টোপোলা বান্ধি লোৱা হয়। এই টোপোলাটো এটা জপাৰ ভিতৰত ৰাখি ওচৰ-চুবুৰীয়া, মিটিৰ-কুটুম্ব, বিশেষকৈ মোমায়েকৰ ঘৰত ৰখা হয়। ইয়াকে জপা থোৱা প্রথা বুলি জনা যায়। কনাইক সন্তানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সাধাৰণতে পুষ্পিতা হোৱা বেলাটোত ছোৱালীজনীক একো খাবলৈ দিয়া নহয়। পুৱা-গধূলি দুবাৰকৈ আমডালিৰে ঘটৰ পানী চটিয়াই আৰু মিঠাতেলৰ চাকিবে সেক দি সাৰবা আগদিয়া হয়। সাধাৰণতে ছোৱালীজনীৰ মাতৃয়ে এই কামটো কৰে। দিনৰ ভাগত ফলাহাৰ খায় আৰু সন্ধিয়া হোৱাৰ আগে কইনাগৰাকীয়ে নিজে তিনিডাল আমগছৰ ডাল কাটি তৈয়াৰ কৰা খুঁটিৰ ওপৰত মলাত চাউল সিজাই খায়। গণকৰ দ্বাৰা চোৱাই-চিতাই বিয়া তোলাৰ দিন-বাৰ ঠিক কৰা হয়। গণকে জ্যোতিষ শাস্ত্ৰ চাই ছোৱালীজনীয়ে কি যোগ (বেশ্যা, শুভগা, দুৰ্ভগা, দুখিলা ইত্যাদি যোগ থাকে। পুষ্পিতা হোৱাৰ সময় আৰু ক্ষণ চাই গণকে যোগ বিচাৰ কৰে) পাইছে গৃহস্থক জনায়। চাৰিদিনৰ দিনা চাৰিদিনীয়া গা ধুউৱা হয়। গা ধুউৱাৰ সময়টোও ঠিক কৰি লোৱা হয়। তিনিদিনৰ দিনা আখৈ ভজা ৰীতি এটা প্রচলিত আছে। আখৈবোৰ নুফুটিলে আগলৈ ছোৱালীজনী সন্তানহীনা হয় বুলি এটি লোকবিশ্বাস আছে। আকৌ আখৈবোৰ গোট গোট হ'লে ল'ৰা সন্তান আৰু পাহিমেলা ধৰণৰ হ'লে ছোৱালী সন্তান হয় বুলিও আন এটি ধাৰণা গাঁৱলীয়া সমাজত আছে। গা ধুৱাবলৈ কল গছৰ বেই প্ৰস্তুত কৰা হয়। বেইৰ সন্মুখভাগত কলগছ বা ভগৱানৰ ফটো ৰখা হয়। গা-ধুউৱা কলপুলিটো ছোৱালীৰ দৰাৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু প্ৰকৃত বিয়াৰ দৰাই এই কলপুলিটো দেখিলে বেয়া বুলি স্নানৰ পাছত তাক উঠাই লোক চক্ষুৰ আঁৰত ৰুই থোৱা হয়। মাহ-হালধি আদিৰে নোৱাই গা-ধুউৱাৰ পাছত ছোৱালীজনীক সজাই-পৰাই চোতালৰ আয়তী সমাজৰ ওচৰলৈ আনি প্রথমে সূৰ্য দেৱতা আৰু পাছত সমাজলৈ আঁঠু লোৱায়। আকৌ 'আমসাৰ' বা 'চাকিসাৰ' (আগদিয়া) দি ছোৱালীজনীৰ কোচত কনাইটো দিয়া হয় আৰু ছোৱালীজনীক সন্তানৰ জননী হ'বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। তাৰ পাছত ইজনী-সিজনীয়ে কনাইলৈ ৰং ধেমালি কৰা দেখা যায়। ছোৱালীজনীয়ে সৰু ল'ৰা বা ছোৱালী কোলাত লৈ লাৰু, মিঠাই আদি খুৱাই ভগৱানৰ ওচৰত মূৰ দোঁৱায়। নানান ৰগৰ, ৰং ৰহইচ আৰু চাহ-জলপানৰ অন্তত সমজুৱাসকলে সতি-সন্ততিৰে ভৰপূৰ এখন সংসাৰ হ'বলৈ আশীৰ্বাদ কৰি ঘৰলৈ গতি কৰি এই বিয়াৰ সামৰণি পেলায়।