থিয় নাম অসমৰ লোক-সংস্কৃতিৰ এক অনবদ্য উপাদান হৈছে থিয় নাম। থিয় নাম অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এক উল্লেখযোগ্য সম্পদ। অবিভক্ত কামৰূপ, দৰং আৰু অন্যান্য বহু স্থানতেই থিয় নামৰ দল আজিও চলি আছে। ই হ'ল নাগাৰা নামৰ প্রকাৰভেদ। এই নামত ওজাৰ লেখীয়া ব্যক্তি এজন থাকে; তেওঁক কোৱা হয় পাঠক। ১৫-৩০ জন পালি আৰু সংগীয়ে পাঠকক সহায় কৰে । এই নাম পৰিবেশন কৰিবলৈ ৫-৬ যোৰ নাগাৰা আৰু ২-৩ যোৰ ভোৰতালৰ প্ৰয়োজন। জয়জয়তে পালিসকল মঞ্চত শাৰীপাতি বহি লয়। তেওঁলোকৰ ওচৰত থাকে তালবাদক আৰু সংগীসকল। প্রকৃত নাম আৰম্ভৰ আগতে মাংগলিক হৰিধবনি দিয়া নিয়ম। প্রথমতে ললিত লয়ত গীত আৰম্ভ কৰে, অলপ পাছত তাল-নাগাৰাৰ ছেও সলনি হয়। পালি সকলে থিয় দি নৃত্য আৰম্ভ কৰে। অৱশ্যে এই নামত নৃত্য বা হস্ত মুদ্রাতকৈ বুলন আৰু দেহ ভংগিহে চাবলগীয়া। সোঁ ভৰিৰে প্ৰতিটো নৃত্য আৰম্ভ কৰিব লাগে। দক্ষিণ কামৰূপৰ পাল্লী গাঁৱৰ ঐতিহ্যমণ্ডিত থিয় নামত থকা বিভিন্ন নৃত্যৰ নামকৰণ অধ্যাপক ধৰ্মেশ্বৰ বড়াই কৰিছে এনেদৰে -(১) বাং চলা নাচ, (২) এক খুজীয়া নাচ, (৩) দুই খুজীয়া নাচ, (৪) তিনি খুজীয়া নাচ, (৫) চাৰি খুজীয়া নাচ, (৬) ঔ বাগৰা নাচ, (৭) ভেহেৰা যুঁজা নাচ, (৮) চালনি সৰকা নাচ, (৯) পেংতি নাচ, (১০) কুঁজী নাচ, (১১) উঘা ঘূৰা নাচ, (১২) তাঁত বাটি কঢ়া আৰু (১৩) মাল্লা দিয়া নাচ। মন কৰিবলগীয়া কথা, প্রতিটো নাচতে নাগাৰাত দুটাকৈ ঘাটি পৰে। মাল্লা দিয়া সামৰণি নৃত্যত পাঠকে গায় 'গোসাঁই গ'ল ধেনু চাৰিবলৈ ঐ/ হাততে বংশী লৈয়া হে/ আজি কোন পথে যাইবা নাৰায়ণে/ কোন পথে চৰাইবা ধেনু হে/' সামৰণি গীত পৰিৱেশনৰ কালত পালিসকলে ভিন্ন ভংগিত চাপৰি বজাই ঘুৰি থাকে চক্রাকাৰ ৰূপত। এনেতে তালবাদক দুজন সোমাই তাল বজায়। ছেও সলনিৰ লগে লগে পালি সকলে আঁঠ কাটি চাপৰি বজাবলৈ আৰম্ভ কৰে আৰু তালবাদকে তাল ঘুৰাই ঘূৰাই নাচে। এই সময়ত একোজন তালবাদকে পাঁচ যোৰলৈ তাল বজাই দর্শকক মুগ্ধ কৰাটো উল্লেখযোগ্য। তালবাদকৰ তাল শুদ্ধ হোৱাৰ লগে লগে চাপৰি হঠাতে বন্ধ হয়, নামৰ সামৰণি পৰে। পৰিৱেশন পদ্ধতিলৈ লক্ষ্য ৰাখি ইয়াৰ বহুতে পৰিৱেশ্য কলা ৰূপে অভিহিত কৰিবলৈ বিচাৰে।