ৰাস উৎসৱ ৰাস উৎসৱ অসমত শ্ৰীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰা মহাপুৰুষীয়া একশৰণ নামধৰ্মৰ এটা মহান আৰু পবিত্ৰ উৎসৱ। ভগৱান শ্রীকৃষ্ণই বাল্য অৱস্থাত শৰৎ কালত যমুনাৰ তীৰ বৃন্দাবনত গোপীনিসকলৰ লগত কৰা প্ৰেম-প্রেমালাপ, নৃত্য-গীতক সাধাৰণতে ৰাস লীলা বা ৰাস উৎসৱ বুলি কোৱা হয়। কৃষ্ণক সর্বোচ্চ স্থান দি তেওঁৰ গুণানুকীৰ্তন কৰি সৰ্বসাধাৰণ মানুহক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈকে কৃষ্ণৰ বিভিন্ন লীলা আকর্ষণীয়ভাৱে অভিনীত কৰি প্ৰদৰ্শন কৰিছিল। তেওঁৰ ৰচিত কীৰ্তন ঘোষাত ৰাস ক্ৰীয়াৰ অতি মনোৰম বর্ণনা আছে। শৰতৰ স্নিগ্ধ জোনাকৰ পূর্ণিমা তিথিত এই ৰাস উৎসৱ পালন কৰা হয়। ই অসমীয়া সংস্কৃতিৰ এক অন্যতম উপাদান। শৰৎ কালৰ পূৰ্ণিমা ৰাতি বৃন্দাবনত গোপী-গোপালৰ কেলিয়েই ৰাসৰ মূল। বালগোপালৰ বাঁহীৰ সুৰত গকুলৰ গোপিনীসকলৰ মন মতলীয়া হৈ উঠে। শৰতৰ মন ভোলোৱা জোনাক ৰাতি বৃন্দাবনৰ গছ-লতিকাৰ সৌন্দৰ্যৰ বুকুত ফুলৰ সুবাসেৰে চৌদিশৰ এনে এক পৰিৱেশত কৃষ্ণৰ বাঁহীৰ সুৰত থাকিব নোৱাৰি গোপিনীসকলে ঘৰ-বাৰী এৰি যমুনাৰ পাৰলৈ ঢাপলি মেলি যায়। তাত কৃষ্ণই মোহন বাঁহী লৈ গোপিনীসকলৰ আগত দেখা দিয়ে আৰু ৰাধা আৰু গোপিনীসকলৰ লগত বাঁহী, বেণু আৰু মুৰুলিৰ তালত গোটেই ৰাতি মনোমোহা নৃত্য কৰে। অসমৰ বিভিন্ন ঠাইত নানা ধৰণে ৰাস উৎসৱ পালন কৰা হয়। ইয়াৰে ভিতৰত মাজুলী আৰু নলবাৰীৰ ৰাস অতি বিখ্যাত। সমগ্ৰ মাজুলীৰ সত্ৰসমূহ আৰু অন্যান্য ঠাইত ৰাস উৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয়। ইয়াৰ ভিতৰত দক্ষিণপাট সত্ৰ আৰু চামগুৰি সত্ৰৰ ৰাস সবাতোকৈ উল্লেখনীয়। অন্যান্য সত্ৰসমূহৰ ভিতৰত কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ, ভোগপুৰ সত্ৰ, আজনীআটি সত্র, বেঙেনাআটি সত্ৰ, বিহিমপুৰ সত্ৰ আদিৰ ৰাস বিখ্যাত। বনমালীদেৱে প্ৰতিষ্ঠা কৰা দক্ষিণপাট সত্ৰত তেখেতৰ দিনৰে পৰা অৰ্থাৎ, ১৬৫৪ খ্ৰীঃৰ পৰাই ৰাসৰ প্ৰচলন আছিল যদিও ১৮৪০ খ্ৰীঃৰ পৰা বাসুদেৱ গোস্বামীয়ে বৰ্তমান চলি থকা নাটখন প্রস্তুত কৰিছিল। এই ৰাস তিনিদিনীয়াকৈ পালন কৰা হয়। মাজুলীৰ অতি পুৰণি আৰু ঐতিহ্যমণ্ডিত চামগুৰি ৰাস ১৮৮২ খ্ৰীঃৰ পৰাই চলি আহিছে। ইয়াৰ ৰাসৰ নাটখন মূলতঃ শংকৰদেৱৰ ‘জন্মযাত্রা', 'নন্দোৎসৱ' আদিৰ কাহিনীৰো কিছু সংযোগ কৰা হৈছে। ১৯৫০ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীপীতাম্বৰদেৱ গোস্বামীয়ে গড়মূৰৰ বংশীগোপাল নাট্যমন্দিৰত মঞ্চৰাসৰ প্ৰচলন কৰে। ই আধুনিক নৃত্য-গীত, সহ অভিনয়েৰে সত্ৰীয়া ৰাসৰ আধুনিক ৰূপ। মঞ্চৰাসত দৃশ্যসজ্জা আদিত গুৰুত্ব দি প্রযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা হয়। নৃত্যৰ ক্ষেত্ৰত সত্ৰৰ ৰাসৰ নৃত্য-গীতসমূহ ৰাসৰ আৰম্ভতে সৃষ্টি আৰু সেই মতে আজিলৈকে চলি আহিছে। বাসত বিভিন্ন অসুৰ আদিৰ বাবে মুখা ব্যৱহাৰ কৰা হয়। চামগুৰি সত্ৰৰ মুখা অতি বিখ্যাত। মাজুলীৰ সত্ৰসমূহৰ বাহিৰেও বনগাঁও, ৰতনপুৰ, টটয়াগাঁও, কমাৰগাঁও, ফুলনি, গায়ন গাঁও আদিৰ ৰাস অতি বিখ্যাত। নামনি অসমৰ নলবাৰী, পলাশবাৰী, টিহু, হাউলী আদিত পালন কৰা ৰাস উৎসৱ পালন কৰা হয়। ১৯৩৩ চনৰ পৰা আৰম্ভ হোৱা নলবাৰীৰ ৰাস উৎসৱ নামনি অসমৰ এক প্রধান জনপ্রিয় উৎসৱ। এই ৰাস উৎসৱ চাবলৈ বিভিন্ন স্থানৰ পৰা হেজাৰ হেজাৰ লোকৰ আগমন হয়। নলবাৰীত বৰ্তমান এঘাৰ দিন ধৰি ৰাস উৎসৱ পালন কৰা হয়। পলাশবাৰীৰ ৰাস ন দিন ধৰি চলে। ইয়াৰ উপৰি বকো, ছয়গাঁও, বিজয়নগৰ আদি অঞ্চলত সপ্তাহ জুৰি ৰাস উৎসৱ পালন কৰে। অৱশ্যে উজনি অসম আৰু নামনি অসমৰ ৰাস উৎসৱৰ পার্থক্য আছে, নামনি অসমত কৃষ্ণৰ লীলাৰ বিভিন্ন মূর্তি সাজি মূর্তিসমূহ সুন্দৰভাৱে দৃশ্যাৱলীত ক্রম অনুসৰি সজাই ৰাস উৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জীৱনৰ আৰম্ভণিৰ পৰা গোপীসকলৰ লগত বিভিন্ন ক্রীয়া, কালীয় দমন আদি বিভিন্ন কাহিনী, আধুনিক প্রযুক্তিবিদ্যাৰ সহায়ত পোহৰ-শব্দৰ প্ৰয়োগেৰে প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে ভ্রাম্যমাণ থিয়েটাৰৰ অভিনয়, খেলা আদিও অনুষ্ঠিত হৈ এক মেলাৰ দৰে হয়। নামনি অসম আৰু উজনি অসমৰ ৰাসৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। নামনি অসমৰ ৰাস ৯ দিনপৰা ১১ দিন পৰ্যন্ত পালন কৰা হয়। এই ৰাসত কৃষ্ণৰ বিভিন্ন লীলাসমূহ মূৰ্তি আকাৰত সজোৱা থাকে। নামনি অসমৰ ৰাসৰ মুখ্য আকৰ্ষণ হৈছে ৰাস প্ৰাঙ্গণত অনুষ্ঠিত কৰা বৃহৎ মেলা। অন্যহাতে উজনি অসমৰ ৰাসত কৃষ্ণৰ লীলাসমূহ বিভিন্ন চৰিত্ৰৰ মাজেৰে মানুহে ৰূপায়ণ কৰে। উজনি অসমৰ ৰাসক জীৱন্ত ৰাস বুলিও কোৱা হয়।