প্ৰাগ ঐতিহাসিক কালৰে পৰা ভাৰতীয় আধ্যাত্মিকতাত নীলাচল পাহাৰত অৱস্থিত কমখ্যা দেৱালয় এখন গুৰুত্বপূৰ্ণ স্থান হিচাপে বিবেচিত হৈ আহিছে। শক্তিপীঠ হিচাপে সমগ্ৰ পৃথিৱীতেই কমখ্যাৰ নাম আছে। কেন্দ্ৰীয় পৰ্যটনৰ মানচিত্ৰত কমখ্যাৰ নাম ১৯ নম্বৰত উল্লেখ আছে। নীলাচল এখন সৰু পাহাৰ- কিন্ত্ত সৰু হ’লেও ইয়াত থকা কমাখ্যাকে ধৰি অন্যান্য যিবোৰ মন্দিৰ আছে- সকলো বোৰৰে গুৰুত্বলৈ লক্ষ্য কৰিলে কামাখ্যাক ‘মন্দিৰ নগৰী’ বুলিব পাৰি। অসমৰ ঐতিহাসিক চিন্তা-চৰ্চা আৰু গৱেষণা পৰ্যায়তো কামাখ্যাৰ সুকীয়া পৰিচয় আছে। ‘কালিকা পুৰাণ’ আৰু ‘যোগিনীতন্ত্ৰ’ক ঐতিহাসিক সমল থকা দুখন উপাদেয় গ্ৰন্থ বোলা হয়। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰতো কামাখ্যাৰ বিষয়ে উল্লেখ আছে। অৰ্থাৎ প্ৰাচীন অসমৰ ইতিহাসৰ বিচাৰ-বিশ্লেষণ কৰিবলৈ হ’লে কামাখ্যাৰ নাম ল’বই লাগিব। কালিকা পুৰাণত উল্লেখ আছে- পূৰ্বদ্বাৰে গণপতিং প্ৰথমস্ত প্ৰপূজয়েৎ নন্দিনন্বত হনুমন্তং পশ্চিমদ্বাৰি পূজয়েৎ। ভূংগী চোত্তৰত: পূজ্যো মহাকালন্ত দক্ষিণে এতে মম দাৰপালা দেব্যাদ্বাৰি প্ৰপূজয়েৎ। অৰ্থাৎ পূৰ্বদুৱাৰত গণেশ, নন্দী আৰু হনুমন, পশ্চিম দুৱাৰত ভুংগী, উত্তৰ আৰু দক্ষিণত মহাকাল সৰ্বদা থাকে। এওঁলোকে দেৱীক (কামাখ্যা দেৱীক) সদায়েই সুৰক্ষিত হৈ থকাত জাগ্ৰত প্ৰহৰী হৈ থাকে। নীলাচল পাহাৰত কামাখ্যা দেৱালয়ৰ উপৰি ১৩ টা অন্যান্য মন্দিৰো আছে। সেইবোৰ হৈছে- তাৰা মন্দিৰ, কালী মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, সিদ্ধেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ , পাণ্ডুনাথ মন্দিৰ। কামাখ্যাক কেন্দ্ৰ কৰি ইয়াত অৱস্থিত দশ মহাবিদ্যা মন্দিৰত দৈনিক পূজা-অৰ্চনা হয়। দশ মহাবিদ্যা মন্দিৰ হৈছে- কালী, তাৰা, ষোড়শী, ভূৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধুমাৱতী, বগলামুখী, মাতংগী আৰু কমলা। কামাখ্যাত মহাদেৱৰ পঞ্চপীঠো আছে। সেইবোৰ হৈছে- কামেশ্বৰ বা কামদেৱ, ঈশান বা সিদ্ধেশ্বৰ, তৎপুৰুষ বা কৌটিলিংগ, হেৰুক ভৈৰৱ বা আঘোষ আৰু আম্ৰাতকেস্বৰ বা টোকেশ্বৰ। উল্লেখযোগ্য যে কামাখ্যা মন্দিৰলৈ অহা-যোৱা কৰা মঠৰ সমীপতেই আছে তিনিটা বাঘেশ্বৰী মন্দিৰ- সেই কেইটা হৈছে ললিতা কান্তা, জয়দুৰ্গা আৰু বনদুৰ্গা মন্দিৰ। কামাখ্যা মন্দিৰৰ কাষতে আছে কুবেৰ দেৱতাৰ স্থান। এই ঠাইত মন্দিৰ বিলাকৰ সা-সম্পত্তিবোৰ থাকে। এই স্থানৰ ভঁৰালৰ পৰা মন্দিৰৰ পূজা, সেৱা আৰু ভোগৰ সামগ্ৰী যোগান ধৰা হয়। কামাখ্যাৰ মন্দিৰৰ সাতটা কুণ্ড আছে। তাৰ ভিতৰত সৈভাগ্য কুণ্ড, অমৃত কুণ্ড, ঋণমোচন কুণ্ড, দুৰ্গা কুণ্ড, গয়া কুণ্ড, ভৈৰৱী কুণ্ড আৰু ন-পুখুৰী বিখ্যাত। ভৈৰৱী কুণ্ডকেই কাছ পুখুৰী বোলা হয়। একেলগে সাতটা কুণ্ড থকা নীলাচল পাহাৰৰ কমাখ্যাই একমাত্ৰ স্থান। আহাৰ মাহৰ অম্বুবাচী উৎসৱৰ পৰাই পৃথিৱীৰ বুকুলৈ নামি আহে যৌৱনৰ ভৰ বাৰিষা। এই যৌৱনৰ ভৰ বাৰিষাই পূৰ্ণতা পায় শাওণ - ভাদ মাহত। লোকাচাৰ মতে বাৰিষা অহাৰ লগে লগে দেৱ-দেৱীৰ মন্দিৰ বোৰ জাগ্ৰত হৈ উঠে। এই সময় ছোৱাৰ ভিতৰতেই যি সকল ব্যক্তি শুদ্ধ ধৰ্মীয় চিন্তাত নিমজ্জিত হৈ থাকে সেই সকলৰ গাত দেৱ-দেৱীৰ শক্তিৰ কিয়দংশ প্ৰভাৱ পৰে। এই শক্তি অদৃশ্য শক্তিৰ দ্বাৰা আৰোপিত হয়। মন্দিৰ নগৰী কামাখ্যা ধামত যিবোৰ উৎসৱ হয়- সেই বোৰ উৎসৱৰ ভিতৰত শাওণ ভাদৰ দোমাহীৰ দিনাৰ পৰা কামাখ্যা ধামত অনুস্থিত দেওধা নাচ অথব দেওধ্বনি অন্যতম। দেওধ্বনি উৎসৱটো আকৌ মনসা পূজাৰ লগত ওতপ্ৰোত: ভাৱে জড়িত উৎসৱ। ‘কামাখ্যাত অনুষ্ঠিত দেওধ্বনি উৎসৱৰ লগত কবি মনকৰ আৰু দুৰ্গাবৰে ৰচনা কৰা পদ্মপুৰাণৰ সম্পৰ্ক অংগাংগী। কামাখ্যা ধামত যি কেই গৰাকীৰ ব্যক্তিৰ ঘৰত পদ্মপুৰাণ খন আছে তেওঁলোকে চ’ত মাহৰ শুক্লা দ্বাদশীৰ দিনা ভক্তি সহকাৰে পুৰাণ খন খোলে আৰু ভাদ-আহিন মাহৰ সংক্ৰান্তিৰ দিনা খন ইয়াত থকা গীত-পদসমূহ গাই সামৰি থয়’। (উৎস : ‘কামাখ্যাৰ মন্দিৰ সমূহ আৰু দেওধ্বনি’ – ধীৰজ শৰ্মা, দৈনিক অসম, ১৮ আগষ্ট, ১৯৯৮) শাওনৰ সংক্ৰান্তিৰ দিনা কামাখ্যা ধামত দেওধ্বনি ব দেওধা নাচৰ দোলা পতা হয়। সন্ধিয়া কামাখ্যা মন্দিৰত মনসাৰ ঘট স্থাপন কৰে আৰু বিভিন্ন ঠাইৰ পৰা দেওধা সকল আহি ইয়াত গোট খায়হি। সেই একেদিনাই মাটিৰে নিৰ্মিত নাগফণা ভক্ত সকলে আগবঢ়ায়। কামাখ্যা ধামৰ কুমাৰ সেবাইত সকলে নাগফণা সাজে আৰু প্ৰতি বছৰে এই উৎসৱৰ সময়ত সৰ্পৰ আকৃতিৰে গঢ়া নাগফণা মন্দিৰত দান কৰে। সংক্ৰান্তিৰ দিনা দেওধা সকলে স্থানীয় ব্ৰাহ্মণ এজনৰ দ্বাৰা প্ৰায়শ্চিত্ত হৈ উঠাৰ পিছত আটায়ে সৌভাগ্য কুণ্ডত স্নান কৰে। তাৰ পিছত দেওধা সকলে নিজৰ নিজৰ ইষ্ট দেৱতাৰ মন্দিৰলৈ গৈ তেওঁলোকক স্মৰণ কৰি সকলোৱে আম্ৰাতকেশ্বৰ শিৱ মন্দিৰত মিলিত হয়হি। উক্ত মন্দিৰত দেওধা সকলে পূজা আগবঢ়াই আয়তী সকলৰ নামৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰে। সূৰ্য্য অস্ত যোৱাৰ লগে লগে দেওধা সকলে শিৱ মন্দিৰৰ পৰা পঞ্চৰত্ন মন্দিৰত স্থাপন কৰা মনসা দেৱীৰ ওচৰলৈ গৈ সেৱা জনাই নৃত্য কৰে। কামাখ্যাত দেওধা নাচ প্ৰদৰ্শন কৰা সৰহ সংখ্যক দেওধাই আকৌ অন্য ঠাইৰ পৰাহে আহে। প্ৰথম ভাদৰ দিনা দুপৰীয়াৰ পৰা কামাখ্যা মন্দিৰৰ মন্মুখত পঞ্চৰত্ন মন্দিৰত বজোৱা তাল, ঢোল, নাগাৰাৰ শব্দৰ তালে তালে নৃত্য কৰে। তাৰ পূৰ্বে মনসা দেবী স্থাপন হোৱা পঞ্চৰত্ন মন্দিৰলৈ গৈও প্ৰণাম জনাই আহে। দেওধা সকলৰ স্নানৰ পৰ্ব আৰম্ভ কৰে মহাদেৱৰ দেওধাই। মহাদেৱৰ ঘোঁৰা বা জকিয়ে। দেওধাই মহাদেৱ মন্দিৰলৈ গৈ গংগাত স্নান কৰাৰ পিছতহে অন্য দেওধাই স্নান কৰিব পাৰে। প্ৰতি গৰাকী দেওধাই পাল পাতি পাতি সৌভাগ্য কুণ্ডত স্নান কৰি ইষ্ট দেৱতাৰ মন্দিৰলৈ গৈ স্তুতি কৰে। এনে সময়তেই ভক্ত সকলে দেওধাক ভূত ভৱিষ্যতৰ কথা সোধে। সকলো দেওধাই বলি হিচাপে পঠা, পাৰ আদি গ্ৰহণ নকৰে। সন্ধিয়া পৰত বলি দিয়া ছাগলী, পাৰ আদিৰ মাংসবোৰ কেঁচাই কেঁচাই খায়। ইয়াকে জলখোৱা প্ৰথা বুলি কোৱা হয়। এই বলি দিয়া প্ৰথা প্ৰাচীন কালৰে পৰা কামাখ্যাত প্ৰচলিত হৈ আহিছে। দোভাগ ৰাতি এজন এজনকৈ সকলো দেওধাই বাগৰি পৰে। দ্বিতীয় দিনাও দেওধা সকলে গা-পা ধুই ইষ্ট দেৱতাৰ মন্দিৰলৈ গৈ সেৱা জনায়। সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে কুমাৰী ছোৱালী সকলক দেওধা সকলে ভক্তি সহকাৰে সেৱা সৎকাৰ কৰে। পৰম্পৰা অনুসৰি শেষ নিশা মনসা দেৱীৰ ঘট সৌভাগ্য কুণ্ডত বিসৰ্জন দিয়াৰ লগে লগে কামাখ্যাৰ দেওধ্বনি উৎসৱৰ সামৰণি পৰে। কামাখ্যাৰ উপৰি কামাখ্যা ধামৰ ওচৰে-পাঁজৰে থকা কোনো কোনো স্থানতো দেওধা নাচ প্ৰদৰ্শিত হয়। দেওধ্বনি নাচৰ সময়ত দেওধা সকল অলৌকিক শক্তিৰ অধিকাৰী হয়। যি জন দেওধাই যি গৰাকী দেৱতা বা দেৱীৰ প্ৰতিনিধিত্ব কৰে- সেই জন দেৱতাৰ ঘোঁৰা বা জকি বোলে। দেওধা সকলে মহাদেৱৰ ঘোঁৰাক মাজত লৈ দেওধা নাচ নাচে। দেওধা সকল ক্ৰমে ভগৱতীৰ ঘোঁৰা, কামাখ্যাৰ ঘোঁৰা, শ্মশান কালী, দক্ষিণা কালী, শ্যাম কালী, গণেশ কুবেৰ, তাৰা ত্ৰিপুৰা, ভূৱনেশ্বৰী, বগলা, কেঁচাইখাঁতী, ছিন্নমস্তা, সৰস্বতী, বাৰগোপাল, পঞ্চপাণ্ডৱৰ ঘোঁৰা, চমন, মনসা আদিৰ দেওধা নামে জনা যায়। প্ৰতি গৰাকী দেওধাই কামাখ্যা ধামত থকা প্ৰতিটো মন্দিৰতেই স্তুতি কৰি আহি (ইষ্ট দেৱতাক ধ্যান কৰি) দেওধা নাচ নাচে। কামাখ্যা আৰু ওচৰে-পাঁজৰে থকা মন্দিৰ বোৰত সেই সময়ত ভক্তি সহকাৰে ৰাইজে দেওধা সকলক মানি চলে। এই নিবন্ধকাৰে উপজিপুৱাৰে পৰা দেওধাৰ নাচ দেখি আহিছে। কিয়নো আমি থকা ঠাই খনৰ কেইবা জনো দেওধাই কামাখ্যা ধামত দেওধা নাচ নাচি নানান অলৌকিক মহিমা প্ৰদৰ্শন কৰা কাৰ্য্যৰ আমি প্ৰত্যক্ষদৰ্শী। দেওধ্বনিৰ সময়তেই মন্দিৰ নগৰী কামাখ্যা ধামৰ মন্দিৰ বোৰত ভক্তি, বিশ্বাস আৰু অলৌকিকতাৰ একৰ্পৰম্পৰা অব্যাহত থাকে। লেখক: লীলাধৰ হাজৰিকা।