পয়চাংকেন পয়চাংকেন টাই বৌদ্ধসকলৰ অন্যতম বসন্তোৎসব। তেওঁলোকে এই উৎসৱক সংক্রান্তি উৎসৱ আৰু বুদ্ধমূর্তি ধুওৱা উৎসৱ হিচাপেও পালন কৰে। চ'ত মাহৰ সংক্ৰান্তিৰ দিনৰপৰাই এই 'পয়চাংকেন' উৎসৱ পতা হয়। এমাহৰ আগতে লিকচাংকেনবাসী পুথিৰ স্তুতি পৰ্ব আৰম্ভ হয়। টাইসকলৰ গণনানুসৰি এই উৎসৱৰ দিন, ঘণ্টা, মিনিট আদি নির্ধাৰণ কৰা হয়। উৎসৱৰ কেইদিনমান আগতে বৌদ্ধ-বিহাৰসমূহৰ প্রাংগণত বুদ্ধ মূর্তি স্থাপন কৰা ঘৰ ক্যংফ্রা তৈয়াৰ কৰোঁতে এই ঘৰটোৰ এফালে বিবিধ ৰঙীন সুতাৰে তৈয়াৰী বাঁহৰ চুঙাৰ চকৰি কোংপানেৰে সংযোগ কৰি এই চকৰিটো ক্যংফ্ৰাৰ এফালে কাঠৰ নেওকাখনৰ বিন্ধাত সুমুৱাই দি ইয়াৰ তলফালে এটি সৰু শিলৰ ওপৰত স্থাপন কৰা হয়। বৌদ্ধ ভিক্ষুসকলে বৌদ্ধ বিহাৰৰপৰা বুদ্ধ মূর্তি যথাবিহিতভাবে আনি কাংফা ঘৰত প্ৰতিষ্ঠা কৰে। ইয়াৰ আগমুহূৰ্তত সকলোৱে সুগন্ধি পানী মূৰ্তিটোৰ ওপৰত ঢালি পূজা-সেৱা কৰে। এটি এটিকে পৰিকল্পিতভাৱে বৌদ্ধ মূৰ্তিবোৰ ভক্তসকলে ক্যংফ্রাত স্থাপন কৰোঁতে সুগন্ধি তেলযুক্ত পানীৰে পুনৰ স্নান কৰোৱায়। এই স্নানৰ পানীবোৰ মূৰ্তিবোৰৰ ওপৰত নেৰালি নেওৰাতহে ঢলা হয়। তাৰপৰা চকৰিটোৰ গাত থকা সৰু সৰু নলাৰ চুঙাৰে জোৰেৰে ওলাই যাওঁতে ঘূৰিবলৈ ধৰে। সেইদৰে ঘূৰোঁতে পানীবোৰ ছিটিকি মূৰ্তিবোৰৰ ওপৰত পৰে। এই সময়তেই সকলোৱে ৰং-ধেমালি কৰে। সন্ধিয়া এই স্নান পর্ব অথবা চনফ্রাবন্ধ হয়। তাৰ পাছত আটায়ে ক্যংফ্ৰাঘৰৰ সমুখত বস্তি প্রজ্বলনেৰে প্ৰাৰ্থনাৰ আয়োজন কৰে। গোটেই নিশা ডেকা-গাভৰুৱে বিহুগীত গাই মূৰ্তিবোৰ ৰখে। ইয়াৰ লগত সংগতি ৰাখি ধৰ্ম সভা, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। পাছদিনা পুৱা পুনৰ সমবেত হৈ অন্নদান, পূজা, পুষ্পদান আদিৰে ভগৱান বুদ্ধক সমগ্ৰ মানৱজাতি আৰু জীৱ-জন্তুৰ কল্যাণৰ হকে প্রার্থনা জনায়। তাৰ পাছত পুনৰ চনফ্ৰা আৰম্ভ হয়। তিনিদিনীয়াকৈ এই ধৰণে ৰং-ৰহইচেৰে উৎসৱ পালন কৰাৰ পাছত বুদ্ধ মুৰ্তিবোৰ যথা নিয়মেৰে পুনৰ বিহাৰসমূহলৈ ওভতাই নিয়া হয়। এই বিহাৰসমূহক চন্দনযুক্ত পানীৰে পৰিষ্কাৰ কৰি সেই পানী ৰাইজৰ গাতো ছটিয়াই মংগল আৰু সুখ-শান্তি কামনা কৰা হয়। ইয়াৰ কিছুদিনৰ পাছত ৰাইজে ধর্মীয় অনুষ্ঠান চম্ চাংকেল পাতি গঞা ৰাইজৰ মংগল কামনা কৰে আৰু পুৰণিক বিদায় দি নতুনক আদৰণি জনায়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ টাই বৌদ্ধসকলৰ পয়চাংকেন উৎসৱৰ লগত ৰঙালী বিহু আৰু দৌলোৎসৱৰ বহুতো সাদৃশ্য মন কৰিবলগীয়া। ৰঙালী বিহুৰ বহুবোৰ আচাৰ-ব্যৱহাৰ টাই-বৌদ্ধসকলে অতীতৰেপৰা পালন কৰাৰ উপৰি বিহু হুঁচৰি, বিহুগীত গায়, নাচে। দক্ষিণ-পূব এচিয়াৰ সকলোবোৰ টাই বৌদ্ধসকলে এই পয়চাংকেন উৎসৱ ভিন্ন নামেৰে পালন কৰি আহিছে।