(গীত) - ৰসৰাজ বেজবৰুৱা। “জোন বাইৰ আগৰে একটি তৰা, আয়ে বিয় দিলে গঁঠীয়া দৰা।। আইও কানীয়া বোপায়ো, জোঁৱাইকো কানীয়া পালে। কানীৰে জুতি লৈ বহি শুই থাকোঁতে, গোটেই কাল কটালে।। এনেটো মতালৈ বিয়া নোসোমাওঁ, বুলি মই মাৰিলোঁ পাক। তোলা তোলে কানি খাবলৈ আয়ে পাই মোৰ নুশুনিলে হাক।। বোলে “মোৰ মুৰকে খাৱ তই ভাদৈ শুভতে বিঘিনি নান। মোৰ আশীৰ্ব্বাদ বুঢ়াৰো আশীৰ্ব্বাদ, হৰগৌৰী হৰি জান।। ঠেকতে পেলাই মোক বিবুধি কৰিলে, ভদাইকে বুজিলোঁ মোৰ।। বোপাই আইৰ বাইকটো ফলিলে সমূলি সুখেৰে আছিলোঁ ঘোৰ।। মুনিহটোয়ে মোক মাতে ভাদৈ বুলি, মই মাতো ‘আমাৰ কানীয়া’ ৰাইজে বুলিলে “ভদ্ৰাম টেকেলা, “আয়ে ভদ সোণ সেৰীয়া” সঁচাকৈ ভৈয়াই মোৰ তেনেহেন আছিল ঐ কোনেনি লই পলাল। কোনেনো শতুৰ শালিলি তহঁত ঐ, ভাল মোৰ হলিহঁক কাল।। অ’ মোৰ ভয়ায়ে কানি খাই অতাই, “লাহৰী পেঙুৰী” বুলি মৰমকৈ মাতি মোক এছকল কুঁহিয়াৰ দিয়ে নিজ হাতেৰে তুলি। সাদৰি ভোৰভোৰাই মোৰ কথা পাতে মই পাওঁ নথৈ যে সুখ। দিনটোৰ জগৰবোৰ সইলি পাহৰোঁ চাই থাকি কানীয়াৰ মুখ।। এনেটো মানুহ মোৰ হাততে হেৰাল ঐ, মোকো কণা বিধি নিয়া। নাথাকোঁ নাথাকোঁ এই পিথিৱীত, আৰু মোৰ নসহে হিয়া।। অ মোক কোনেনো চেনিৰে পানীকণ খুৱাই আদৰিব বুলি “মোৰ সোণকণ”? কাৰেনো কৰিম দন্দ, কাৰেনো কৰিম ৰোহ? কালৈ ৰান্ধিম ভাত, কোনে কৰিব মোহ? নেদেখিম আৰু সেই গোঁফেৰে কলা মুখ। নুশুনিম আৰু সেউ কুহুৰী কাৰে দুখ। কলা ঘুমুতিয়ে নিদিয়ে দৰিশন। জুহালৰ গুৰিৰ জাপ হ’ল মোৰ অদৰ্শন।। চৰ্কাৰে টেকেলা পাতি বঢ়ালে মান। টেকেলাৰ ঘৈণী বুলি পালোঁ মই নাম।। মৰি হল বান্ধৈ, চন পৰি গল বৃন্দাবন। ভদাই অবিহনে ভাদৈৰ প্ৰাণ বিনাশন।। জোনবাইৰ আগৰে একেটি তৰা। আয়ে বিয়া দিলে গঁঠীয়া দৰা।। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কৃপাবৰ বৰুৱাৰ ওভতনি’ ৰ পৰা সংগৃহীত। ভদাইৰ মৃত্যুত ভাদৈয়ে এই বিলাপটো ৰচনা কৰি গাওঁতে বৰবৰুৱাই শুনি শিকিলে। মৃগীৰ বিলাপৰ নাম দিহা- ঐ এ, দৈৱেৰ যাতনা দুঃখ এ খণ্ডণ নাযায়।। পদ- একদিন ব্ৰ্ক্ষ্মাদেৱ হংসজনে চৰি। বন উপবন সব চাই ঘূৰি ঘূৰি।। ভ্ৰমণন্তে ব্ৰক্ষ্মাদেৱ সি স্থানত আসি। দেখিলেক মৃগী এক কান্দি আছে পশি।। মহা দুখে আছে মৃগী ধৰণীত পৰি। এৰাইতে নাপাৰে গলে পৱে ব্যাধৰ জৰী।। চকুৰ লোটক দুই ধাৰে বই যায়। উৰ্দ্ধমুখে পৰি আছে পাশে বান্ধ খায়।। নিজ যাতনাক মৃগী নকৰে চিন্তন। বৎসক স্মৰিয়া মাত্ৰ কৰিছে কন্দন।। তোক এৰি আহিলোঁহো বিদূৰ পথত। সেই শোক অগ্নি লগি পোৰয় গাৱত।। এহিমতে মহাদুখে নিশ্বাস চাৰন্ত। কতো বেলি মৌন হুয়া হৰিক স্মৰন্ত।। ১ নং- কান্দে হৰিণা পহু অৰণ্যৰ মাজে কাল ব্যাধে হৰিণাক মাৰিবলৈ সাজে। অনন্তৰে চকু মেলি ব্ৰক্ষ্মাক দেখিলা।। সকৰুণ ভাৱে মৃগী বিনাইবে লাগিলা।। নমো নমো ব্ৰ্ক্ষ্মা দেৱতাৰ আদি দেৱ। তোমাৰ চৰণে সুৰাসুৰে কৰে সেৱ।। দুখীত বৎসল তুমি দেৱৰ প্ৰধান। কতক্ষতে স্ৰজি আছা ই তিনি ভূৱন।। তোমাৰেযে যশ কীৰ্ত্তি গাৱে চৰাচৰ। পশিলোঁ শৰণ প্ৰভু কৰিও উদ্ধাৰ।। ব্যাধে পাতি আছে ফাণ্ড মই নেদেখিলোঁ। আচম্বিতে আসি মই তাতে ভৰি দিলোঁ। দেখা পৰি আছোঁ ধৰণীত লুতি খাই। মৃত্যুৰ কাৰণে মোৰ কোনো চিন্তা নাই।। জন্মিলে অৱশ্যে মৃত্যু এৰান নাযায়। কিন্তু এক কৰ্ম্ম সুমৰন্তে ধাতু যায়। বৎসক এৰিয়া মই চৰিৰে আসিলোঁ। দুগ্ধ দিব লাগি মই যাবাক নাপালোঁ। ২ নং- অ বিধি লেখিলা কপালে দুগ্ধ খোৱা বৎস মোৰ ৰৈলা কোন স্থানে।। ব্যাধ জালে বন্দী হুয়া ৰৈলোঁ এই ঠাই। ক্ষুধাতুৰ আছে বৎস ভুঞ্জিৰে নাপায়।। কৃপা কৰি এৰি দিয়া বৎসৰ পাশে যাওঁ। তোমাৰ কৃপাই প্ৰভু বৎসক পিয়াওঁ।। এহিমতে মৃগী স্তুতি কৰিলা বিস্তৰ। অনন্তৰে ব্ৰক্ষ্মাই পাছে দিলন্ত উত্তৰ।। কি কাৰণে মোক তই কৰাহ কাতৰ। পৰৰ দ্ৰব্যত মোৰ কিবা অধিকাৰ ।। সি কাৰণে কহো তোক মোৰ আশা এৰ। এহি বুলি চৰে ব্ৰ্ক্ষা হংসৰ ওপৰ।। ৩ নং- প্ৰভু মোৰ কি গতি হ’ল শোকে প্ৰাণ মজিয়া ৰ’ল, ব্যাধৰ জালে পৰি আছোঁ মই বাগৰি বৎসৰ ব কি গতি হ’ল।। পুনৰপি মৃগী বোলে অতি যে কাতৰে। শৰণ গোটক ৰাখা দয়াৰ ঠকুৰে।। আৰ্ত্ত হৈয়া তযু পাৱে কৰিছোঁ কাকুতি। কৰা প্ৰভু যেন বাঞ্চা আপোন যুগুতি।। এহি বুলি মৃগী পাছে অধো মুখে ৰৈলা। পুনৰপি ব্ৰ্ক্ষ্মাই ফিৰি বুলিবে লাগিলা।। এৰি দিব পাৰোঁ মই ধৰ্ম্ম পন্থ চাই। অৰণ্যৰ পহু কিবা আহিবি দুনাই।। নাহিকে সজাত কিছু পহু বন জাতি। মৰিবাক লাগে কিয় প্ৰবেশিৰি আসি।। যত কিছু কহি আছে নধৰে মনে। ফাঁক দিয় পশিৰি গৈয়া ঘোৰ বনে।। নুখুলিব তোৰ বান্ধ নেৰিবোহো শোক। শুনি মৃগী বুলিলন্ত বিষ্ণু বিষ্ণু স্মৰি। নিশ্চয় আহিব মই জানি নিষ্ট কৰি।। তথাপিতো সত্য কবো শুনা সৃষ্টি কৰ। যদি নাহো ভূঞ্জিবোহো নৰক বিস্তৰ।। শুনি আছোঁ মিত্ৰদ্ৰোহী কৰে যিটো জনে। নহিকে উদ্ধাৰ তাৰ ই তিনি ভূৱনে।। বৎসক পিয়াই দুগ্ধ আহিব সত্বৰ। এহিমতে নানা স্তুতি কৰিলে বিস্তৰ। ধীৰে ধীৰে গৈয়া তাৰ সমীপ চাপিলা। দুই হাতে ধৰি তাৰ সমীপ চাপিলা। দুই হাতে ধৰি তাৰ বান্ধ খুলি দিলা।। ৪ নং- এ ৰাখা কি দয়াময় ঐ এ ভৱ সাগৰে। এ ভৱ সাগৰে ঘোৰ ৰক্ষা কৰা প্ৰভু মই মাৰ যাওঁ ব্যাধৰ জালতে।। মুক্ত হইয়া মৃগী পাছে ব্ৰ্ক্ষ্মাক প্ৰণামি। বৎসৰ পাশক লেগি কৰিলা মেলানি।। পশু চলি গৈল ব্ৰ্ক্ষ্মা ৰৈলা সেহি ঠাই। পশুৰ বাক্যত সজাত আছে কিবা নাই।। কতো বেলি পাইলা মৃগী বৎসৰ কাষৰি। সেহি স্থানে ফুৰে বৎস মাতৃক বিচাৰি।। ক্ষীণ ভৈলা তনু তাৰ ফুৰে হেম্বেলাই। মতৃহীন ভৈলা, বৎস হ’ল মৃত্যু প্ৰায়।। মাতৃ আহিবাক বৎস বিদূৰে দেখিলা। মৃতকৰ দেহে যেন প্ৰাণক পাইলা।। মাতৃ সমে বৎস যেন ভৈল এক ঠাই। পুছিবে লাগিল বৎস মাতৃৰ মুখ চাই।। কালি প্ৰভাততে গৈলি মোক পৰিহৰি। ক্ষুধাইছে হেৰাইছে প্ৰাণ আছোঁ মাত্ৰ ধৰি।। হৰিণীয়ে বোলে বাচা কি হব বিলাই। ভাগ্যবলে তোৰ মুখ দেখিলো দুনাই। আপদ নগণি একো কতুহল মনে। তৃণ ভুঞ্জি পশিছিলোঁ এই বনে বনে।। ৫ নং- এইবাৰ তাৰিও ভগৱান, নিজ গুণে কৃপা প্ৰভু কৰা পৰিত্ৰাণ।। ব্যাধে ফান্দ পাতিছিল অলক্ষিত কৰি। নেদেখিয়া তাৰ মাজে মই দিলোঁ ভৰি।। গলে হাতে পাওঁ দোলে লৈলেক মেৰাই। এৰাইবাৰ সাধ্য নাই আছিলোঁ চেঞ্চাই।। দৈৱ বলে ব্ৰ্ক্ষ্মা আসি সি স্থানত ৰৈলা। কাকূতি কৰন্তে মোৰ বান্ধ খুলি দিলা।। তোক দুগ্ধ দিবে মাত্ৰ মোক দিছে এৰি। শীঘ্ৰে দুগ্ধ খাওঁ পুতাই বিলম্ব নকৰি।। ব্যাধ যেবে আসিপালে ব্ৰক্ষ্মাৰ সৰ্ব্বনাশ। দুনাই পাবৰ মোক নকৰিবি আশ। ব্যাধৰ হাতত মৃত্যু কৰ্ম্মৰ নিৰ্ব্বন্ধ। সেহিসে কাৰণে তাত কিছু দুখ।। প্ৰতিপাল কৰিবাক নাপালোঁহো তোক। যিবা হক ভাগ্যবলে দেখিলোঁহো তোক।। ৬ নং- শুনি বৎসে বুলিলন্ত চলা শীঘ্ৰ যাওঁ আই ব্ৰ্ক্ষ্মাৰ ওচৰ।। খৰ-চাপৰি- ৰাখা ৰাখা এ হৰি সংসাৰ সাগৰে। বৎসৰ মায়াত মোৰ আত্ম হেৰুৱাই। কৰি আছোঁ অপৰাধ ক্ষমা প্ৰভু দায়।। পশু জাতি মূঢ়্মতি অধম অভাজন। আতুৰ জানিয়া প্ৰভু আসিলোঁ ইথান।। হৰি বল হৰি ব’ল বলৰে ভাই হে। কৃষ্ণকান্ত মজুমদাৰৰ “হাতে লিখা নামৰ পুথিৰ”ৰ পৰা সংগৃহীত। লিখকঃ ফণীন্দ্ৰনাথ কলিতা