বিয়াৰ জোৰণ জোৰণ অসমীয়া সমাজত প্ৰচলিত এটি বৈবাহিক পৰম্পৰা। বিয়াৰ আগদিনা বা বিয়াৰ দিনা ৰাতিপুৱা দৰা ঘৰৰ মানুহে কইনাই পিন্ধা সাজপাৰ-আ অলংকাৰ লৈ কইনাৰ ঘৰলৈ যোৱাৰ নিয়ম আছে। এই অনুষ্ঠানৰ লগত বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। জোৰোণত কইনাই পিন্ধা পিন্ধা সাজ যিটো বেগত ভৰাব, সেই বেগটোত কাপোৰ ভৰোৱাৰ আগতে কেইটামান আৰৈ চাউল, দহ/এঘাৰ টকা পইচা আৰু এযোৰ তামোল-পাণ বেগটো দি সেৱা কৰা হয়। পাট-মুগাৰ লগতে অন্যান্য কেইবাযোৰো সাজ কইনালৈ বুলি পঠোৱা হয়। জোৰোণত কইনাৰ মাকলৈয়ো এযোৰ সাজ পঠিওৱাৰ নিয়ম আছে। কেইযোৰ সাজ পঠিয়াব সেই বিষয়ত নিৰ্মলপ্ৰভা বৰদলৈয়ে বৰ সুন্দৰকৈ কৈছে- 'বনকৰা এসাজ, পাতলিকা এসাজ, উকা পাটৰ কেছবছা ৰিহাৰে এসাজ আৰু নোৱনি সাজ বুলি অনা মুগাৰ বিহা মেখেলা আৰু গুণাৰ পাৰি বছা আশী সূতাৰ চাদৰ', এখন গামোচা, এসঁজুলি অলংকাৰ, সেন্দুৰ, আৰ্চী-ফণি, দুযোৰ তামোল-কটাৰী, দুটা সুগন্ধি তেলৰ বটল, দুটা মিঠা তেলা বটল, দুটা দৈৰ টেকেলি, দুটা মাটিৰ ঘট (আৰৈ চাউল, তামোল-পাণ ঘটৰ ভিতৰ থাকে। মুখত থাকে আম-ডালি আৰু বাহিৰত এৱাঁ সূতাৰ মেৰণ তথা সিন্দূৰৰ ফোঁ পাটী এটা, দুটা মাহ-হালধি-গাঁঠিয়নৰ টোপোলা, দুশৰাই তামোল-পাণ (নামনিত সম্প তামোলৰ থোক এটি) আৰু মাছ এটা। দৰাঘৰৰ সধৱা তিৰোতা কেইজনীমানে জোৰণ নি কইনাঘৰ পোৱাৰ লগে লগে কইনাঘৰে পদূলিৰ কলপুলিৰ তলৰেপৰা আদৰি ৰভাতলীৰ মড়লৰ সোঁহাতে আছুতীয়াকৈ ৰখা দলিচাত বহিবলৈ দিয়ে। ঘৰৰপৰা নিয়া পাটীত দলিচা পাৰি কইনাক বহুৱায় আৰু কইনাৰ মাকৰ সৈতে তামোল-পাণৰ শৰাই সলাই কইনাক তামোল-কটাৰী এযোৰ দিয়াৰ পিছত তেওঁৰ মূৰত আঙঠি ধৰি তেল আৰু মুৰত ফণি লগাই একে উশাহতে তিনিবাৰ কইনাজনীৰ শিৰত তলৰপৰা ওপৰলৈ সেন্দুৰ দিয়ে। তাৰ পাছত আ-অলংকাৰ পিন্ধায়। সকলো কর্ম শেষ হোৱাৰ পাছত কইনাই ভগৱানলৈ সেৱা আগবঢ়োৱাৰ উপৰি দৰাঘৰ-কইনাঘৰ উভয়ৰে বয়সীয়ালসকলকো সেৱা কৰে। দৰাঘৰৰপৰা নিয়া এযোৰ তামোল-কটাৰী, মাহ-হালধি আৰু গাঁঠিয়নৰ টোপোলা এটা, ধৰমৰ ঘট এটা আৰু দৈৰ সৰু টেকেলি এটা কইনাক চোৱাই দৰাঘৰলৈ ঘূৰাই অনা নিয়ম। দৰাঘৰে কইনাৰ মাকক এযোৰ সাৰ কাপোৰ দিব আৰু কইনাঘৰেও দৰালৈ বুলি নোৱনি কাপোৰ এযোৰ পঠাব। কইনাক সাজপাৰ-আ অলংকাৰ পৰিধান কৰোৱাৰ সময়ত আয়তীসকলে বিয়ানাম, জোৰানাম গাই আনন্দ-ফূৰ্তি কৰে। জোৰোণত গোৱা জোৰোণৰ নাম- ১. ধূপ-ধূনা জ্বলোৱা শৰাইখনি সজোৱাজোৰোণ আহি ৰৈ আছে কইনা মাকক উলিওৱা। ২. আহা আইদেউ বহাহি, আহা আইদেউ বহাহি জোৰোণ লৈ আহিছে, মূৰ দোঁৱাই লোৱাহি৷ ৩. মাৰাৰ অলঙ্কাৰ থোৱা কাতি কৰি ঐ ৰাম দেউতাৰাৰ অলঙ্কাৰ থোৱা হে, ৰামে দি পঠাইছে সুৱৰ্ণৰ অলঙ্কাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱা হে। আকৌ কন্যাঘৰৰ পৰা দৰালৈ বুলি সাজ-কাপোৰ যেনে- ধূতি, কামিজ, গামোছা, ৰুমাল, চেলেং, গাৰোৱাৰ, জোতা-মোজা, নোৱনী কাপোৰ, ছাতি আদি দিয়ে। লগতে দৰাৰ ছাতি ধৰাজনলৈ বুলিও সাজপাৰ দি পঠোৱা হয়। সকলোখিনি নিয়ম-কানুন হৈ যোৱাৰ পাছত জা- জলপান খুৱাই জোৰণ দিবলৈ যোৱা দলটিক বিদায় দিয়ে। পদূলি মুখলৈকে আগবঢ়ায় দিয়ে।