১) কইনা চাবলৈ গৈ… এতো বড়ো ৰঙ্গ জাদু, এতো বড়ো ৰঙ্গ,চাইৰ কালা দেখাইলে মোক, যামো তোমাৰ সঙ্গ।কাউয়া কালা, কোকিল কালা, কালা ফিঙেৰ বেশ,তাৰ অধিক কালা কৈন্যা, তোমাৰ মাথাৰ কেশ।।এতো বড়ো ৰঙ্গ জাদু, এতো বড়ো ৰঙ্গ,চাইৰ ধলা দেখাইলে মোক, যামো তোমাৰ সঙ্গ।বগা ধলা, বস্ত্ৰ ধলা, ধলা ৰাজহংস,তাৰ অধিক ধলা কৈন্যা, তোমাৰ হাতেৰ শঙ্খ।। ২) অধিবাস আৰু বিয়া… শনিবাৰেৰ দিন ময়নাৰ অধিবাস দিলৰবিবাৰেৰ দিন বিবাহ কৰিবাৰ সাজিলপঞ্চ গাছি কলা গাছ হৰিচন্দ্ৰ ৰাজাৰ মহলত গাড়িলসোনালী চাইলন বাতি তখনেই ধৰাইলপঞ্চ বৈৰাতী তখনেই আনিল ডাকেয়াউলু উলু শব্দ কৰিবাৰ লাগিলঅদোৰিক বিবাহ দিল… ব্যৱহাৰ কাৰণেএকশত ঘোড়া দিল দানত ধৰিয়াএকশত গাভী দিল মিলান কৰিয়া ।। ৩) কইনা ওলোৱাই দিয়া গাও তোলো গাও তোলো কৈন্যা হেকৈন্যা পিন্দো বিয়াৰ শাড়ি।এই শাড়ি পিন্দিয়া যাইবেনতোমাৰ শ্বশুৰ বাড়ি কন্যা হে।।গাও তোলো গাও তোলো কন্যা হেকন্যা পিন্দো নাকেৰ ফুল…এই ফুলটাৰ সাথে পিন্দোসোনাৰ কানেৰ দুল কন্যা হে।। ৪) বিদায় ভাঙা নাও মাদাৰেৰ বৈঠা ছলকি উঠে পানী।ধীৰে ধীৰে বাওৰে মাঝি মায়েৰ কান্দন শুনি।।ভাঙা নাও মাদাৰেৰ বৈঠা ছলকি উঠে পানী।ধীৰে ধীৰে বাওৰে মাঝি ভায়েৰ কান্দন শুনি।।ভাঙা নাও মাদাৰেৰ বৈঠা ছলকি উঠে পানী।ধীৰে ধীৰে বাওৰে মাঝি বইনেৰ কান্দন শুনি।। ৫) বিদায় আস্তে চলান গাড়ী গাড়োৱান,ধীৰে চলান গাড়ী,ছৈয়েৰ কাপুৰ তুলিয়া দেখুং মুই-গাড়োৱানবাপ-মাৱেৰ বাড়ী ।আস্তে চলান গাড়ী গাড়োৱানআউলায় মাথাৰ কেশ,হাউশ পালেয়া দেখিয়া নেং মুই-গাড়োৱানবাপ-মাৱেৰ দেশ । (শব্দাৰ্থ:- চাইৰ= চাৰি, যামো=যাম, কাউয়া= কাউৰী, কোকিল= কুলিচৰাই, ফিঙ= ভীমৰাজ চৰাই, ধলা= বগা, শঙ্খ= শাখা( মহিলা সকলে বিয়াৰ পিছত হাতত পিন্ধা খাৰু) গাড়িল= পোতা, বৈৰাতী= বিয়াৰ অনুষ্ঠানত পুজা আদি কৰ্মত সহায়কাৰী মহিলা, ডাকেয়া= মাতা, অদোৰি= মৰমৰ, গাও=দেহা, পিন্দো=পিন্ধা, বাড়ি=ঘৰ, বৈঠা=বঠা, গাড়োৱান=গৰুমহৰ গাড়ীৰ চালক।) সংগ্ৰহ: জয়দীপ চক্ৰৱৰ্তী